ভাৰত–আফগানিস্তান সম্পৰ্ক: শংকা, প্ৰত্যাশা আৰু সম্ভাৱনীয়তা

Story by  atv | Posted by  Munni Begum • 4 h ago
ভাৰত–আফগানিস্তান সম্পৰ্ক
ভাৰত–আফগানিস্তান সম্পৰ্ক
 
  নুৰুল আমিন কাছিমী 
 
বিশ্বজুৰি ভাৰতৰ গুৰুত্ব বৃদ্ধি পোৱালৈ লক্ষ্য কৰি বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই ভাৰতৰ সৈতে সুসম্পৰ্ক বজাই ৰখাৰ চেষ্টা কৰি আহিছে। শেহতীয়াকৈ আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী মৌলানা আমিৰ খান মুত্তকীয়েও ভাৰত ভ্ৰমণ কৰি আমাৰ দেশৰ সৈতে থকা বহুদিনীয়া সুসম্পৰ্কৰ বিষয়ে ব্যক্ত কৰি এই সত্যকে প্ৰতিপন্ন কৰা বুলি একাংশই মন্তব্য কৰিছে। 
 
এই কথা মিছা নহয় যে, ভাৰত আৰু আফগানিস্তানৰ মাজত সম্পৰ্ক বহু শতাব্দীৰ পৰাই গঢ় লৈ আহিছে। দুয়োখন দেশ কেৱল ভৌগোলিকভাৱে সমীপৱৰ্তী নহয়, ইতিহাস, সংস্কৃতি, বাণিজ্য আৰু ৰাজনৈতিক দৃষ্টিৰে ওতপ্ৰোতভাৱে সংযুক্ত।
 
প্ৰাচীন ৰেচমী পথ (Silk route)ৰ সময়ৰ পৰা আৰম্ভ কৰি আধুনিক ৰাজনীতি পৰ্যন্ত, আফগানিস্তান ভাৰতৰ বাবে এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰি আহিছে। ইয়াত কেইবাটাও দিশ উল্লেখ কৰিব পাৰি ---
 
ইছলামিক প্ৰতিষ্ঠান দাৰুল উলুম দেওবন্দ ভ্ৰমণ আমিৰ খান মুত্তকীৰ
 
ঐতিহাসিক পটভূমি (Historical Background)
 
আফগানিস্তান যিহেতু ভাৰতৰেই অংশ আছিল, সেয়ে আফগানিস্তানৰ সৈতে ভাৰতৰ সংযোগ প্ৰাচীন যুগৰ পৰাই। গান্ধাৰ সভ্যতাই ভাৰতীয় উপমহাদেশৰ সৈতে সাংস্কৃতিক আৰু বাণিজ্যিক যোগসূত্ৰ স্থাপন আছিল। বহু শতাব্দী ধৰি দুয়োখন দেশৰ মাজত পণ্য, মানৱসম্পদ আৰু চিন্তাধাৰাৰ আদান-প্ৰদান চলি আহিছে। এসময়ত বৌদ্ধ ধৰ্মৰ কেন্দ্ৰবিন্দু হিচাপে ভাৰতীয় প্ৰাচীন ধৰ্ম, শিল্প, সাহিত্য আদিত আফগানিস্তানৰ সৈতে ভাৰতৰ অসামঞ্জস্যপূৰ্ণ  সম্পৰ্ক পূৰ্বৰে পৰা চলি আহিছে।  
 
ৰাজনৈতিক সম্পৰ্ক (Political Relations)
 
স্বাধীনতাৰ পিছতো ভাৰতে আফগানিস্তানৰ সৈতে সদায় সুমধুৰ সম্পৰ্ক ৰাখি আহিছে। দুয়োখন দেশেই পৰস্পৰক সন্মান আৰু আস্থাৰ ওপৰত আধাৰিত কূটনৈতিক সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰি আহিছে। আফগানিস্তানত ৰাজনৈতিক পৰিৱৰ্তন (তালিবান শাসন, যুক্তৰাষ্ট্ৰৰ প্ৰৱেশ আৰু পুনৰ তালিবানৰ উত্থান) ঘটিলেও ভাৰতে সদায় আফগানিস্তানৰ জনসাধাৰণৰ প্ৰতি মানৱীয় সাহাৰ্য্য আৰু উন্নয়নমূলক সহযোগিতাৰ হাত আগবঢ়াই আহিছে।
 
