অনিতা
ভাৰতত উৎসৱৰ অৰ্থ হৈছে ভক্তি, আনন্দ আৰু মিলনৰ বৰ্ণিল সংমিশ্ৰণ। সেই উৎসৱবোৰৰ ভিতৰত “গণেশ উৎসৱ” বা “গণেশ চতুৰ্থী” বিশেষ উৎসাহ-উদ্দীপনাৰে পালন কৰা হয়। এই উৎসৱ প্ৰজ্ঞা আৰু সিদ্ধি প্ৰদানকাৰী ভগৱান গণেশৰ প্ৰতি উৎসৰ্গিত। এই উৎসৱে কেৱল ধৰ্মীয় দৃষ্টিকোণৰ পৰাই নহয়, সাংস্কৃতিক আৰু ঐতিহাসিক দৃষ্টিকোণৰ পৰাও অসাধাৰণ তাৎপৰ্য বহন কৰে।
২০২৫ চনত সমগ্ৰ দেশতে দহদিনীয়া গণেশোৎসৱ উদযাপন কৰা হ’ব। প্ৰতি ঘৰে ঘৰে পূজা, শোভাযাত্ৰা আৰু সাংস্কৃতিক অনুষ্ঠান থাকিব। হিন্দু পঞ্জিকা অনুসৰি ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থীত গণেশ চতুৰ্থী পালন কৰা হয়। বিশ্বাস কৰা হয় যে এই শুভ ক্ষণতে গণপতি বাপ্পাৰ আবিৰ্ভাৱ হৈছিল।
এইবাৰ ভাদ মাহৰ চতুৰ্থী তিথি ২৬ আগষ্টৰ দিনৰ ১:৫৪ বজাৰ পৰা আৰম্ভ হ’ব আৰু ২৭ আগষ্টৰ বিয়লি ৩:৪৪ বজাত শেষ হ’ব। উদয়তিথিৰ নিয়ম অনুসৰি ২৭ আগষ্টত পূজা অনুষ্ঠিত হ’ব, আৰু এই দিনটোতে গণেশ মূৰ্তি স্থাপন কৰা হ’ব। উল্লেখ্য যে, ২০২৫ চনৰ ২৭ আগষ্টত গণেশ মূৰ্তি স্থাপনৰ বাবে সৰ্বোত্তম সময় পুৱা ১১:০৫ বজাৰ পৰা ১:৪০ বজালৈ। শাস্ত্ৰ মতে দুপৰীয়া পূজা কৰিলে বিশেষ ফল পোৱা যায়, কাৰণ এই সময়ত গণেশৰ জন্ম হোৱা বুলি বিশ্বাস কৰা হয়।
মহাৰাষ্ট্ৰত অনুষ্ঠিত গণেশ চতুৰ্থী অনুষ্ঠানৰ এক মুহূৰ্ত
গণেশ মূৰ্তি অনাৰ আগতে ঘৰৰ পূজাস্থলী পৰিষ্কাৰ কৰি ফুল, ৰং আৰু পোহৰেৰে সজাই পৰাই ল’ব লাগে। শুভ সময়ত তাৰ ওপৰত ৰঙা বা হালধীয়া কাপোৰ মেলি মূৰ্তিটো স্থাপন কৰিব লাগে। পূজা আৰম্ভ কৰাৰ আগতে হাতত পানী, ফুল আৰু অক্ষত লৈ সংকল্প লওক। তাৰ পিছত "ওম গণ গণপতায়ে নম" বুলি জপ কৰক।
প্ৰথমে ভগৱান গণেশক পঞ্চমৃতেৰে গা ধোৱা, তাৰ পিছত নতুন কাপোৰ আৰু অলংকাৰ পিন্ধোৱা হয়। তেওঁৰ প্ৰিয় প্ৰসাদ, মডক আৰু লাড়ু আগবঢ়াওক। ইয়াৰ লগতে দুৱৰি, ৰঙা ফুল আৰু সেন্দুৰ আগবঢ়াওক। শেষত পৰিয়ালকে ধৰি সকলোৱে আনন্দৰে গণেশ আৰতি গাই, উৎসৱটো সমাপ্ত কৰে।
প্ৰাচীন ঋগবেদ, অথৰ্ববেদ, উপনিষদ আৰু পুৰাণত সকলোতে গণেশৰ কথা উল্লেখ আছে। তেওঁক বৈদিক যুগৰ পিছত প্ৰথম আৰাধ্য দেৱতা বুলি গণ্য কৰা হয়। আজিও সৎকৰ্মৰ আৰম্ভণি হয় “শ্ৰী গণেশয় নমঃ” জপেৰে। বিশেষকৈ মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত গণেশ পূজা এক গভীৰ সাংস্কৃতিক পৰম্পৰালৈ গঢ় লৈ উঠিছে।
