জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল; কাৰণ ৰাজ্যক জনোৱা হোৱা নাই: হিমন্ত বিশ্ব শৰ্মা

Story by  atv | Posted by   Imtiaz Ahmed • 12 h ago
জাপানৰ প্ৰধানমন্ত্ৰী সানায় তাকাইচি
জাপানৰ প্ৰধানমন্ত্ৰী সানায় তাকাইচি
গুৱাহাটী

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে জানিবলৈ দিয়ে যে জাপানৰ প্ৰধানমন্ত্ৰী সানায় তাকাইচিৰ অসম ভ্ৰমণসূচী বাতিল কৰা হৈছে। লজিষ্টিক বা ব্যৱস্থাপনাগত সমস্যাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে যদিও জাপানৰ প্ৰধানমন্ত্ৰীৰ নতুন দিল্লী ভ্ৰমণ পূৰ্বনিৰ্ধাৰিত সূচী অনুসৰিয়েই অনুষ্ঠিত হ’ব।

সংবাদ মাধ্যমক শৰ্মাই কয় যে সোমবাৰে নিশা প্ৰায় ১০:৩০ বজাত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে অসমৰ মুখ্য সচিবক অসম ভ্ৰমণ বাতিল হোৱাৰ বিষয়ে অৱগত কৰে।

মুখ্যমন্ত্ৰীয়ে কয়, “বৈদেশিক সচিবে জনাইছে যে লজিষ্টিক সমস্যাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱিত অসম ভ্ৰমণ বাতিল কৰা হৈছে। অৱশ্যে তেওঁৰ ভ্ৰমণ এতিয়া কেৱল নতুন দিল্লীত সীমাবদ্ধ থাকিব। লগতে আমাক এই আশ্বাস দিয়া হৈছে যে প্ৰস্তাৱিত বিনিয়োগ সন্মিলন দুয়োপক্ষৰ সুবিধাজনক এক তাৰিখত অনুষ্ঠিত হ’ব।”

ভ্ৰমণ বাতিলৰ আঁৰৰ সঠিক কাৰণ এতিয়াও ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে বিষয়টো সন্দৰ্ভত অধিক স্পষ্টীকৰণ বিচাৰিব।

তেওঁ কয়, “ভ্ৰমণ বাতিলৰ কাৰণ আমাক ব্যাখ্যা কৰা হোৱা নাই। ইয়াৰ প্ৰকৃত কাৰণ আমি জানিব লাগিব। মই দিল্লীলৈ গৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰাৰ পিছত হয়তো বিষয়টো অধিক স্পষ্টভাৱে বুজি পাম।”

এই ঘটনাক হতাশাজনক বুলি অভিহিত কৰি শৰ্মাই স্মৰণ কৰায় যে ২০১৯ চনতো জাপানৰ প্ৰধানমন্ত্ৰীৰ এক প্ৰস্তাৱিত অসম ভ্ৰমণ বাস্তৱায়িত হোৱা নাছিল।

তেওঁ কয়, “এইটো আমাৰ বাবে এক দুখজনক মুহূৰ্ত। বিগত প্ৰায় এমাহ ধৰি জাপান দূতাবাসৰ বিষয়াসকল গুৱাহাটীত অৱস্থিত হৈ ভ্ৰমণৰ সকলো প্ৰস্তুতি তদাৰক কৰি আছিল। হোটেলৰ ব্যৱস্থা, খাদ্য যোগান আৰু আন সকলো লজিষ্টিক ব্যৱস্থাও ইতিমধ্যে চূড়ান্ত কৰা হৈছিল।”

ভ্ৰমণ বাতিলৰ কাৰণ সন্দৰ্ভত চৰকাৰীভাৱে নিশ্চিত তথ্য লাভ নকৰাকৈ কোনো ধৰণৰ অনুমান কৰিবলৈ অনিচ্ছুক বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰে।

তেওঁ কয়, “পৰৱৰ্তী সময়ত মই পৰিস্থিতিটো মূল্যায়ন কৰি বুজিবলৈ চেষ্টা কৰিম যে কিয় এই ভ্ৰমণ বাতিল কৰা হ’ল। এই মুহূৰ্তত যথাযথ তথ্য অবিহনে মই আৰু অধিক মন্তব্য কৰিব নিবিচাৰো।”

এই বাধাৰ পিছতো জাপানৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ’বলগীয়া প্ৰস্তাৱিত বিনিয়োগ সন্মিলন ভৱিষ্যতে কোনো এক সময়ত অনুষ্ঠিত হ’ব বুলি অসম চৰকাৰে আশা ব্যক্ত কৰিছে।