অৰ্থনৈতিক আৰু উন্নয়নমূলক সহযোগিতা (Economic & Development Cooperation)
 
ভাৰতে আফগানিস্তানত বহু গুৰুত্বপূৰ্ণ উন্নয়ন প্ৰকল্পত অংশ লৈছে। উদাহৰণস্বৰূপে ভাৰতে আফগানিস্তানৰ সংসদ ভৱনৰ (Parliament Building) নিৰ্মাণত যি আৰ্থিক সহায় আগবঢ়াইছিল তাৰ উদাহৰণ অতুলনীয়।  তাৰ ওপৰিও দেশখনৰ বিদ্যুৎ প্ৰকল্প আৰু জলসিঞ্চন ব্যৱস্থাৰ বাবে Salma Dam (India–Afghanistan Friendship Dam) নিৰ্মাণৰ ক্ষেত্ৰত, শিক্ষাৰ্থীৰ বাবে বৃত্তি আৰু প্ৰশিক্ষণ সুযোগ প্ৰদান কৰা, চিকিৎসালয়, বিদ্যালয়, ৰাস্তা ঘাট, দলং নিৰ্মাণকে আদি বিভিন্ন উন্নয়নমূলক কাম কাজত আফগানিস্তানক ভাৰতে সহায় কৰি অহা আৰু পদক্ষেপসমূহে আফগান জনতাৰ ভাৰতৰ প্ৰতি এক ইতিবাচক ধাৰণা গঢ়ি তুলিবলৈ সক্ষম হৈছে।
 
আফগানী আৰু ভাৰতীয় মডেলিং শিল্পীৰ এটা দলে চুবুৰীয়া দুয়োখন দেশৰ সংস্কৃতি প্ৰদৰ্শনৰ বাবে মঞ্চ ভাগ কৰাৰ এক দৃশ্য
 
সাংস্কৃতিক সম্পৰ্ক(Cultural Relations)
 
ভাৰতীয় সংস্কৃতি, সংগীত, চিনেমা আৰু সাহিত্য আফগানিস্তানত বহুল প্ৰচলিত। দুয়োখন দেশৰ মাজত ভাষা, পোছাক, খাদ্য আৰু কলাৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিলক্ষিত হয়। বহু আফগান শিক্ষাৰ্থী আৰু শিল্পী ভাৰতত অধ্যয়ন আৰু প্ৰশিক্ষণ ল’বলৈ আহে। কাৰিকৰী আৰু চিকিৎসা বিজ্ঞানৰ শিক্ষাত দুয়োখন দেশৰ শিক্ষাৰ্থী সকলে বিনা দ্বিধাই নিজৰ পচন্দৰ দেশ হিচাপে নিৰ্বাচন কৰা পৰিলক্ষিত হৈছে। ধৰ্মীয় শিক্ষা তথা ধৰ্মীয় ঐতিহ্যৰ ক্ষেত্ৰত  ভাৰত আফগানিস্তানৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেই কথা উত্তৰ প্ৰদেশস্থিত দাৰুল উলুম দেওবন্দ ভ্ৰমণে ইতিমধ্যে প্ৰমাণ কৰিছে। 
 
ভাৰত-আফগানিস্তানৰ ধৰ্মীয় সম্পৰ্ক: ভাৰত আৰু আফগানিস্তানৰ মাজত এক সুদীৰ্ঘ আৰু সমৃদ্ধ ধৰ্মীয় ইতিহাস আছে --
 