১৮৯৩ চনত লোকমান্য বাল গংগাধৰ তিলক গণেশ চতুৰ্থীক ৰাজহুৱা উৎসৱ হিচাপে গঢ়ি তুলিছিল। তেওঁৰ উদ্দেশ্য আছিল ব্ৰিটিছ শাসনৰ বিৰুদ্ধে মানুহক একত্ৰিত কৰা। ফলত গণেশ চতুৰ্থী সামাজিক আৰু ৰাজনৈতিক চেতনাৰ এক শক্তিশালী মাধ্যম হৈ জাতীয় আন্দোলনত বিশেষ ভূমিকা পালন কৰে। আজিও ইয়াক সামূহিক সাংস্কৃতিক উৎসৱ হিচাপে পালন কৰা হয়।
উল্লেখ্য যে, গণেশ উৎসৱ কেৱল পূজাৰ উৎসৱ নহয়, সাংস্কৃতিক ঐক্য আৰু সামাজিক সম্প্ৰীতিৰো প্ৰতীক। ভগৱান গণেশক জ্ঞান, প্ৰজ্ঞা, সমৃদ্ধি আৰু বিঘিনি নাশক দেৱতা বুলি কোৱা হয়। ঘৰ-দুৱাৰ আৰু পেণ্ডেলত মূৰ্তি স্থাপন কৰি দহ দিন গণেশ পূজা কৰা হয়। সাৰ্বজনীন গণেশ চতুৰ্থীয়ে সমাজক একেলগে বান্ধি ৰাখে। এই সময়ছোৱাত নাটক, সংগীত, লোকশিল্প আৰু সাংস্কৃতিক অনুষ্ঠানে মানুহৰ মাজত সংযোগৰ সেতু গঢ়ি তোলে।
গণেশৰ চতুৰ্থী উৎসৱৰ অন্তত প্ৰতিমা বিসৰ্জনৰ এক মুহূৰ্ত, মহাৰাষ্ট্ৰত
লাখ লাখ মানুহৰ জীৱিকা এই উৎসৱৰ লগত জড়িত হৈ আছে। মূৰ্তি নিৰ্মাতা, সাজ-সজ্জাৰ ব্যৱসায়ী, ফুল বিক্ৰেতা, শিল্পী, সকলোৱে ইয়াৰ ফলত লাভৱান হয়। শেহতীয়াকৈ পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত পৰিৱেশ অনুকূল গণেশ মূৰ্তিৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। প্ৰাকৃতিক মাটি আৰু ৰঙেৰে নিৰ্মিত মূৰ্তিয়ে নদী-সাগৰত প্ৰদূষণ নকৰে।
আজি গণেশ চতুৰ্থী কেৱল ভাৰততে সীমাবদ্ধ নহয়। আমেৰিকা, কানাডা, ব্ৰিটেইন, অষ্ট্ৰেলিয়া, মৰিচাছ, ফিজি আৰু উপসাগৰীয় দেশসমূহৰ ভাৰতীয় প্ৰব্ৰজনকাৰীসকলে এই উৎসৱ ব্যাপক উলহ-মালহেৰে উদযাপন কৰে। ইয়াৰ জৰিয়তে ভাৰতীয় সংস্কৃতি সমগ্ৰ বিশ্বতে বিয়পি পৰিছে।
গণেশ চতুৰ্থী কেৱল ভক্তিৰ প্ৰতীকেই নহয়, ভাৰতীয় সংস্কৃতি, ঐক্য আৰু সামাজিক জাগৰণৰো প্ৰকাশ। ভগৱান গণেশৰ আশীৰ্বাদে জীৱনৰ সকলো বাধা আঁতৰাই সফলতা আৰু সমৃদ্ধিৰ পথলৈ লৈ যাব বুলি বিশ্বাস কৰা হয়। এইবাৰো “গণপতি বাপ্পা মৰিয়া, মংগলমূৰ্তি মৰিয়া!”ৰ ধ্বনিৰে গুঞ্জৰিত হ'ব দেশ-বিদেশ।