'সন্ত্ৰাস আৰু দুৰ্নীতি'ৰ পৰা মুক্তি বিচাৰিছে বংগবাসীয়ে: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Story by  atv | Posted by  [email protected] • 4 h ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
কলকাতা
 
পশ্চিমবংগত যুদ্ধংদেহী ৰূপত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মা৷ সোমবাৰে পশ্চিমবংগৰ তামুলিকত নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপি নেতাগৰাকীয়ে পশ্চিমবংগৰ মমতা বেনাৰ্জীৰ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷
 
শেহতীয়াকৈ লোকসভাত মহিলা আসন সংৰক্ষণ বিল অনুমোদন নোহোৱাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়,"মমতা বেনাৰ্জীয়ে মহিলাসকলক অপমান কৰিছে ৷ সকলো মাতৃ, ভগ্নীক অপমান কৰিলে মহিলা আসন সংৰক্ষণ বিল বিৰোধীতা কৰি ৷"
 
৪ মে'ত চৰকাৰ পৰিৱৰ্তন হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, "পশ্চিমবংগত মমতা বেনাৰ্জীয়ে সন্ত্ৰাসৰ শাসন চলাইছে ৷ মমতাৰ চৰকাৰৰ দিনত চৌদিশে দুৰ্নীতি কেংলেকাৰী সংঘটিত হৈছে ৷ সন্ত্ৰাস আৰু দুৰ্নীতিৰ পৰা মুক্তি পাবলৈ পশ্চিমবংগৰ ৰাইজ সাজু হৈছে ৷ সেয়ে ৪ মে'ত বংগত নতুন চৰকাৰ হ'ব ৷ বিজেপি চৰকাৰে সন্ত্ৰাস আৰু দুৰ্নীতিত নিমজ্জিত লোকক গ্ৰেপ্তাৰ কৰা হ'ব ৷"
 
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কয়, "পশ্চিমবংগত বিজেপিৰ পক্ষত বতাহ বলিছে ৷ বিজেপিয়ে বংগত চৰকাৰ গঠন কৰিব ৷ বংগৰ পৰা তৃণমূল কংগ্ৰেছৰ শাসন উৎখাত কৰাৰ সময় সমাগত ৷ ডাবল ইঞ্জিনৰ চৰকাৰ বিচাৰিছে বংগবাসীয়ে ৷ মমতাৰ ম্যাদ উকলিছে ৷"
 
উল্লেখযোগ্য যে, পশ্চিমবংগত ২৯৪ খন আসনৰ বাবে ২৩ আৰু ২৯ এপ্ৰিল অৰ্থাৎ দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ৷ চৰকাৰ গঠন কৰিবলৈ মেজিক নম্বৰ হৈছে ১৪৮ ৷ ইফালে বিগত নিৰ্বাচনত তৃণমূল কংগ্ৰেছে ২১৩ৰ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিছিল৷ বিজেপিয়ে মাত্ৰ ৭৭খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল ৷ পশ্চিমবংগত মঙলবাৰে সন্ধিয়া প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিব৷