কাশ্মীৰত ষ্ট্ৰবেৰীৰ বতৰ আৰম্ভঃ পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগে লগে পোখা মেলিছে কৃষকৰ সপোনে

Story by  atv | Posted by  [email protected] • 4 h ago
খেতিপথাৰৰ পৰা ষ্ট্ৰবেৰী চপাইছে কাশ্মীৰী যুৱতীয়ে
খেতিপথাৰৰ পৰা ষ্ট্ৰবেৰী চপাইছে কাশ্মীৰী যুৱতীয়ে
 
বসিত জাৰগাৰ / শ্ৰীনগৰ

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু তাৰ পিছত ভাৰতীয় সেনাই পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত আৰম্ভ কৰা অপাৰেচন সেন্দুৰৰ ফলত সৃষ্টি হোৱা হুলস্থুল এতিয়া ক্ৰমাত শান্ত হৈছে। ইয়াৰ লগে লগে কাশ্মীৰ উপত্যকাত মানুহে নিজৰ খেতি-বাতিত মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰিছে।
 
কাশ্মীৰত ইতিমধ্যে ষ্ট্ৰবেৰী চপোৱাৰ কাম আৰম্ভ হৈছে। ই স্থানীয় কৃষকসকলৰ বাবে আশা আৰু চিন্তা কঢ়িয়াই আনিছে। ষ্ট্ৰবেৰী উৎপাদনৰ বাবে বিখ্যাত গাছো আৰু হাজৰতবালৰ দৰে গাঁৱত খেতিয়কসকলে বতৰৰ প্ৰথম ফল ছিঙাত ব্যস্ত হৈ আছে।
 
কিন্তু বতৰৰ পৰিৱৰ্তনৰ ফলত এইবাৰ শস্যৰ ওপৰত প্ৰভাৱ পৰিছে। এপ্ৰিল মাহত হোৱা প্ৰচণ্ড বৰষুণৰ পিছত মে’ মাহৰ আৰম্ভণিতে হঠাৎ গৰমে শস্যৰ এক বৃহৎ অংশ ক্ষতিগ্ৰস্ত কৰিছে। বহু কৃষকে কয় যে তেওঁলোকৰ উৎপাদন স্বাভাৱিকতকৈ কম আৰু ইতিমধ্যে কিছুমান ফল পথাৰত পচি গৈছে।
 
ষ্ট্ৰবেৰী খেতিৰে স্বাৱলম্বী হৈছে কাশ্মীৰৰ বহু মহিলা
 
শ্ৰীনগৰ জিলাৰ কৃষক মনজুৰ আহমেদে কয়, "বৰষুণৰ বাবে আমাৰ প্ৰায় ৩০ শতাংশ শস্য নষ্ট হৈছে। জামুবোৰ বহুত সোনকালে পকিবলৈ ধৰিলে আৰু চপোৱাৰ আগতেই পচিবলৈ ধৰিলে।"  উল্লেখ্য যে, বতৰৰ সমস্যাৰ বাহিৰেও শীতল ভঁৰালৰ ব্যৱস্থাৰ অভাৱে কৃষকসকলক বিপদত পেলাইছে। ষ্ট্ৰবেৰী অতি সোনকালে নষ্ট হয় আৰু যিমান পাৰি সোনকালে বিক্ৰী কৰিব লাগে। সঠিকভাৱে সংৰক্ষণ নহ’লে বহু ফল বজাৰ পোৱাৰ আগতেই নষ্ট হৈ যায়।
 
এনে প্ৰত্যাহ্বানৰ মাজতো ষ্ট্ৰবেৰী খেতি কাশ্মীৰ উপত্যকাৰ বহু পৰিয়ালৰ বাবে আয়ৰ এক প্ৰধান উৎস হৈয়েই আছে। এই ফল কাশ্মীৰৰ বতৰত প্ৰথম পকিব আৰম্ভ কৰা ফলৰ ভিতৰত অন্যতম আৰু স্থানীয় বজাৰত ইয়াৰ অত্যন্ত চাহিদা আছে। কৃষকসকলে এতিয়া চৰকাৰক আহ্বান জনাইছে যে ভৱিষ্যতে শস্যৰ সুৰক্ষাৰ বাবে শীতল ভঁৰাল ইউনিট আৰু পৰিবহণৰ ক্ষেত্ৰত চৰকাৰে তেওঁলোকক সহায় কৰিব লাগে। এই মুহূৰ্তত কাশ্মীৰৰ ষ্ট্ৰবেৰীৰ পথাৰত খেতিয়কসকলৰ ব্যস্ততা বাঢ়িছে যদিও তেওঁলোক কিন্তু অনিশ্চয়তাতো আছে।
 
বিক্ৰীৰ বাবে ষ্ট্ৰবেৰী পেকেটত ভৰোৱাৰ মূহূৰ্ত
 
কাশ্মীৰত এই বতৰৰ প্ৰথমটো ফলৰ খেতি হৈছে ষ্ট্ৰবেৰী। ছমাহৰ কঠোৰ শীতকালৰ অন্তত উপত্যকাটোত এইটোৱেই প্ৰথম ফলমূলৰ খেতি। মে’ মাহৰ মাজভাগৰ পৰা ষ্ট্ৰবেৰী চপোৱা আৰম্ভ হয় আৰু ১০ৰ পৰা ১৫ দিনলৈকে চপোৱা হয়।
 
কাশ্মীৰৰ প্ৰথম ফলমূলৰ খেতি হৈছে ষ্ট্ৰবেৰী, যিটো মূলতঃ শ্ৰীনগৰৰ উপকণ্ঠ অঞ্চলত অৱস্থিত গাছো (Gaso) অঞ্চলত কৰা হয়। গাছোক ষ্ট্ৰবেৰী গাঁও বুলি জনা যায় আৰু ইয়াত ষ্ট্ৰবেৰী চপোৱাৰ বতৰ মে’ মাহৰ মাজভাগৰ পৰা আৰম্ভ হয় আৰু ১০ৰ পৰা ১৫ দিনলৈকে থাকে। 
 
ষ্ট্ৰবেৰীৰ খেতি পথাৰত কাশ্মীৰী মহিলাৰ ব্যস্ততা
 
উল্লেখ্য যে, আন ফলৰ তুলনাত কাশ্মীৰ উপত্যকাত আটাইতকৈ আগতীয়াকৈ গজা ফলৰ খেতি হৈছে ষ্ট্ৰবেৰী। ষ্ট্ৰবেৰীৰ বতৰ চুটি, ই মে’ মাহৰ মাজভাগৰ পৰা চপোৱা আৰম্ভ হয় আৰু ১০ৰ পৰা ১৫ দিনলৈকে চপোৱা হয়। সাধাৰণতে কৃষকসকলে সন্ধিয়া ষ্ট্ৰবেৰী ছিঙি পিছদিনা পুৱা বজাৰলৈ লৈ যায়। গাছো অঞ্চলৰ অধিকাংশ ফল শ্ৰীনগৰৰ পৰিমপোৰাত অৱস্থিত পাইকাৰী বজাৰত বিক্ৰী কৰা হয়।