অপাৰেচন সেন্দুৰৰ প্ৰতি ভাৰতীয় উলেমাৰ সমৰ্থনক ভূয়সী প্ৰশংসা আফগান নেতা আমৰুল্লাহ ছালেহৰ

Story by  atv | Posted by  Munni Begum • 5 h ago
আফগান নেতা আমৰুল্লাহ ছালেহ
আফগান নেতা আমৰুল্লাহ ছালেহ
 
নতুন দিল্লী
 
তালিবানে কাবুল নিয়ন্ত্ৰণ কৰাৰ পিছত এতিয়া দেশৰ বাহিৰত বাস কৰা আফগানিস্তানৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি আমৰুল্লাহ ছালেহে অপাৰেচন সেন্দুৰৰ প্ৰতি ভাৰতীয় উলেমাৰ সমৰ্থনক ভূয়সী প্ৰশংসা কৰিছে। শেহতীয়াকৈ তেওঁ ভাৰতৰ অপাৰেচন সেন্দুৰক পাকিস্তানৰ অপাৰেচন বুনিয়ান উল মাৰ্ছুছৰ সৈতে তুলনা কৰিছে। তেওঁৰ মতে, প্ৰথমবাৰৰ বাবে ভাৰতে সন্ত্ৰাসবাদ আৰু ইয়াৰ সমৰ্থকসকলক বিশ্বই কেনেদৰে চায়, সেই দৃষ্টিভংগী সলনি কৰিছে।
 
পাকিস্তানৰ তীব্ৰ সমালোচক ছালেহে কয় যে পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰে আৰু আফগান জনসাধাৰণৰ ক্ষতি সাধন কৰে। সন্ত্ৰাসবাদক সমৰ্থন কৰা আৰু আফগান জনসাধাৰণৰ ক্ষতি কৰাৰ বাবে পাকিস্তানক তীব্ৰ সমালোচনা কৰাৰ বাবে পৰিচিত ছালেহে কয় যে ভাৰতৰ এই অভিযানে ধৰ্মীয় ফতোৱা (ইছলামিক ৰায়দান)ক লৈ পাকিস্তানৰ দখল ভংগ কৰিলে। তেওঁ লগতে কয় যে ভাৰতীয় ইছলামিক ধৰ্মগুৰুসকলে নিজৰ দেশক সমৰ্থন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ, যিটো আগতে হোৱা নাছিল।
 
অপাৰেচন সেন্দুৰক সমৰ্থন কৰা ভাৰতীয় উলেমা
 
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তেওঁৰ চিন্তাধাৰা শ্বেয়াৰ কৰে ছালেহে, য’ত তেওঁৰ ১৪ লাখ ফ’ল’ৱাৰ আছে। তেওঁ ভাৰতৰ অপাৰেচন সেন্দুৰৰ ৭টা বিশেষ উল্লেখযোগ্য দিশ তলত উল্লেখ কৰা ধৰণে দাঙি ধৰেঃ 
 
১. ভাৰতে সহায়ৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদলৈ যোৱা নাই। ইয়াৰ পৰা দেখা গ’ল যে ভাৰতে নিজৰ ওপৰত আস্থা ৰাখিছিল আৰু নিজৰ শক্তি আৰু স্বাধীনতাত বিশ্বাস কৰে। ১৯৪৫ চনত UNSC গঠন হৈছিল যদিও ভাৰতে ইয়াৰ অনুমোদনৰ বাবে অপেক্ষা নকৰাকৈয়ে কাম কৰাৰ সিদ্ধান্ত লয়। 
 
২. ভাৰতে কেৱল সন্ত্ৰাসবাদীকেই নহয়, তেওঁলোকৰ সমৰ্থকসকলকো আক্ৰমণ কৰিছিল। ইয়াৰ ফলত সন্ত্ৰাসবাদী আৰু তেওঁলোকক সমৰ্থন কৰাসকল বেলেগ বুলি প্ৰচলিত ধাৰণাটোৰ অন্ত পৰিল। পাকিস্তানৰ একাংশ শক্তিশালী বিষয়াই দায়ী নোহোৱাকৈয়ে নিৰাপদে আক্ৰমণৰ পৰিকল্পনা কৰিব পাৰে বুলিও ভাৰতে বিশ্বাস ভংগ কৰিছিল।
 
