মহৰম মাহৰ আছুৰা কি ? ছিয়া আৰু চুন্নী মুছলমানৰ ৰীতি-নীতি

Story by  atv | Posted by  Munni Begum • 8 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
ইমান চাকিনা
 
ইছলামিক কেলেণ্ডাৰ অনুসৰি মহৰম মাহৰ দশম দিনটোক আছুৰা বুলি জনা যায়। এই দিনটোৱে মুছলমানসকলৰ বাবে গভীৰ ধৰ্মীয় আৰু আৱেগিক তাৎপৰ্য বহন কৰে। যদিও এই দিনটোৰ তাৎপৰ্যৰ ক্ষেত্ৰত ছিয়া আৰু ছুন্নী মুছলমানসকলৰ মাজত পাৰ্থক্য আছে, তথাপিও ইয়াৰ মৌলিক মনোভাব গভীৰ শ্ৰদ্ধা আৰু আত্মনিৰীক্ষণৰ সৈতে জড়িত।
 
আছুৰাৰ দিনা কিয় শোক পালন কৰা হয়?
 
ছিয়া মুছলমানসকলৰ বাবে আছুৰাৰ দিনটো গভীৰ শোকৰ দিন। এই দিনটোত ৬৮০ খ্ৰীষ্টাব্দত কাৰ্বালাৰ মৰুভূমিত সংঘটিত হোৱা এক বৃহৎ ঐতিহাসিক ট্ৰেজেডীৰ কথা স্মৰণ কৰা হয়। এই দিনটোতে নবী হজৰত মহম্মদ (ছঃ)ৰ প্ৰিয় নাতি ইমাম হুছেইন (ৰাঃ) আৰু তেওঁৰ ৭২ জন সহযোগীক উমাইয়াদ শাসক ইয়াজিদ ইবনে মোৱাৱিয়াৰ সেনাই নিৰ্মমভাৱে হত্যা কৰিছিল।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ইমাম হুছেইনে ইয়াজিদ ইবনে মোৱাৱিয়াৰ দৰে নিষ্ঠুৰ আৰু দুৰ্নীতিগ্ৰস্ত শাসকৰ প্ৰতি আনুগত্যশীল হ’বলৈ অস্বীকাৰ কৰিছিল। ইমাম হুছেইনে কেতিয়াও  ক্ষমতাৰ লোভ কৰা নাছিল। তেওঁ ইছলামিক মূল্যবোধ, সত্য, ন্যায় আৰু মানৱীয় মৰ্যাদাৰ সুৰক্ষাৰ বাবেই তেওঁ নিজৰ প্ৰাণ আহুতি দিছিল।
 
কাৰবালাৰ ভূমিত ইমাম হুছেইন আৰু তেওঁৰ পৰিয়ালৰ লোকসকলক (ল’ৰা-ছোৱালী, বয়োজ্যেষ্ঠ, আনকি নিৰীহ ছমহীয়া আলী আছঘৰকো) পানীৰ পৰা বঞ্চিত কৰা হৈছিল। অৱশেষত সকলোকে নিৰ্দয়ভাৱে হত্যা কৰা হৈছিল। এই ঘটনাই নিপীড়নৰ বিৰুদ্ধে থিয় হোৱাৰ সততা আৰু নৈতিক সাহসৰ এক দৃষ্টান্ত স্থাপন কৰে, যিয়ে আজিও মানুহক অনুপ্ৰাণিত কৰে।
 
আছুৰাত মুছলমানসকলে কেনেকৈ শোক কৰে?
 
ছিয়া মুছলমানসকলৰ আছুৰা:
 
মজলিছ আৰু শোকঃ আছুৰাৰ সময়ত ছিয়া সম্প্ৰদায়ে বিশেষ মজলিছ অনুষ্ঠিত কৰে, য’ত ইছলামিক পণ্ডিতসকলে কাৰবালাৰ কাহিনী বৰ্ণনা কৰে আৰু ইমাম হুছেইন আৰু তেওঁৰ পৰিয়ালৰ কুৰবানীৰ কথা স্মৰণ কৰে। এই সমাৱেশবোৰত মৰ্চিয়া, নুহা আৰু আৱেগিক ভাষণে মানুহক চকুলো টুকিবলৈ বাধ্য কৰে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
মতম আৰু লতমিয়াঃ শোক আৰু সংহতি প্ৰকাশৰ বাবে ছিয়াসকলে নিজেই নিজৰ বুকুত আঘাত কৰে, যাক মাতম (শোক) বুলি কোৱা হয়। কিছুমান সমাজত আকৌ শিকলিৰে পিঠিত প্ৰতীকী আঘাত কৰা হয়, কিন্তু আধুনিক পণ্ডিতসকলৰ বহুসংখ্যকে এই বিষয়ত একমত নহয়।
 
