ট্ৰাম্পৰ স্বপ্ন ভংগ; শান্তি নোবেল বঁটা লাভ কৰিলে ভেনিজুৱেলাৰ মাৰিয়া ক'ৰিনা মাচাডোৱে

Story by  atv | Posted by  [email protected] • 5 h ago
ডোনাল্ড ট্ৰাম্পৰ স্বপ্ন ভংগ, শান্তি নোবেল বঁটা লাভ কৰিলে ভেনিজুৱেলাৰ মাৰিয়া ক'ৰিনা মাচাডোৱে
ডোনাল্ড ট্ৰাম্পৰ স্বপ্ন ভংগ, শান্তি নোবেল বঁটা লাভ কৰিলে ভেনিজুৱেলাৰ মাৰিয়া ক'ৰিনা মাচাডোৱে
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ আশা ভংগ কৰি ভেনিজুৱেলাৰ বিৰোধী দলৰ মুখ্য নেত্ৰী মাৰিয়া ক'ৰিনা মাচাডোক শুকুৰবাৰে ২০২৫ বৰ্ষৰ শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয়। গণতান্ত্ৰিক অধিকাৰৰ প্ৰসাৰৰ বাবে ভেনিজুৱেলাৰ 'আইৰন লেডী' নামেৰে জনাজাত মাচাডোৱে টাইম মেগাজিনৰ '২০২৫ চনৰ ১০০ প্ৰভাৱশালী ব্যক্তি'ৰ তালিকাত স্থান পাবলৈ সক্ষম হৈছিল।
 
৫৮ বছৰীয়া ভেনিজুৱেলীয়ান ৰাজনীতিবিদগৰাকী বিগত বৰ্ষৰ নিৰ্বাচনৰ পিছত লুকাই আছিল যিটো নিৰ্বাচন বৰ্তমানৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ দ্বাৰা জালিয়াতি কৰা বুলি ব্যাপক ভাৱে ধাৰণা কৰা হৈছিল। মাৰিয়া ক'ৰিনা মাচাডোক নোবেল বঁটা প্ৰদানৰ  ঘটনাই ট্ৰাম্পক নিশ্চয়কৈ অসন্তুষ্ট কৰিব।
 
কাৰণ, তেওঁ "আঠখন যুদ্ধ" সমাধান কৰাৰ বাবে পুৰস্কাৰ লাভ কৰাৰ যোগ্য বুলি যুক্তি দিছিল। অৱশ্যে, শেহতীয়া মাহসমূহত ট্ৰাম্পে ভেনিজুৱেলাত ড্ৰাগছ সৰবৰাহ কাৰ্যকলাপৰ বাবে ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ বিৰুদ্ধে এটা ফ্ৰন্ট মুকলি কৰি সকলো কূটনৈতিক প্ৰচেষ্টা বন্ধ কৰিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত ভেনিজুৱেলাৰ বিৰোধী দলৰ মুখ্য নেত্ৰী মাৰিয়া ক'ৰিনা মাচাডোক নোবেল প্ৰদানে ট্ৰাম্পক হয়তো আঘাত নিদিব।
 
ট্ৰাম্পৰ এই পদক্ষেপৰ ফলত ধাৰণা কৰা হৈছিল যে আমেৰিকাই ভেনিজুৱেলাত শাসনৰ পৰিৱৰ্তনৰ বাবে হেঁচা প্ৰয়োগ কৰিব পাৰে। দৰাচলতে মাচাডোৱে আগষ্ট মাহত ট্ৰাম্পক ধন্যবাদ জনাইছিল। "আমি ভেনিজুৱেলাৰ লোকসকলে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু তেওঁৰ প্ৰশাসনক আমাৰ দেশত অবৈধভাৱে ক্ষমতাত থকা অপৰাধী আৰু সন্ত্ৰাসবাদী গাঁথনি ধ্বংস কৰাৰ বাবে তেওঁলোকৰ দৃঢ় আৰু নিৰ্ণায়ক পদক্ষেপৰ বাবে ধন্যবাদ জনাইছো", তেওঁ টুইট কৰিছিল।
নোবেল কমিটীয়ে এই ঘোষণা কৰি কয় যে ভেনিজুৱেলাৰ জনসাধাৰণৰ বাবে গণতান্ত্ৰিক অধিকাৰৰ প্ৰচাৰ আৰু একনায়কত্ববাদৰ পৰা গণতন্ত্ৰলৈ ন্যায়সঙ্গত আৰু শান্তিপূৰ্ণ পৰিৱৰ্তন সাধন কৰাৰ সংগ্ৰামৰ বাবে কৰা "অৰিবত কাম"ৰ বাবে তেওঁলোকে মাচাডোক স্বীকৃতি প্ৰদান কৰিছে।
 
