আৰিফুল ইছলাম / গুৱাহাটী
সম্প্ৰীতি, ভাতৃত্ববোধ আৰু সমন্বয়ৰ এক বিৰল আৰু ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ল গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰি। এহেজাৰ হিন্দু-মুছলমান শিল্পীয়ে একেলগে জিকিৰ গীত পৰিৱেশন কৰি সৃষ্টি কৰিলে এক অনন্য সুন্দৰ পৰিৱেশৰ। 'মোৰ মনত ভেদ-ভাব নাই অ' আল্লাহ' শীৰ্ষক জিকিৰ পৰিবেশন কৰি সমন্বয়ৰ অপূৰ্ব নিদৰ্শন দেখুৱাবলৈ সক্ষম হ'ল শিল্পীসকলে।
সদৌ অসম গৰিয়া পৰিষদে আয়োজন কৰিছিল 'জিকিৰ গাওঁ আঁহক' শীর্ষক এক বিশেষ অনুষ্ঠান। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰংঘৰৰ বাকৰিত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হৈছিল জিকিৰৰ এই বিশেষ অনুষ্ঠান। শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ বিভিন্ন প্ৰান্তৰ এহেজাতকৈও অধিক শিল্পীয়ে একেলগে 'মোৰ মনত ভেদ ভাব নাই অ' আল্লাহ' শীর্ষক জিকিৰটি পৰিবেশনেৰে এক স্মৰণীয় মুহূৰ্তৰ সৃষ্টি কৰিছিল।
অনুষ্ঠানৰ লগত সংগতি ৰাখি অসম ভিত্তিত এখন জিকিৰ-জাৰী প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। অসম গৰিয়া পৰিষদৰ সভাপতি আব্দুল হামিদে কয়, "এইটো আমাৰ কাৰণে অতি সৌভাগ্যৰ কথা। আজি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ যিসকল শিল্পী আহি ইয়াত এনেকুৱা পৰিবেশৰ সৃষ্টি কৰিছে, তাৰবাবে পৰিষদৰ তৰফৰ পৰা তেওঁলোকৰ ওচৰত চিৰ কৃতজ্ঞ। আজান পীৰৰ জিকিৰ গীতসমূহ আমাৰ সমাজৰ পৰা বিলুপ্ত হ'ব ধৰিছে। এহেজাৰ শিল্পীয়ে জিকিৰ পৰিবেশন কৰা অনুষ্ঠানটোৰ জৰিয়তে আমি এটা আভাষ দিবলৈহে চেষ্টা কৰিছোঁ। অনাগত দিনত আমি অসম চৰকাৰক দাবী জনাম যাতে চৰকাৰে বিহু আৰু ঝুমুৰৰ দৰে জিকিৰৰ জৰিয়তেও বিশ্ব ৰেকৰ্ড গঢ়াৰ বাবে আগবাঢ়ক। এইদৰেহে নতুন প্ৰজন্মৰ মাজত জিকিৰৰ প্ৰচাৰ আৰু প্ৰসাৰ বাঢ়িব।"
কলাক্ষেত্ৰৰ বাকৰিত প্ৰায় এহাজাৰ শিল্পীয়ে জিকিৰ পৰিৱেশনৰ সুন্দৰ মুহূৰ্ত
"আজান ফকীৰৰ জিকিৰ আৰু জাৰী থাকিলেহে অসমীয়া মুছলমানৰ অস্তিত্ব থাকিব। জিকিৰ-জাৰীয়ে অসমীয়া মুছলমানৰ পৰিচয়। অসমৰ লোক-সংস্কৃতিৰ অন্যতম লোকসংগীত জিকিৰ আৰু জাৰী আমাৰ সমাজ জীৱনৰ পৰা লাহে লাহে হেৰাই যোৱাৰ উপক্ৰম হৈছে। সেয়ে জিকিৰ-জাৰীক জীয়াই ৰখাৰ প্রয়াসেৰে 'জিকিৰ গাওঁ আঁহক' অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসমৰ সমূহ অসমীয়া মুছলমান ৰাইজক আজি মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে তেওঁলোকে যাতে ঈদ মেহফিল বা অন্য অনুষ্ঠানসমূহত জিকিৰ পৰিৱেশন কৰাটো বাধ্যতামূলক কৰে। অন্ততঃ অন্য গীত মাত পৰিবেশন কৰাৰ আগতে যাতে জিকিৰ গীত পৰিবেশন কৰে", অসম গৰিয়া পৰিষদৰ সভাপতি আব্দুল হামিদে কয়।
এই অনুষ্ঠানত সদৌ অসম গৰিয়া জাতীয় পৰিষদ, সদৌ অসম চৈয়দ ন্যাস আৰু সদৌ অসম গৰিয়া-মৰিয়া পৰিষদে সহযোগিতা আগবঢ়াইছে বুলি পৰিষদৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। অসম গৰিয়া পৰিষদৰ সাধাৰণ সম্পাদক ৰহামছা আলীয়ে কয়, "জিকিৰ গাওঁ আঁহক অনুষ্ঠানত জাতি-ভাষা-বর্ণ নির্বিশেষে সকলো শিল্পীয়ে অংশ লৈছে। লগতে সকলো জাতীয় সংগঠন, অনুষ্ঠান-প্রতিষ্ঠান আৰু শুভাকাংক্ষীৰ সহযোগিতা আমি পাইছোঁ।"
