মাছুদ আজহাৰলৈ ১৪ কোটি টকা; ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংৰ সতৰ্কবাণী

Story by  atv | Posted by  [email protected] • 10 h ago
ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
 
নতুন দিল্লী
 
শুকুৰবাৰে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পাকিস্তান চৰকাৰৰ সন্দৰ্ভত কঠোৰ সতৰ্কবাণী দিয়ে। তেওঁ কয় যে পাকিস্তানে ৰাজহুৱা কৰ ধন ব্যৱহাৰ কৰি ৰাষ্ট্ৰসংঘই ঘোষণা কৰা সন্ত্ৰাসবাদী মাছুদ আজহাৰক ১৪ কোটি টকা দিয়াৰ পৰিকল্পনা কৰিছে। মাছুদ আজহাৰ হৈছে ২০১৯ চনত পুলৱামা আক্ৰমণ আৰু ২০১৬ চনত উৰি আক্ৰমণৰ বাবে দায়ী গোট জইছ-ই-মহম্মদৰ নেতা।
 
মন্ত্ৰীগৰাকীয়ে কয় যে অপাৰেচন সেন্দুৰৰ সময়ত ভাৰতে ধ্বংস কৰা পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰসমূহ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। ২২ এপ্ৰিলত পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাই সংঘটিত কৰা সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতৰ সামৰিক বাহিনীয়ে এই আক্ৰমণ কৰিছিল।
 
আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (IMF)ৰ পৰা ২.১ বিলিয়ন ডলাৰৰ সাহায্যৰ অংশ পাকিস্তানে সন্ত্ৰাসবাদী শিবিৰ পুনৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয়।
 
গুজৰাটৰ ভুজৰ এটা সামৰিক ঘাটিত জোৱানৰ সৈতে হোৱা কথা-বতৰাত সিং ডাঙৰীয়াই কয়; "ৰাষ্ট্ৰসংঘৰ দ্বাৰা ঘোষিত সন্ত্ৰাসবাদী হোৱা স্বত্তেও জাইছ-ই-মহম্মদ সন্ত্ৰাসবাদী সংগঠনৰ নেতা মাছুদ আজহাৰক নাগৰিক কৰ ধন ব্যৱহাৰ কৰি ১৪ কোটি টকা দিয়াৰ পৰিকল্পনা কৰিছে পাকিস্তানে। লগতে মুৰিদকে আৰু বাহাৱালপুৰৰ লস্কৰ-ই-তৈবা আৰু জৈছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী শিবিৰ পুনৰ নিৰ্মাণৰ বাবে পাকিস্তান চৰকাৰে ধন দিয়াৰো পৰিকল্পনা কৰিছে।"
 
প্ৰতিনিধিত্বমূলক ছবি
 
ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদক সমৰ্থন কৰা বুলি ভাৰতে অভিযোগ উত্থাপন কৰাৰ পিছত আই এম এফে পাকিস্তানক আৰ্থিক সাহায্য দিয়াক লৈ ভাৰতে উদ্বেগ প্ৰকাশ কৰে আৰু  ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কঠোৰ ভাবে নিন্দা কৰে।
 
আজি মন্ত্ৰীগৰাকীয়ে কয় যে, আই এম এফে পাকিস্তানক দিয়া সাহায্য সন্ত্ৰাসবাদক পৰোক্ষ ৰূপত দিয়া পুঁজি। "পাকিস্তানক দিয়া যিকোনো আৰ্থিক সাহায্যই সন্ত্ৰাসবাদী কাৰ্য্যকলাপৰ বাবে ব্যৱহাৰ কৰা হয়। আই এম এফে নিজৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰা উচিত।"
 
ভাৰতে আই এম এফে পাকিস্তানক ২.৩ বিলিয়ন ডলাৰ ঋণ দিয়াৰ পৰিকল্পনাৰ বিৰোধিতা কৰিছিল। এই ধনৰাশি সন্ত্ৰাসবাদৰ সহায়ৰ বাবে ব্যৱহাৰ হ’ব পাৰে বুলি সকীয়াই দিয়ে।
 
২০১৮ চনত পাকিস্তানে সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্য বন্ধ কৰিবলৈ পৰ্যাপ্ত কাম নকৰাৰ বাবে “ধূসৰ তালিকা”ত অন্তৰ্ভুক্ত হৈছিল। পিছলৈ ইয়াৰ সংশোধন কৰি ২০২২ চনত এই তালিকাৰ পৰা আঁতৰাই দিয়া হৈছিল।
 