নোবেল কমিতিয়ে মাচাডোক শান্তিৰ এগৰাকী সাহসী আৰু প্ৰতিশ্ৰুতিবদ্ধ চেম্পিয়ন হিচাপে প্ৰশংসা কৰে, যিজনে "বৰ্ধিত অন্ধকাৰৰ মাজতো গণতন্ত্ৰৰ শিখা জ্বলাই ৰাখে"। বছৰ বছৰ ধৰি মাচাডো ভেনিজুৱেলাৰ গণতন্ত্ৰ-সমৰ্থক আন্দোলনৰ এক গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে পৰিগণিত হৈছে, যিয়ে ৰাষ্ট্ৰপতি মাদুৰোৰ স্বৈৰাচাৰী শাসন ব্যৱস্থাক প্ৰত্যাহ্বান জনাইছে। তেওঁ কেৱল ভাবুকিৰ মুখামুখি হোৱাই নহয়, গ্ৰেপ্তাৰবৰণো হৈছে আৰু ভ্ৰমণৰ নিষেধাজ্ঞা আৰু ৰাজনৈতিক অত্যাচাৰৰো সন্মুখীন হৈছে। অৱশ্যে, বিপদ সত্ত্বেও তেওঁ ভেনিজুৱেলাতে থাকে, যাৰ বাবে তেওঁক 'আইৰন লেডী' উপাধি দিয়া হয়।
 
অনুগামীক ধন্যবাদ জনাইছে মাৰিয়া ক'ৰিনা মাচাডোৱে
 
২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত মাচাডোক প্ৰতিদ্বন্দ্বিতা কৰাত বাধা দিয়া হৈছিল। বিৰোধীয়ে দাবী কৰিছিল যে তেওঁলোক প্ৰকৃত বিজয়ী, তথাপিও মাদুৰোৱে নিজকে বিজয়ী ঘোষণা কৰে আৰু বিৰোধীসকলক দমন কৰে। তাৰ পিছতে মাচাডোৱে আত্মগোপন কৰিবলৈ বাধ্য হয়। ঔদ্যোগিক অভিযান্ত্ৰিক (industrial engineering) বিষয়ত স্নাতক ডিগ্ৰীধাৰী মাচাডো হৈছে ২০১৩ চনত প্ৰতিষ্ঠিত ভেণ্টে ভেনিজুৱেলা (Vente Venezuela) নামৰ স্বতন্ত্ৰ ৰাজনৈতিক দল National Coordinator-ৰ মুৰব্বী। তেওঁ ২০১০ৰ পৰা ২০১৫ চনলৈ জাতীয় পৰিষদৰ সদস্য আছিল।
উল্লেখ্য যে, ডোনাল্ড ট্ৰাম্পে শান্তিৰ নোবেল বঁটা লাভ কৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে থিঅ'ডৰ ৰুজভেল্ট, উড্ৰ' উইলচন, জিমি কাৰ্টাৰ আৰু বাৰাক ওবামাৰ সৈতে একে শাৰীত নাম লিপিবদ্ধ কৰিবলৈ বিগত সময়ছোৱাত বিভিন্নধৰণে প্ৰয়াস চলাইছিল যদিও অৱেশষত ভেনিজুৱেলাৰ বিৰোধী দলৰ মুখ্য নেত্ৰী মাৰিয়া ক'ৰিনা মাচাডোই এই সন্মানীয় বঁটা লাভ কৰাত ট্ৰাম্প আশাহত হ'বলগীয়া হয়। 
 
ট্ৰাম্পে এই বৰ্ষৰ বঁটা লাভ নকৰাৰ বিষয়ে সোধাত ন'বেল কমিটিৰ অধ্যক্ষ জৰ্গেন ৱাটনে ফ্ৰাইডেনে স্পষ্টভাৱে কয়, "আমাৰ সিদ্ধান্ত কেৱল আলফ্ৰেড নোবেলৰ কাম আৰু ইচ্ছাৰ ওপৰত আধাৰিত। সঁচা কথা ক'বলৈ গ'লে, ট্ৰাম্পৰ এই বছৰৰ নোবেল বঁটা লাভৰ সম্ভাৱনা বৰ বেছি নাছিল, কিয়নো তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰাৰ প্ৰায় ১০ দিন পিছতে অৰ্থাৎ ৩১ জানুৱাৰীত নোবেল বঁটাৰ মনোনয়ন প্ৰক্ৰিয়া সমাপ্ত হৈছিল। সেয়েহে, ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধকে ধৰি আঠখন যুদ্ধৰ সমাধানৰ বিষয়ে তেওঁৰ সকলো দাবী নোবেল কমিটিৰ সিদ্ধান্তত কোনো প্ৰভাৱ পেলোৱা নাছিল।" 
 
উল্লেখ্য যে, এইবাৰ শান্তিৰ নোবেল বঁটাৰ বাছনিত নুঠিলেও অহা বৰ্ষত হয়তো আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই সপোন সাৰ্থক হ'ব।