৩. সংঘাত চলি থকাৰ সময়তে পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ক ঋণ বিচাৰিছিল। আই এম এফে এই ঋণ দিলে। ছালেহে এই কথা এইবাবেই কয় যে এখন দেশে ঋণ লৈ সৰু সৰু যুদ্ধ কৰিব পাৰে, কিন্তু ঋণ লোৱা ধন ব্যৱহাৰ কৰি সম্পূৰ্ণ যুদ্ধ কৰিব নোৱাৰে বা জয়ী হ’ব নোৱাৰে।
৪. কৌশলগত ধৈৰ্য্য আৰু সাংস্কৃতিক সংযমৰ এটা সীমা আছে। ভাৰতবাসীৰ সেই সীমা ২২ এপ্ৰিলত পৰীক্ষা কৰিছিল লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীয়ে। হয়তো তেওঁলোকে ভাৰতৰ একতা-সংহতি ভংগ কৰিব বিচাৰিছিল। কিন্তু সন্ত্ৰাসবাদীৰ এই মনোবাঞ্ছা পূৰণ নহ’ল৷ হয়তো তেওঁলোকে ৰাজহুৱাভাৱে ভাৰতক অপমান কৰিব বিচাৰিছিল। 
 
৫. ভাৰতে প্ৰমাণ কৰিলে যে তেওঁলোকে পাকিস্তানৰ যিকোনো ঠাইত প্ৰৱেশ কৰি আক্ৰমণ কৰিব পাৰে। ছালেহে সদায় বিশ্বাস কৰিছিল যে নুৰ খান বিমান ঘাটিটো হৈছে পাকিস্তানৰ সৰ্বোত্তম সুৰক্ষিত ঘাটি। কিন্তু সেয়াও ভাৰতৰ হাতত নিৰাপদ নহয়। আনকি পাকিস্তানৰ সামৰিক বাহিনীৰ কেন্দ্ৰ আৰু ইয়াৰ অন্যতম গুৰুত্বপূৰ্ণ বিমানঘাটি ৰাৱালপিণ্ডিতো ভাৰতে আক্ৰমণ কৰিলে। 
 
৬. ধৰ্মীয় ফতোৱাক লৈ পাকিস্তানে একচেটিয়া অধিকাৰ হেৰুৱাই পেলালে। ইয়াৰ পূৰ্বে পাকিস্তানে বিশ্বব্যাপী মুছলমান সম্প্ৰদায় (উম্মা)ৰ সমৰ্থন লাভৰ বাবে ধৰ্মীয় ৰায়ৰ ব্যৱহাৰ কৰিছিল। এইবাৰ ভাৰতৰ সমর্থনত ভাৰতীয় মৌলবীসকলে নিজাকৈ ফতোৱা দিলে৷ ছালেহে সকলোকে সোঁৱৰাই দিয়ে যে বিখ্যাত ইছলামিক স্কুল দেওবন্দ ভাৰতত অৱস্থিত।
 
৭. ভাৰতে গণতন্ত্ৰ হ’লেও সামৰিক অভিযান খুব ভালদৰে গোপন কৰি ৰাখিছিল। বেছিভাগ গণতন্ত্ৰতে এনেবোৰ কথা গোপনে ৰখাটো অতি কঠিন। কিন্তু ভাৰতে সফলভাৱে কৰিলে, অনুশাসন আৰু ঐক্যৰ পৰিচয় দি।
 
৭) গণতান্ত্ৰিক সমাজত গোপনীয়তা ৰখাটো অসম্ভৱৰ দৰে, কিন্তু ভাৰতে সকলো অভিযান গোপনীয়তা ৰক্ষা কৰি নিখুতভাৱে কাৰ্য্যকৰী কৰিলে আৰু অনুশাসন তথা ঐক্যৰ পৰিচয় দিয়াৰ ক্ষেত্ৰত বিপুল দক্ষতা দেখুৱাইছে।
 
ছালেহে কয় যে তেওঁ পাকিস্তানৰ অপাৰেচন বুনিয়ান উল মাৰ্ছুছৰ ভিজুৱেল অতি কম বা একেবাৰে দেখা নাই। যুদ্ধবিৰতিৰ ফলত পাকিস্তান ৰক্ষা পৰিল। পাকিস্তানে বিভিন্ন ভাবুকি দিছিল যদিও ভাৰতীয় বিমান সেৱা স্বাভাৱিকভাৱে চলি থাকিল। দিল্লী বা অমৃতসৰৰ দৰে ভাৰতৰ চহৰত ক্ষেপণাস্ত্ৰ পৰাৰ কোনো দৃশ্য দেখিবলৈ পোৱা নাই।