জনপ্ৰিয় কৌতুক অভিনেতা তথা জিকিৰ শিল্পী বুলবুল হুছেইনে কয়; "বহু বছৰ ধৰি আমি জিকিৰ তথা জিকিৰ সুৰীয়া গীত গাই আহিছোঁ। আজি এই অনুষ্ঠানটোৰ অংশ হ'বলৈ সুযোগ পাই মই আনন্দিত। ১৯৮৭ চনত অসম সংগীত প্ৰতিযোগিতাত 'মোৰ মনত ভেদ-ভাব নাই অ আল্লাহ' শীৰ্ষক গীতটি গাই মই প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। আজি অসম গৰিয়া পৰিষদৰ উদ্যোগত আয়োজন কৰা এই ধুনীয়া অনুষ্ঠানটো সঁচাই শলাগ ল'বলগীয়া। আজি যিদৰে ইয়াত হিন্দু-মুছলমান সকলোৱে মিলি জিকিৰ পৰিবেশন কৰিলোঁ, পূৰ্বতে মই কেতিয়াও এনেকুৱা অনুষ্ঠান দেখা নাছিলোঁ। অনাগত দিনত যাতে আমাৰ মাজত এনেকুৱা সমন্বয় আৰু সম্প্ৰীতি বজাই ৰাখিব পাৰো তাৰেই কামনা কৰিছোঁ। ইয়াৰ জৰিয়তে যাতে আমাৰ নৱ প্ৰজন্মই জিকিৰ-জাৰি, বিয়া নাম, আই নাম, ধাই নাম আদিৰ দৰে সংস্কৃতিক বুজি পায়।"
অনুষ্ঠানত কণ্ঠশিল্পী নেকিব আহমেদ (বাঁওফালৰ পৰা তৃতীয়গৰাকী) আৰু বুলবুল হুছেইন (সোঁফালৰ পৰা দ্বিতীয়গৰাকী)
আনহাতে, জনপ্ৰিয় কণ্ঠশিল্পী নেকিব আহমেদে কয়; "অত্যন্ত আনন্দিত হৈছোঁ। বিহুৰ আগমুহূৰ্তত এনে এটা অনুষ্ঠানে সমন্বয় আৰু একতাৰ বাৰ্তা প্ৰেৰণ কৰিছে। কালি ইয়াতে বিহু আৰু জিকিৰৰ আখৰা একেলগে চলি আছিল। মই সদৌ অসম গৰিয়া পৰিষদলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। তেওঁলোকে ইমান ধুনীয়া এটা অনুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ মোৰ ফালৰ পৰা যিমান পাৰোঁ চেষ্টা কৰিছোঁ। সকলো দল-সংগঠন তথা সমূহ জাতি-জনগোষ্ঠীৰ লোকসকলকো মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।"
জিকিৰ বিষয়ত পিএইচডি ডিগ্ৰীধাৰী ড০ ভুৱনেশ্বৰ ডেকাই কয়; জিকিৰটো আৰবী জিকৰ শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ'ল বাৰে বাৰে আবৃত্তি কৰা। আজান পীৰ প্ৰথমবাৰৰ বাবে অসমলৈ আহি দেখিছিল যে, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে সমন্বয়ৰ বাৰ্তাৰে জাতিটোক বহুত আগুৱাই লৈ গৈছে। সেই গুৰুজনাৰ আদৰ্শৰে অকণমান সংশোধন কৰি তেওঁ জিকিৰ গীতৰ সৃষ্টি কৰিলে। জিকিৰ গীতসমূহ মানুহৰ মুখে মুখে বাগৰি আহিছিল আৰু তাৰে বহুত হেৰাই গ'ল। বহু জিকিৰ ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই প্ৰকৃত সুৰত বাণীবদ্ধ কৰি আমাৰ মাজলৈ উলিয়াই দিছে। জিকিৰ গীতসমূহ আমি যদি মনে প্ৰাণে গ্ৰহণ কৰোঁ, তেন্তে আমাৰ কোৰান-হাদিছ পঢ়াৰ প্ৰয়োজন নাই। কোৰান-হাদিছৰ সকলো কথাই জিকিৰত উপলব্ধ।"
কাৰ্যসূচীত উপস্থিত থকা গণ্য-মান্য ব্যক্তিসকল
"আজি যিটো গীত পৰিবেশন কৰিলে, সেই গীতটো শুনাৰ পিছত সমন্বয় আৰু ভাতৃত্ববোধ জাগি উঠিব। এই গীতটি অন্তৰৰ পৰা গোৱাৰ পিছত কাৰো মনত ভেদ-ভাব থাকিবই নোৱাৰে। সকলোকে সমান দৃষ্টিৰে চাব পৰা জনহে প্ৰকৃত মুছলমান। আজি ইয়ালৈ আহি অত্যন্ত ভাল লাগিছে। অসম চৰকাৰে যিটো কথা আগতেই ভাবিব লাগিছিল, আজি সদৌ অসম গৰিয়া পৰিষদে এই অনুষ্ঠানটোৰ জৰিয়তে এক সুন্দৰ পৰিবেশৰ সৃষ্টি কৰিছে। এই সুযোগতে মই গৰিয়া পৰিষদক ধন্যবাদ জ্ঞাপন কৰিছো। আটাইতকৈ ভাল লগা কথাটো হ'ল হিন্দু-মুছলমান সাকলোৱে মিলি সমবেত সংগীত হিচাপত জিকিৰ পৰিবেশন কৰিছে। তাতোকৈ সুন্দৰ কথা একো হ'বই নোৱাৰে। শংকৰ-আজানৰ আদর্শ জীয়াই ৰাখিলে আমাৰ মাজত কোনেও ভেদাভেদ আনিব নোৱাৰে", ড০ ভুৱনেশ্বৰ ডেকাই কয়।