এফ এ টি এফে কয় যে পাকিস্তানে ধন সৰবৰাহ আৰু সন্ত্ৰাসবাদী বিত্তীয় সাহায্যৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে আৰু নিজৰ ব্যৱস্থাৰ কিছুমান দুৰ্বলতা সমাধান কৰিছে।
 
সন্ত্ৰাসবাদী মাছুদ আজহাৰ
 
এফ এ টি এফৰ "গ্ৰে লিষ্ট"ত থকাৰ বাবে পাকিস্তানৰ বাবে আই এম এফৰ দৰে প্ৰতিষ্ঠানৰ পৰা আৰ্থিক সহায় লাভ কৰাটো অধিক কঠিন হৈ পৰিছিল।
 
এফ এ টি এফৰ ৪০ সদস্যৰ ভিতৰত অন্যতম ভাৰতে পাকক ‘গ্ৰে লিষ্ট’ৰ পৰা আঁতৰোৱাৰ ক্ষেত্ৰত তীব্ৰ আপত্তি প্ৰকাশ কৰি কয় যে ইছলামবাদে সন্ত্ৰাসবাদীক আশ্ৰয় দি আছে আৰু তেওঁলোকৰ সংগঠনৰ বাবে ধন আগবঢ়াই আছে।
 
এই বিষয়টো ৰাষ্ট্ৰসংঘ আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদতো উত্থাপন কৰা হৈছে। য’ত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানে কঠোৰ প্ৰশ্নৰ সন্মুখীন হৈছিল।
 
উল্লেখযোগ্য যে, অপাৰেচন সেন্দুৰত ভাৰতে লক্ষ্য কৰি লোৱা ৯ টা সন্ত্ৰাসবাদী শিবিৰৰ ভিতৰত আছিল মুৰিদকে আৰু বাহাৱালপুৰ।
 
লাহোৰৰ পৰা ৪০ কিলোমিটাৰ উত্তৰত প্ৰথমটো অৱস্থিত আছিল, য’ত লস্কৰ গোটৰ মুখ্য কাৰ্যালয় আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ শিবিৰ আছিল। আনহাতে দ্বিতীয়টো আছিল পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত জৈছ গোটৰ মুখ্য কাৰ্যালয়।
 
অপাৰেচন সেন্দুৰৰ সময়ত ভাৰতে মুৰিডকে আৰু বাহাৱালপুৰৰ সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰি লৈছিল। মুৰিডকে শিবিৰটো আছিল প্ৰশিক্ষণ এলেকা আৰু লজিষ্টিক সহায়ৰ সৈতে এটা ডাঙৰ সুবিধা। এই অভিযান তাৎপৰ্যপূৰ্ণ আছিল, প্ৰধানমন্ত্ৰীয়ে ইয়াক পাকিস্তানৰ “সন্ত্রাসবাদী নাৰ্চাৰী”ৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ বুলি অভিহিত কৰিছিল। বাহাৱালপুৰৰ এই আক্রমণত জয়ছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ পৰিয়ালৰ কেইবাজনো সদস্য নিহত হয়৷
 
অপাৰেচন সেন্দুৰৰ পিছত জয়ছ নেতা মাছুদ আজহাৰে কয় যে তেওঁৰ কোনো আক্ষেপ নাই। পাকিস্তান আৰু পাকিস্তান দখল কৰা কাশ্মীৰৰ সন্ত্ৰাসবাদী শিবিৰসমূহক লক্ষ্য কৰি ১৯৭১ চনৰ পিছত ভাৰতৰ প্ৰথমটো ত্ৰি-সেৱা অভিযান। পাকিস্তানৰ প্ৰত্যুত্তৰ আক্ৰমণ ভাৰতে সফলতাৰে নিষ্ক্ৰিয় কৰিলে। অভিযানৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানক সকীয়াই দিয়ে যে ভাৰতে নিজকে ৰক্ষা কৰিবলৈ পুনৰ আক্ৰমণ চলাব আৰু কয় যে যদিহে তেওঁলোকে সন্ত্ৰাসবাদী আন্তঃগাঁথনি ভাঙি দখল কৰা কাশ্মীৰ ঘূৰাই নিদিয়ে তেন্তে ভাৰতে পাকিস্তানৰ সৈতে কাশ্মীৰৰ বিষয়ে আলোচনা নকৰে।