বৌদ্ধ ধৰ্মৰ কেন্দ্ৰ
 
প্ৰাচীন কালত আফগানিস্তান আছিল ভাৰতীয় বৌদ্ধ ধৰ্মৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ। বিশেষকৈ গান্ধাৰ সভ্যতা (বৰ্তমানৰ কান্দাহাৰ, জালালাবাদ অঞ্চল) ভাৰতীয় আৰু গ্ৰীক সংস্কৃতিৰ এক সংমিশ্ৰণ আছিল, য'ত বৌদ্ধ ধৰ্মৰ এক সুন্দৰ ৰূপ বিকশিত হৈছিল। বামিয়ানৰ বুদ্ধ প্ৰতিমূৰ্তি (যি ২০০১ চনত তালিবানে ধ্বংস কৰিছিল) আছিল ভাৰতীয় কলা আৰু স্থাপত্যৰদ্বাৰা প্ৰভাৱিত হোৱা আফগান বৌদ্ধ ধৰ্মৰ এক জ্বলন্ত উদাহৰণ।
 
হিন্দু আৰু শিখ সম্প্ৰদায়:
 
ঐতিহাসিকভাৱে আফগানিস্তানত হিন্দু আৰু শিখ লোকৰ এক বৃহৎ বসতি আছিল, যিসকলে ভাৰতৰ সৈতে গভীৰ সাংস্কৃতিক আৰু ধৰ্মীয় সম্পৰ্ক ৰক্ষা কৰিছিল। অৱশ্যে যুদ্ধ আৰু সংঘাতৰ বাবে এই লোকসকলৰ সংখ্যা যথেষ্ট কমি গৈছে।
 
ইছলাম ধৰ্ম আৰু ভাৰতীয় মুছলমান:
 
আফগানিস্তানৰ ইছলামিক সংস্কৃতিয়ে মোগল আৰু তাৰ পূৰ্বৰ চুলতানী আমোলত ভাৰতীয় উপমহাদেশৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। আনহাতে, ভাৰতীয় ইছলামী পণ্ডিতসকলৰ মাজত আফগানিস্তানৰ ইছলামিক শিক্ষাকেন্দ্ৰসমূহৰ এক গুৰুত্বপূৰ্ণ স্থান আছে। কাৰণ বহু গন্যমান্য গ্ৰন্থৰ লেখক সকলৰ জন্ম আফগানিস্তানতে হৈছিল। বৰ্তমান ভাৰত আফগানিস্তানৰ ধৰ্মীয় আৰু কূটনৈতিক আদান-প্ৰদান (Current Religious and Diplomatic Exchange) আফগানিস্তানৰ সাম্প্ৰতিক ৰাজনৈতিক পটভূমিত ধৰ্মীয় সম্পৰ্কই এক কৌশলগত ভূমিকা লৈছে। 
 
দাৰুল উলুম দেওবন্দ
 
ভাৰতীয় মুছলমান দেওবন্দী উলেমা আৰু আফগানিস্তানৰ উলেমাৰ আধ্যাত্মিক যোগসূত্ৰ মন কৰিবলগীয়া। আফগানিস্তানৰ শাসক তালিবান সংগঠনৰ বহু নেতাৰ সৈতে ভাৰতৰ উত্তৰ প্ৰদেশৰ দাৰুল উলূম দেওবন্দ নামৰ ঐতিহাসিক ইছলামিক শিক্ষানুষ্ঠানৰ এক ধৰ্মীয়-শৈক্ষিক তথা আধ্যাত্মিক যোগসূত্ৰ আছে। 
 
শেহতীয়াকৈ (অক্টোবৰ ২০২৫) তআফগানিস্তানৰ তালিবান চৰকাৰৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকীয়ে ভাৰত ভ্ৰমণৰ সময়ত উত্তৰ প্ৰদেশৰ দেওবন্দ মাদ্ৰাছা পৰিদৰ্শন কৰিছিল। এই ভ্ৰমণক ইছলাম ধৰ্মীয় শিক্ষাৰে শিক্ষিতমন্ত্ৰী গৰাকীয়ে সম্পূৰ্ণ আধ্যাত্মিক বুলি ব্যক্ত কৰিছে। কিন্তু  একাংশই ইয়াক কূটনৈতিক সম্পৰ্ক উন্নত কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলিও গণ্য কৰিছে। যিটো চিৰবৈৰী পাকিস্তানৰ প্ৰতি এক ভাবুকি হিচাপেও পৰিগণিত হৈছে। 
 
