গুৱাহাটী
অসম আৰক্ষীয়ে ২১ জন অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে।
হিন্দী গুপ্তচৰভিত্তিক ছবি ধুৰন্ধৰৰ প্ৰসংগ উল্লেখ কৰি তেওঁ বৃহস্পতিবাৰে এক্সত এক পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "অসমত সকলো মানুহ 'ধুৰন্ধৰ' নহয়!"
তেওঁ লিখিছে, "২১ জন অবৈধ অনুপ্ৰৱেশকাৰীয়ে অসমত অবৈধভাৱে থাকিবলৈ চেষ্টা কৰিছিল। কিন্তু অসম আৰক্ষীয়ে তেওঁলোকক দ্ৰুতগতিত চিনাক্ত কৰি ৰাজ্যৰ সুৰক্ষাৰ প্ৰতি সৃষ্টি কৰা ভাবুকি নস্যাৎ কৰিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে।"
অৱশ্যে, এই ২১ জনক অসমৰ কোন অঞ্চলত চিনাক্ত কৰা হৈছিল বা তেওঁলোকৰ বিৰুদ্ধে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, সেই বিষয়ে মুখ্যমন্ত্ৰীয়ে কোনো সবিশেষ তথ্য প্ৰকাশ কৰা নাই।
ইয়াৰ পূৰ্বে অসম চৰকাৰে বিধানসভাত জনাইছিল যে, বিগত ১০ বছৰত ৰাজ্যখনৰ পৰা মুঠ ২,১০০ জন অবৈধ বিদেশীক বহিষ্কাৰ, প্ৰত্যাৰ্পণ বা নিজ নিজ দেশলৈ ঘূৰাই পঠোৱা হৈছে। ইয়াৰে ২,০২৩ জন বাংলাদেশী নাগৰিক আছিল বুলি চৰকাৰে সদনত তথ্য দাখিল কৰিছিল।