নতুন দিল্লী
অপাৰেচন সেন্দুৰৰ পিছত সোমবাৰে সন্ধিয়া প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তান আৰু সমগ্ৰ বিশ্বলৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে যে সন্ত্ৰাস আৰু বাণিজ্য, সন্ত্ৰাস আৰু আলোচনা একেলগে আগবাঢ়িব নোৱাৰে বুলি দৃঢ়তাৰে কয়।
"এয়া যুদ্ধৰ যুগ নহয়, কিন্তু সন্ত্ৰাসবাদৰো যুগো নহয়" বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতে শান্তি ৰক্ষা কৰিবলৈ হ'লে ই শক্তিশালী হৈ থাকিব লাগিব, আৰু প্ৰয়োজন সাপেক্ষে সেই শক্তি প্ৰয়োগ কৰিব লাগিব।
প্ৰধানমন্ত্ৰী মোদীয়ে 'অপাৰেচন সেন্দুৰ' সন্দৰ্ভত আগবঢ়োৱা ভাষণে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বাতৰিৰ শিৰোনাম দখল কৰিছে। সীমান্তৰ সীপাৰৰ পৰা হৈ থকা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ স্থিতি আৰু সংকল্পৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে গুৰুত্ব আৰোপ কৰা দেখা গৈছে। প্ৰধানমন্ত্ৰীৰ আত্মবিশ্বাসী ভাষা, বিশেষকৈ পাৰমাণৱিক ব্লেকমেইলৰ বিৰুদ্ধে দিয়া সতৰ্কবাণী আৰু অপাৰেচন সেন্দুৰক ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী কৌশলৰ 'স্বাভাৱিক পদক্ষেপ' বুলি ঘোষণা কৰাক বিশ্ব সংবাদ মাধ্যমে বিশেষভাৱে আলোকপাত কৰে।
ৱাশ্বিংটন প'ষ্টত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বাতৰি
প্ৰধানমন্ত্ৰীৰ ভাষণৰ সন্দৰ্ভত ৱাশ্বিংটন পোষ্টে ইছলামবাদক দিয়া সতৰ্কবাণীক আলোকপাত কৰি কয় যে ভাৰতে কেৱল নিজৰ সামৰিক কাৰ্যকলাপ স্থগিতহে ৰাখিছে, বন্ধ হোৱা নাই। ভৱিষ্যতে দেশখনত কোনো সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হ’লে ভাৰতে নিজৰ ধৰণে প্ৰতিশোধ ল’ব।
ব্ৰিটেইনৰ বাতৰি কাকত দ্য গাৰ্ডিয়ানে (The Guardian)ও প্ৰায় একেখিনি কথাকে বাতৰিৰ শিৰোনাম কৰে। যোৱা সপ্তাহত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ বাবে উত্থাপিত হোৱা “পাৰমাণৱিক ভাবুকি”ৰ প্ৰতি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া তেওঁলোকে অধিক উজ্জ্বল কৰি তুলিছে। ইয়াত উল্লেখ কৰা হৈছে যে পাকিস্তানৰ সৈতে ভৱিষ্যতে যিকোনো সংঘাতত ভাৰতে “পাৰমাণৱিক ব্লেকমেইল” সহ্য নকৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক সম্বোধন কৰা বক্তব্যৰ বাতৰি প্ৰকাশ কৰিছে বিবিচি-এ
ইফালে, বিবিচি নিউজৰ প্ৰতিবেদনত প্ৰধানমন্ত্ৰী মোদীৰ কঠোৰ বক্তব্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। “পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে,” আৰু ভৱিষ্যতে কোনো আক্ৰমণ সংঘটিত হ’লে পাকিস্তানৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সতৰ্কবাণী কাকতখনে সবিস্তাৰে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ উদ্ধৃতিৰে বিবিচিয়ে কয়, ‘এয়া যুদ্ধৰ যুগ নহয়, কিন্তু এইটো সন্ত্ৰাসৰো যুগ নহয়।"
অপাৰেচন সেন্দুৰে “সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত নতুন মাপকাঠি” সৃষ্টি কৰিছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে কৰা দাবীক 'দ্য জাপান টাইমছ'-এ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। প্ৰতিবেদনত পাৰমাণৱিক ব্লেকমেইলৰ প্ৰতি তেওঁৰ সঁহাৰিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে, লগতে পাকিস্তানৰ সৈতে ভৱিষ্যতৰ আলোচনাত কেৱল সন্ত্ৰাসবাদ আৰু কাশ্মীৰৰ ওপৰত গুৰুত্ব দিয়া হ’ব বুলিও তেওঁৰ বক্তব্যক সংবাদ পত্ৰখনে প্ৰথম পৃষ্ঠাত স্থান দিছে।
প্ৰধানমন্ত্ৰী মোদীৰ ভাষণক লৈ 'দ্যা জাপান টাইমছ'ৰ বাতৰি
পাকিস্তানী সম্প্ৰচাৰক ছামা টিভি (Samaa TV)ৰ কভাৰেজত প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া সতৰ্কবাণীৰ ওপৰত গুৰুত্ব আৰোপ কৰি কোৱা হৈছে যে অপাৰেচন সেন্দুৰক “সমাপ্ত কৰা হোৱা নহয়, বৰং স্থগিতহে ৰখা হৈছে।” ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে পাকিস্তানৰ “পাৰমাণৱিক ব্লেকমেইল”ৰ দ্বাৰা ভাৰত উদ্বিগ্ন নহয় বুলি কোৱা বক্তব্যৰ কথাও বিশেষভাৱে উল্লেখ কৰা হৈছে।
উল্লেখ্য যে, সোমবাৰে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰে যে যদি পাকিস্তানে নিজৰ অস্তিত্ব জীয়াই ৰাখিব বিচাৰিছে তেন্তে তেওঁলোকৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনি ভাঙি পেলাব লাগিব, তেওঁলোকৰ বাবে শান্তিৰ আন কোনো পথ নাই।