আজিৰে পৰা আৰম্ভ পুৰীৰ জগন্নাথৰ ৰথযাত্ৰা

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
পুৰী
 
বিগত বৰ্ষবোৰৰ দৰে এইবাৰো সম্পূৰ্ণ হৈ উঠিছে ওড়িশাৰ তীৰ্থনগৰী পুৰীত জগন্নাথৰ ৰথযাত্ৰা। আজিৰে পৰা আৰম্ভ হৈছে এই ৰথযাত্ৰা। য'ত লাখ লাখ ভক্তই অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে সাজু হৈছে।
 
এই ৰথযাত্ৰা উৎসৱত ভগৱান জগন্নাথ, তেওঁৰ ভাতৃ বলোভদ্ৰ আৰু দেৱী সুভদ্ৰাই বিৰাজমান কৰা ৰথ ভক্তসকলে টানি নিয়ে। তিনিওগৰাকী দেৱতাই গণ্ডীচা মন্দিৰত এসপ্তাহ কটাই আৰু তাৰ পিছত পুনৰ তেওঁলোক জগন্নাথ মন্দিৰলৈ উভতি আহে। এয়াই হৈছে লোকবিশ্বাস৷ 
 
এই যাত্ৰাত হোৱা বিশাল জনসমাগমে সকলোকে আকৰ্ষিত কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তই পুৰীলৈ ধাৱমান হয়। যাতে তেওঁলোকে এই ত্ৰিমূৰ্তিৰ দৰ্শন কৰিব পাৰে। এই পৰম্পৰা বছৰত এবাৰ পালন কৰা হয়। য'ত জাতি-ধৰ্ম নিৰ্বিশেষে ভক্তসকলৰ মিলন ঘটে। ৮ জুলাইত তিনিওগৰাকী দেৱতা মূল মন্দিৰলৈ উভতি অহাৰ লগে লগে এই ৰথ যাত্ৰা সমাপ্ত হ'ব। 
 
আজিৰে পৰা আৰম্ভ হোৱা ৰথযাত্ৰাৰ বাবে তীৰ্থনগৰী পুৰীত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। এই ৰথযাত্ৰা সমাৰোহৰ বাবে প্ৰায় ১০,০০০ সুৰক্ষাকৰ্মী নিয়োগ কৰা হৈছে। ইফালে আৰক্ষীয়ে চহৰখনৰ বিভিন্ন প্ৰান্তত চোকা দৃষ্টি ৰাখিবলৈ ২৫০ ৰো অধিক এ আই কেমেৰাৰ ব্যৱস্থা কৰিছে। এই উৎসৱৰ বাবে প্ৰশাসনে নিয়োগ কৰা ১০,০০০ সুৰক্ষাকৰ্মীৰ ভিতৰত আছে ওড়িশা আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ আঠটাকৈ কোম্পেনী।
 
পহলগাম ঘটনাৰ পিছত প্ৰথমবাৰৰ বাবে এই ৰথযাত্ৰা আয়োজন কৰাৰ বাবে সন্ত্ৰাসবাদীৰ কূটাঘাটমূলক কাৰ্যকলাপ যাতে নিৰ্মূল কৰিব পাৰে তাৰ প্ৰতিও চোকা দৃষ্টি ৰখা হৈছে বুলি এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই উল্লেখ কৰে। 
 
নিৰাপত্তা ব্যৱস্থাৰ অন্তিম পৰীক্ষণৰ পিছত ওড়িশাৰ আৰক্ষী সঞ্চালক প্ৰধান ৱাই ডি খুৰানিয়াই কয়, "পুৰীত প্ৰথমবাৰৰ বাবে ইণ্টাৰ'গেটেড কমাণ্ড আৰু নিয়ন্ত্ৰণকক্ষ স্থাপন কৰা হৈছে। উত্তৰা চক আৰু পুৰী চহৰৰ মাজত আৰু পুৰী-ক'ৰ্ণাকৰ মাজত প্ৰায় ২৭৫ টা এ আই যুক্ত চিচি টিভি কেমেৰা স্থাপন কৰা হৈছে। এই কেমেৰাসমূহৰ জৰিয়তে ২৪ ঘণ্টাই লাইভ দৃশ্য নিৰীক্ষণ কৰি থকা হ'ব।" 
 
খুৰানিয়াই লগতে কয় যে, এ আইযুক্ত কেমেৰাসমূহে যানজঁট, জনসমাগমৰ ওপৰত দৃষ্টি ৰাখিব আৰু সুৰক্ষা কৰ্মীসকলক তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰা তথা আপাতকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সহায় কৰিব। গুৰুত্বপূৰ্ণ স্থানসমূহত উপ-নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। 
 
প্ৰথমবাৰৰ বাবে ওড়িশাৰ অট্টালিকাসমূহৰ ওপৰত এন এছ জিৰ স্নাইপাৰসকলক নিয়োগ কৰা হৈছে। যিকোনো বিপদজনক ঘটনাৰ মোকাবিলা কৰিবলৈ এণ্টি-ড্ৰোণ আৰু আৰক্ষীৰ ড্ৰোণেৰে দৃষ্টি ৰখা হ'ব বুলি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে।  
 
এই উৎসৱৰ সময়ছোৱাত প্ৰথম তথা দ্বিতীয় দুয়োটা দিনতে প্ৰায় ১৫ লাখ ভক্তৰ সমাগম হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। ভক্তসকলক উপযুক্ত সেৱা আৰু সুৰক্ষাক প্ৰাথমিকতা দিয়া হ'ব বুলি উল্লেখ কৰে আৰক্ষী সঞ্চালক প্ৰধান খুৰানিয়াই। ভক্তসকলক প্ৰণালীবদ্ধভাৱে দৰ্শন কৰোৱাৰ বাবে ব্যাপক ব্যৱস্থা কৰা হৈছে বুলি তেওঁ মন্তব্য কৰিছে।