বি এছ এফৰ শ্বহীদ বিষয়া মহম্মদ ইমতিয়াজৰ ত্যাগক লৈ বিহাৰত শোকৰ ছাঁ; গৌৰৱান্বিত গাঁওবাসী

Story by  atv | Posted by  [email protected] • 30 d ago
শ্বহীদ পিতৃক শেষ বিদায় পুত্ৰ ইমদাদৰ
শ্বহীদ পিতৃক শেষ বিদায় পুত্ৰ ইমদাদৰ
 
ৰাজীৱ কুমাৰ সিং / চাপৰা (বিহাৰ)

জম্মু-কাশ্মীৰৰ সীমান্তত পাকিস্তানৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি প্ৰাণ আহুতি দিয়া বি এছ এফৰ উপ-পৰিদৰ্শক মহম্মদ ইমতিয়াজৰ জন্মস্থান বিহাৰৰ চাপৰাত গভীৰ শোকৰ ছাঁ পৰিছে। যোৱা ১০ মে’ত পাকিস্তানৰ সৈতে হোৱা এল অ’ চিৰ সংঘৰ্ষত শ্বহীদ হৈছিল চাপৰা জিলাৰ গড়খা ব্লকৰ নাৰায়ণপুৰ গাঁৱৰ বাসিন্দা মহম্মদ ইমতিয়াজ।
 
জম্মুৰ ৰণবীৰসিংহ পুৰা ছেক্টৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত তেওঁ কৰ্মৰত আছিল। সীমান্ত সুৰক্ষা বাহিনীৰ এজন বিষয়াই জনোৱা মতে, উপ-পৰিদৰ্শক মহম্মদ ইমটিয়াজে সাহসেৰে অভিযানৰ নেতৃত্ব দি জীৱন ত্যাগ কৰে।
 
নাৰায়ণপুৰ গাঁৱত অৱস্থিত কবৰস্থানত “ভাৰত মাতা কি জয়” ধ্বনিৰে তেওঁক সামৰিক সন্মানেৰে সমাধিস্থ কৰা হয়। ইমতিয়াজৰ শৰীৰত ৰাইজে  ফুলেৰে শ্ৰদ্ধা জ্ঞাপন কৰে। শ্বহীদ হোৱাৰ পূৰ্বে মহম্মদ ইমতিয়াজে পত্নী, দুজন পুত্ৰ আৰু দুগৰাকী কন্যাক এৰি থৈ যায়। বি এছ এফে এক্সত কয় যে পাকিস্তানৰ বিৰুদ্ধে যুঁজত মহম্মদ ইমতিয়াজে সন্মুখৰ পৰা নেতৃত্ব দিছিল।
 
মহম্মদ ইমতিয়াজৰ শ্বহীদ হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ জন্ম গাঁও আৰু সমগ্ৰ জিলাখন শোকত ভাগি পৰে। তেওঁৰ ঘৰৰ বাহিৰত এক বৃহৎ জনসমাগম গোট খাইছিল; জাতি-ধৰ্ম নিৰ্বিশেষে সকলো লোকে পৰিয়ালটোৰ প্ৰতি নিজৰ সহানুভূতি আৰু সাহসী পুত্ৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল।
দেওবাৰে সন্ধিয়া ইমতিয়াজৰ মৃতদেহ থকা ত্ৰিৰঙী মেৰিয়াই থোৱা কফিন এটা শেষকৃত্য অনুষ্ঠানৰ বাবে গাঁৱখনত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ পৰিয়ালটো স্তম্ভিত হৈ পৰে যদিও দেশৰ বাবে তেওঁৰ ত্যাগক লৈ সকলোৱে গৌৰৱ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পৰিয়ালটোক সদস্যসকলক সাক্ষাৎ কৰে আৰু তেওঁলোকক সান্ত্বনা দিয়ে। তেওঁ পৰিয়ালটোক ৫০ লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে। পিছত বিষয়াসকলে কয় যে ২১ লাখ টকা বিহাৰ চৰকাৰৰ তহবিলৰ পৰা আৰু ২৯ লাখ টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা শ্বহীদ সেনাৰ পৰিয়ালটোক আগবঢ়োৱা হ'ব।
 
মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মহম্মদ ইমতিয়াজৰ পত্নী শ্বাহনাজ আজিম, কন্যা বেনজিৰ খাটুন আৰু ফৰিদা খাতুন আৰু পুত্ৰ ইমৰাণ আৰু ইমাদ ৰাজাৰ সৈতে প্ৰায় পাঁচ মিনিট সময় কথা পাতে। ইয়াৰ মাজতে পৰিয়ালটোৱে দাবী জনাইছে যে স্বাস্থ্য কেন্দ্ৰ বা কোনো পথৰ দৰে চৰকাৰী সুবিধাসমূহ তেওঁলোকৰ শ্বহীদ পুত্ৰৰ নামেৰে নামাকৰণ কৰা উচিত।
মহম্মদ ইমতিয়াজৰ নামত এটা স্মৃতিসৌধ আৰু ডাঙৰ পুত্ৰৰ বাবে এটা চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰি দিবলৈ পৰিয়ালটোৱে মুখ্যমন্ত্রীক অনুৰোধ জনায়। মুখ্যমন্ত্ৰীয়ে উপস্থিত বিষয়াসকলক এই অনুৰোধ কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়। 
 
ইফালে, জম্মুৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত দেশৰ নিৰাপত্তাৰ বাবে প্ৰাণ আহুতি দিয়া বিহাৰৰ চাপৰা নিবাসী বি এছ এফৰ সাহসী উপ-পৰিদৰ্শক মহম্মদ ইমতিয়াজৰ বীৰত্ব আৰু ত্যাগক সন্মান জনাইছে আৰজেডি নেতা তেজস্বী যাদৱে। দেশবাসীয়ে তেওঁৰ বীৰত্ব, সাহস, ত্যাগ, দেশপ্ৰেমক সদায় মনত ৰাখিব বুলি তেজস্বীয়ে টুইটাৰত উল্লেখ কৰে।
শ্বহীদ মহম্মদ ইমতিয়াজৰ পুত্ৰ ইমদাদে কয়, “আমাৰ পিতৃয়ে দেশৰ বাবে জীৱন ত্যাগ কৰিছে। দেশৰ বাবে প্ৰাণ আহুতি দিয়া সকলো জোৱানক লৈ আমি অতি গৌৰৱান্বিত। সকলোকে প্ৰণাম জনাইছো। সকলোকে ছ্যেলুট। মই বিচাৰো পাকিস্তানে কঠোৰ শাস্তি পাওক।” 
 
শ্বহীদ ইমতিয়াজৰ পৰিয়ালৰ আন এজন সদস্য তেওঁৰ ভাতৃ মহম্মদ মুস্তাফাও সেনাবাহিনীত কৰ্মৰত আৰু বৰ্তমান মেঘালয়ত কৰ্মৰত। ইমতিয়াজৰ পুত্ৰ মহম্মদ ইমৰাণ ৰাজাই পাটনা পিএমচিএইচত কাম কৰি আছে, আৰু সৰু পুত্ৰ ইমদাদ ৰাজাই দিল্লীত অধ্যয়ন কৰি ইউপিএছচিৰ বাবে প্ৰস্তুতি চলাই আছে।  তেওঁ ইউ পি এছ চিত সফল হ’বলৈ আৰু শ্বহীদ পিতৃৰ সপোন পূৰণ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ।