গণেশ বিসৰ্জনৰ বাবে মিলাদ-ঊন-নবীৰ শোভাযাত্ৰা স্থগিত পুনেৰ মুছলমান সমাজৰ

Story by  atv | Posted by  Munni Begum • 7 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
পুনে
 
ধূলেৰ পিছতে এইবাৰ ধৰ্মীয় সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে মহাৰাষ্ট্ৰৰ পুনে চহৰে। গণেশোত্‍সৱক গৃহভিত্তিক পূজাৰ পৰা সমাজভিত্তিক উৎসৱলৈ পৰিবৰ্তন কৰা প্ৰথমখন চহৰ পুনেই এইবাৰ আন এক ইতিহাস ৰচনা কৰিলে। গণেশ বিসৰ্জন আৰু ঈদ-এ-মিলাদ-ঊন-নবীৰ শোভাযাত্ৰা একেদিনাই হোৱাৰ বাবে চহৰখনৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলে মিলাদ-ঊন-নবীৰ শোভাযাত্ৰা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।   
 
এই সিদ্ধান্ত কেৱল উৎসৱৰ শান্তি-শৃংখলা ৰক্ষা কৰাই নহয়, লোকমান্য বাল গঙ্গাধৰ তিলকৰ সময়ৰ পৰা আৰম্ভ হোৱা গণেশোত্‍সৱৰ ঐতিহ্য আৰু পুনেৰ সামাজিক সম্প্ৰীতিয়ে গৌৰৱ কঢ়িয়াই আনিছে। পুনেৰ মুছলমান সমাজৰ এই পদক্ষেপ আজি সমগ্ৰ দেশবাসীৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। 
 
পুনেৰ ঈদ-ই-মিলাদ-উন-নবি শোভাযাত্ৰাৰ এক দৃশ্য (ছবি সৌজন্য: পুনেকাৰ)
 
গণেশ বিসৰ্জন (মূৰ্তি বিসৰ্জন) আৰু ঈদ-ই-মিলাদ-উন-নবী একেদিনাই হোৱাৰ বাবে দুয়োটা ধৰ্মীয় অনুষ্ঠানৰ ব্যৱস্থা একেলগে কৰাটো কৰ্তৃপক্ষৰ বাবে যথেষ্ট কঠিন হৈ পৰিছিল। একেদিনাই অনুষ্ঠিত হোৱা এই বৃহৎ ধৰ্মীয় শোভাযাত্ৰা দুয়োটাৰ বাবে যান-বাহন চলাচলত বিশৃংখলতা সৃষ্টি হব পাৰে। সেয়েহে সকলো ব্যৱস্থা মশৃণভাৱে অনুষ্ঠিত কৰাৰ বাবে মুছলমান সম্প্ৰদায়ৰ লোকসকলে এই আদৰণীয় সিদ্ধান্তটো গ্ৰহণ কৰিছে।  
 
পুনেৰ মুছলমান সমাজৰ নেতাসকলে  ঈদ-ই-মিলাদ-উন-নবীৰ শোভাযাত্ৰা ৮ ছেপ্টেম্বৰত উলিওৱাৰ কথা ঘোষণা কৰিছে। পুনেক গণেশোৎসৱৰ জন্মস্থান বুলি গণ্য কৰা হয়। এই উৎসৱক সামূহিক উৎসৱলৈ পৰিৱৰ্তন কৰাৰ বাবে স্বাধীনতা সংগ্ৰামী লোকমান্য বাল গংগাধৰ তিলকে এক আন্দোলন আৰম্ভ কৰিছিল আৰু ই পিছলৈ সামূহিক উৎসৱলৈ পৰিণত হয়।    
 
বিশেষকৈ অনন্ত চতুৰ্দশীৰ দিনা গণেশ বিসৰ্জন শোভাযাত্ৰা কেৱল মহাৰাষ্ট্ৰতে নহয় সমগ্ৰ দেশতে বিখ্যাত। এই শোভাযাত্ৰাত হাজাৰ হাজাৰ ভক্তই অংশগ্ৰহণ কৰি চহৰখনৰ যাতায়ত আৰু নিৰাপত্তা আন্তঃগাঁথনিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰি আহিছে। এইবাৰ হজৰত মহম্মদৰ জন্মদিন ঈদ-ই-মিলাদ ঠিক সেইদিনা পৰিছে। প্ৰতিবছৰে এই ঈদ-ই-মিলাদ উপলক্ষে মুছলমান সমাজে চহৰৰখনৰ ৰাজপথৰ মাজেৰে এক ৰঙীন শোভাযাত্ৰা উলিয়াই আহিছে।
 
মুছলমান নেতাসকলে কয় যে, এই দুটা ধৰ্মীয় উৎসৱ একেদিনাই পৰাৰ বাবে চহৰখনত বিপুল জনসমাগমৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছিল, যিয়ে দুয়োটা সম্প্ৰদায়ৰে উৎসৱৰ শান্তি আৰু আনন্দ বিঘ্নিত কৰাৰ আশংকা বৃদ্ধি পাইছিল। এই বিষয় উপলব্ধি কৰি মুছলমান সমাজে তেওঁলোকৰ শোভাযাত্ৰা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 
 
নাট (ইছলাম ধৰ্মীয় গীত)ৰ পৰিবেশনৰ এক দৃশ্য
 
সমাজকৰ্মী আনোৱাৰ শ্বেইখে কয়, "পুনেৰ একতাৰ পৰম্পৰা বিৰাজমান। আমি এই সিদ্ধান্ত লৈছো যাতে শোভাযাত্ৰাত গণেশ ভক্ত আৰু আমাৰ মুছলমান ভাইসকলৰ মাজত কোনো ধৰণৰ উত্তেজনা সৃষ্টি নহয়, আৰু দুয়োটা উৎসৱ শান্তিপূৰ্ণভাৱে উদযাপন কৰিব পৰা যায়। গণেশ বিসৰ্জন শান্তিপূৰ্ণভাৱে সমাপ্ত হোৱাৰ পিছতহে আমি আমাৰ শোভাযাত্ৰা অনুষ্ঠিত কৰিম।"  
 
কেৱল মুছলমান সমাজে শোভাযাত্ৰা পিছুৱাই দিয়াৰে সিদ্ধান্ত লোৱা নাই, তেওঁলোকে ডিজে আৰু উচ্চ শব্দৰ ব্যৱস্থাৰ ব্যৱহাৰৰ বিৰুদ্ধেও দৃঢ় স্থিতি গ্ৰহণ কৰিছে। ধৰ্মীয় শোভাযাত্ৰাৰ সময়ত উচ্চস্বৰত সংগীত বজোৱা নিষিদ্ধকৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি পুনে আৰক্ষীক নাট (ইছলাম ধৰ্মীয় গীত)ৰ পৰম্পৰাগত আবৃত্তিৰ অনুমতি দিবলৈ আৰু ডিজে ব্যৱহাৰৰ অনুমতি নিদিবলৈ অনুৰোধ জনাইছিল।  
 
মুছলমান সম্প্ৰদায়ৰ এই সিদ্ধান্তক আৰক্ষীয়ে আদৰণি জনাইছে। এই পদক্ষেপে দুয়োটা সম্প্ৰদায়ৰ উৎসৱৰ সময়ত আইন-শৃংখলা বজাই ৰখাত যথেষ্ট সহায় কৰিব। যোৱা বছৰো একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু তেতিয়াও মুছলমান সম্প্ৰদায়ে নিজৰ শোভাযাত্ৰা পিছুৱাই দি সামাজিক সম্প্ৰীতিৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছিল। পুনেৰ মুছলমান সম্প্ৰদায়ৰ এই সিদ্ধান্তই কেৱল চহৰখনৰ বাবেই নহয়, সমগ্ৰ ৰাষ্ট্ৰৰ বাবেও এক প্ৰেৰণাদায়ক পদক্ষেপ হিচাপে পৰিগণিত হৈছিল।