ONGCৰ পাইপলাইনৰ পৰা খাৰুৱা তেল চুৰিৰ ঘটনাত ‘জড়িত’ থকাৰ অভিযোগত আৰক্ষী অধীক্ষক গ্ৰেপ্তাৰ

Story by  PTI | Posted by   Imtiaz Ahmed • 1 d ago
সহ-জিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ
সহ-জিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ
গোলাঘাট

অসমৰ গোলাঘাট জিলাৰ সৰুপথাৰৰ সহ-জিলা আৰক্ষী অধীক্ষক (CDSP) দীপেন পাটৰক ONGCৰ পাইপলাইনৰ পৰা খাৰুৱা তেল চুৰিৰ ঘটনাত জড়িত থকাৰ অভিযোগত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হয় বুলি আৰক্ষীয়ে জনায়।

অসমত সহ-জিলা হৈছে জিলাৰ ভিতৰত থকা সৰু প্ৰশাসনিক একক। ইয়াৰ অসামৰিক প্ৰশাসনৰ দায়িত্ব অতিৰিক্ত জিলা আয়ুক্ত পদমৰ্যাদাৰ এগৰাকী বিষয়াৰ হাতত থাকে আৰু আইন-শৃংখলাৰ দায়িত্ব এগৰাকী আৰক্ষী অধীক্ষকৰ হাতত থাকে।

গোলাঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই পিটিআইক জনোৱা মতে, ৩ আগষ্টত সৰুপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত শ্যাম গাঁৱত সংঘটিত খাৰুৱা তেল চুৰিৰ ঘটনাত CDSP দীপেন পাটৰ সহযোগী হিচাপে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে।

তেওঁ কয়, “একে গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগত আন কেইবাজনো লোকক ২৯ আগষ্টতে গ্ৰেপ্তাৰ কৰা হৈছিল। তদন্তৰ সময়ত লাভ কৰা ভৌতিক প্ৰমাণৰ ভিত্তিত আজি CDSP পাটৰক গ্ৰেপ্তাৰ কৰা হয়।”

এই সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতা, ৰাজহুৱা সম্পত্তিৰ ক্ষতি প্ৰতিৰোধ আইন আৰু পেট্ৰ’লিয়াম আৰু মিনাৰেলছ পাইপলাইনছ (ভূমিত ব্যৱহাৰৰ অধিকাৰ অধিগ্ৰহণ) সংশোধনী আইনৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি তেওঁ কয়।

“তদন্ত অব্যাহত আছে। এই মুহূৰ্তত ইয়াতকৈ অধিক একো ক’ব নোৱাৰোঁ,” জ্যেষ্ঠ আৰক্ষী অধীক্ষক ডেকাই কয়।

ডেকাই জনোৱা মতে, CDSPগৰাকীক সৰুপথাৰৰ আদালতত হাজিৰ কৰোৱা হয় আৰু আৰক্ষীয়ে তেওঁৰ দুদিনীয়া জিম্মা বিচাৰিছে। অৱশ্যে আদালতে এই সন্দৰ্ভত এতিয়াও কোনো নিৰ্দেশ জাৰি কৰা নাই।