নতুন দিল্লী
ব্ৰিটিছ ৰাজনৈতিক মন্তব্যকাৰী তথা লেখক ডেভিদ ভান্সে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত আৰু ভাৰতৰ অপাৰেচন সেন্দুৰৰ সময়ত পাকিস্তানক সমৰ্থন কৰা বুলি চীনক তীব্ৰ সমালোচনা কৰিছে। তেওঁ চীনে এই অঞ্চলত পাকিস্তানক “প্ৰক্সি” হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি চীনক বিশ্বাস কৰিব নোৱাৰি বুলি সকীয়াই দিয়ে।
ভাৰতক পশ্চিমীয়া দেশ সমূহে সমৰ্থন কৰিব লাগে বুলিও তেওঁ কয়। ইয়াৰ ফলত চীনৰ প্ৰভাৱৰ বিৰুদ্ধে পশ্চিমৰ বাবে এক শক্তিশালী প্ৰতিৰক্ষা হিচাপে কাম কৰিব পাৰে বুলি ভান্সে গুৰুত্ব আৰোপ কৰে।
তেওঁ পাকিস্তানক সমৰ্থন কৰা তুৰস্কক সমালোচনা কৰি আংকাৰাক সমস্যাজনক বুলি অভিহিত কৰে। ভান্সে লগতে কয় যে পাকিস্তানৰ প্ৰতি তুৰস্কৰ সমৰ্থন আৰু ভাৰত বিৰোধী মন্তব্য কৰাটো নিৰাশাজনক নহয়। সেই অনুসৰি তুৰস্কক খাৰিজ কৰা উচিত।
ভাৰতৰ অপাৰেচন সেন্দুৰ সন্দৰ্ভত ভান্সে ইয়াক দীঘলীয়া আৰু এক প্ৰয়োজনীয় পদক্ষেপ বুলি অভিহিত কৰি তীব্ৰ সমৰ্থন প্ৰকাশ কৰে। তেওঁ কয়, " ভাৰতৰ সভ্যতাত আঘাত কৰাৰ বাবেই প্ৰত্যুত্তৰ হ'ল অপাৰেচন সেন্দুৰ।"
উল্লেখযোগ্য যে, পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত ২৬ জন নিৰীহ লোকৰ মৃত্যু হৈছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে অপাৰেচন সেন্দুৰ আৰম্ভ কৰিছিল। এই অভিযানত পাকিস্তান আৰু পাকিস্তান দখল কৰা জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটিসমূহত নিখুঁত আক্ৰমণৰ ফলত ১০০ৰো অধিক সন্ত্ৰাসবাদীক নিৰ্মূল কৰা হয়।