ভাৰতৰ মুছলমান ধৰ্মীয় নেতাসকলে মুত্তকীৰ সৈতে আলোচনাত ভাৰতৰ স্বাধীনতা সংগ্ৰামত আফগানিস্তানৰ মুছলমানসকলৰ ভূমিকাৰ কথা উল্লেখ কৰিছিল, যিয়ে উভয় দেশৰ মুছলমান সম্প্ৰদায়ৰ মাজত থকা গভীৰ সম্পৰ্ক প্ৰতিফলিত কৰে। ভাৰত চৰকাৰৰ আফগানিস্তানৰ তালিবানৰ সৈতে আলোচনাত সদায় আফগানিস্তানৰ নাৰী, শিশু আৰু সংখ্যালঘু সম্প্ৰদায়ৰ (হিন্দু, শিখকে ধৰি) মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰি আহাটোএক প্ৰসংশনীয় তথা প্ৰয়োজনীয় পদক্ষেপ।
 
ভাৰত আৰু আফগানিস্তানৰ ধৰ্মীয় সম্পৰ্ক কেৱল ইছলামৰ ভেটিত গঢ় লৈ উঠা নহয়, ইয়াৰ শিপা বৌদ্ধ আৰু হিন্দু সংস্কৃতিৰ মিলনতো নিহিত হৈ আছে। বৰ্তমান সময়ত, তালিবানৰ সৈতে কূটনৈতিক যোগসূত্ৰ স্থাপন কৰাৰ সময়ত ভাৰতে ঐতিহাসিক ধৰ্মীয় মৈত্ৰী আৰু ভাৰতীয় মুছলমানসকলৰ সৈতে থকা যোগসূত্ৰক এক কৌশলগত আহিলা হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে, যাতে আফগান ভূখণ্ডৰ পৰা অহা সন্ত্ৰাসবাদৰ ভাবুকি হ্ৰাস কৰিব পাৰি আৰু অঞ্চলটোত শান্তি বজাই ৰাখিব পাৰি।
 
২০২১ চনত তালিবানৰ পুনৰ উত্থানে আফগানিস্তানত নতুন ৰাজনৈতিক পৰিস্থিতি সৃষ্টি কৰিছে। এই পৰিৱর্তনৰ মাজতো ভাৰত মানবিক সহায় অব্যাহত ৰাখিছে — খাদ্য, ঔষধ আৰু ত্রাণ সামগ্ৰী প্ৰেৰণ কৰি। যদিও সুৰক্ষা আৰু স্থিৰতাৰ অভাৱ, কূটনৈতিক সীমাবদ্ধতা আদি চেলেঞ্জ আছে, তথাপিও ভাৰত আফগান জনতাৰ সৈতে সংহতি বজাই ৰাখিছে।
 
ভাৰত–আফগানিস্তান সম্পৰ্ক কেৱল ৰাজনৈতিক বা অৰ্থনৈতিক নহয় — ই এটা গভীৰ ঐতিহাসিক, সাংস্কৃতিক আৰু মানৱীয় সম্পৰ্ক। সময়ৰ পৰিবর্তনৰ সৈতে নীতিত পৰিবৰ্তন হোৱা স্বাভাৱিক, কিন্তু দুয়োখন দেশৰ মাজত আস্থাৰ বন্ধন আগলৈও দৃঢ় হৈ থাকিব বুলি আশা কৰা হয়।
 
যি কি নহওঁক, ভাৰতৰ সৈতে আফগানিস্তানৰ সম্পৰ্কই পাকিস্তানৰ দৰে দেশক কূটনৈতিকভাৱে কঠোৰ সকীয়নি প্ৰদান কৰিছে বুলিও একাংশ মন্তব্য কৰিছে। ইয়াৰদ্বাৰা বুজা যায় যে, দেশ জাতি এটা কেৱল ধৰ্মীয় পৰিচয় আৰু সংকীৰ্ণ চিন্তা ধাৰাৰে দ্বাৰা উন্নয়নৰ পথত আগুৱাই যাব নোৱাৰে। ইয়াৰ বাবে লাগিব বহল দৃষ্টিভংগী আৰু দূৰদৰ্শী পৰিকল্পনা।
 
(লেখক তেজপুৰস্থিত Islamic Study & Research Academy Assamৰ সভাপতি)