তাজিয়া আৰু পুনৰাবৃত্তি: ইৰাণ, ইৰাক আৰু ভাৰতৰ কিছু অংশত ছিয়া মুছলমানসকলে কাৰ্বালাৰ পৰিঘটনাক চিত্ৰিত কৰি নাটক প্ৰদৰ্শন কৰি নতুন প্ৰজন্মক এই মহান ত্যাগৰ মনোভাৱ অনুভৱ কৰাই।
 
ক’লা সাজ-পোছাক আৰু শোভাযাত্ৰাঃ চিয়াসকলে ক’লা কাপোৰ পিন্ধি ইমাম হুছেইনক শ্ৰদ্ধাঞ্জলি আৰু পৰিয়ালৰ প্ৰতি আনুগত্যৰ শ্ল’গান দি শোভাযাত্ৰা উলিয়াই।
 
ৰোজা আৰু দান: কিছুমান ছিয়া মুছলমানে ইমাম হুছেইনৰ ভোক আৰু পিয়াহৰ স্মৃতিত ৰোজা পালন কৰি আৰ্তজনক খাদ্য, পানী আৰু দান-বৰঙণি আগবঢ়াই।
 
চুন্নী মুছলমানৰ আছুৰা আৰু ৰীতি-নীতি
 
ৰোজা আৰু ইবাদাতঃ চুন্নী মুছলমানসকলে এই দিনটোক সন্মান জনাই মহৰমৰ ৯ আৰু ১০ অথবা ১০ আৰু ১১ তাৰিখে ৰোজা পালন কৰে। এই ৰোজা হজৰত মুছা (আঃ) আৰু তেওঁৰ লোকসকলক আল্লাহে অত্যাচাৰী শাসক ফিৰাউন পৰা ৰক্ষা কৰা দিনটোৰ স্মৃতিত পালন কৰা হয়। এই ৰোজা নবী হজৰত মহম্মদ (ছঃ)ৰ ছুন্নত বুলি গণ্য কৰা হয়।
 
প্ৰতিনিধিত্বমূলক ছবি
 
দোৱা আৰু স্মৰণ: ছিয়াসকলৰ দৰে মজলিছ বা শোকৰ কোনো পৰম্পৰা নাই যদিও, ইমাম হুছেইনৰ শ্বহীদ হোৱাৰ স্মৰণত নামাজ পঢ়া আৰু আত্মসংশোধনীৰ চিন্তা কৰা হয়।
 
আছুৰাৰ ঐক্য আৰু উত্তৰাধিকাৰ
 
যদিও ছিয়া আৰু চুন্নী পৰম্পৰাত আছুৰা উদযাপনৰ ধৰণ বেলেগ বেলেগ, ইমাম হুছেইনৰ বলিদানে দুয়োটা সম্প্ৰদায়কে নৈতিক মূল্যবোধৰ দ্বাৰা একত্ৰিত কৰে। ইমাম হুছেইনৰ সত্য, ন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে থিয় দিয়াৰ মনোভাৱে এতিয়াও বিশ্বৰ মানুহৰ হৃদয় আলোড়িত কৰি আছে। সেয়া লাগিলে মুছলমান হওক বা নহওক৷
 
আছুৰাই আমাক শিকাই যে, মিছা কথাৰে জীয়াই থকাতকৈ সত্যৰ বাবে মৃত্যু হোৱাই ভাল। এই দিনটো আত্মনিৰীক্ষণৰ দিন, নৈতিকতা আৰু বিশ্বাসৰ পৰীক্ষা। শতিকাৰ পিছত শতিকা ধৰি আছুৰাই মানুহক অনুপ্ৰেৰণা আৰু নৈতিক শিক্ষা দি আহিছে। ইমাম হুছেইন প্ৰতিটো যুগৰ প্ৰতিগৰাকী মানুহৰ বাবে আদৰ্শ।