সিন্ধু জল চুক্তি স্থগিতকৰণৰ পাছত তীব্ৰ জল সংকটত ভুগিছে পাকিস্তান; ভাৰতলৈ সহায় ভিক্ষা খুজি প্ৰেৰণ কৰিছে পত্ৰ

Story by  atv | Posted by  [email protected] • 21 h ago
সিন্ধু জল চুক্তি স্থগিতকৰণৰ পাছত তীব্ৰ জল সংকটত ভুগিছে পাকিস্তান
সিন্ধু জল চুক্তি স্থগিতকৰণৰ পাছত তীব্ৰ জল সংকটত ভুগিছে পাকিস্তান
 
নতুন দিল্লী
 
পিয়াহত আতুৰ হৈ পৰিছে চুবুৰীয়া দেশ পাকিস্তান। তীব্ৰ জল সংকটত ভুগিছে শত্ৰুৰাষ্ট্ৰ। ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণৰ পাছতেই পাকিস্তান চৰকাৰে ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰণালয়লৈ পত্ৰ লিখি সিন্ধু জল চুক্তিৰ স্থগিতকৰণ পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে।
 
পাকিস্তানৰ জলসম্পদ সচিব চৈয়দ আলী মুৰ্তাজাই প্ৰেৰণ কৰা এই পত্ৰখনত বিশেষকৈ আগন্তুক খাৰিফ শস্যৰ বতৰৰ বাবে দেশখনে সন্মুখীন হোৱা ভয়াৱহ জল সংকটৰ ওপৰত আলোকপাত কৰা হৈছে।
 
ভাৰতে সিন্ধু জল চুক্তি স্থগিত ৰখাৰ ফলত পাকিস্তানত জলসিঞ্চনৰ পানীৰ বৃহৎ নাটনিৰ সৃষ্টি হৈছে, যাৰ ফলত পাকিস্তানৰ কৃষি উৎপাদনশীলতাৰ প্ৰতি আহি পৰিছে যথেষ্ট ভাবুকি। সিন্ধু নদীৰ পানী পাকিস্তানত নপৰাৰ বাবে তিনিটা ফ্ৰণ্টত পৰিকল্পনা ঘোষণা কৰিছে কেন্দ্ৰই।
 
ইছলামবাদে সন্ত্ৰাসবাদৰ প্ৰতি অব্যাহত থকা সমৰ্থনৰ পৰ্যালোচনা কৰাৰ পাছত ভাৰতে এই সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত লয়।
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, ‘সন্ধিৰ প্ৰস্তাৱনাত উল্লেখ কৰা ধৰণে সদিচ্ছা আৰু বন্ধুত্বৰ মনোভাৱেৰে সিন্ধু জল সন্ধি সম্পাদন কৰা হৈছিল। কিন্তু পাকিস্তানে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদক প্ৰসাৰিত কৰি এই নীতিসমূহ দশক দশক ধৰি ভংগ কৰিছে।’
 
দশকজোৰা পুৰণি সিন্ধু জল চুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত ভাৰতে জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত প্ৰায় পৰ্যটকৰ ২৬গৰাকী লোকক হত্যা কৰাৰ পাছতে গ্ৰহণ কৰে। পাকিস্তানে প্ৰেৰণ কৰা পত্ৰখনত কোৱা হৈছে যে ইয়াৰ ফলত সৃষ্টি হোৱা নিৰাপত্তাজনিত অনিশ্চয়তাই ভাৰতে সন্ধিৰ অধীনত থকা অধিকাৰৰ সম্পূৰ্ণ ব্যৱহাৰত প্ৰত্যক্ষভাৱে বাধাৰ সৃষ্টি কৰিছে।
 
ইয়াৰ পূৰ্বে পাকিস্তানে সন্ধিখন স্থগিত ৰখাটো নাকচ কৰি কয় যে এই চুক্তিৰ অধীনত ‘পাকিস্তান’ৰ পানীৰ সোঁত বন্ধ কৰাৰ যিকোনো ব্যৱস্থাক ‘যুদ্ধৰ কাৰ্য’ হিচাপে গণ্য কৰা হ’ব।