ভাৰতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুদ্ধ স্থগিতহে ৰাখিছে; পাকিস্তানৰ পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰোঃ প্ৰধানমন্ত্ৰী মোদী

Story by  atv | Posted by  [email protected] • 6 h ago
দেশবাসীক সম্বোধন কৰাৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
দেশবাসীক সম্বোধন কৰাৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

ভাৰতে পাকিস্তানত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুদ্ধ স্থগিতহে ৰাখিছে, বন্ধ কৰা নাই। সোমবাৰে সন্ধিয়া দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ কয় যে অনাগত দিনত ভাৰতে পাকিস্তানৰ আচৰণ পৰ্যবেক্ষণ কৰি তাৰ আধাৰত নিজৰ কাম-কাজৰ সিদ্ধান্ত ল'ব।
 
ভাৰতৰ স্থলসেনা, জলসেনা, বায়ু সেনা, বিএছএফ আৰু অৰ্ধসামৰিক বাহিনীসমূহ এতিয়াও সষ্টম হৈ আছে। আহি থকা দিনসমূহত ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰে বুলিও প্ৰধানমন্ত্ৰীয়ে পাকিস্তানক স্পষ্ট কৰি দিয়ে।
 
প্ৰধানমন্ত্ৰীয়ে কয়, "আমাৰ সেনা, নৌসেনা, বায়ুসেনা আৰু সীমান্ত সুৰক্ষা বাহিনী আৰু সকলো নিৰাপত্তা সংস্থা হাই এলাৰ্টত আছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ অভিযান সাময়িকভাৱে স্থগিত ৰখা হৈছে, পাকিস্তানৰ গতিবিধিৰ ওপৰত ভিত্তি কৰি এই অভিযান পুনৰ আৰম্ভ হ'ব পাৰে।"  
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক কয় যে ভাৰতৰ আক্ৰমণে সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি ধ্বংস কৰাই নহয়, তেওঁলোকৰ মনোবলও ভাঙি পেলাইছে। প্ৰতিজন সন্ত্ৰাসবাদী আৰু প্ৰতিটো সন্ত্ৰাসবাদী সংগঠনে ভাৰতৰ ভগ্নীসকলৰ কপালৰ সেন্দুৰ মচি দিয়াৰ উচিত শিক্ষা লাভ কৰিছে। সন্ত্ৰাসবাদীয়ে সপোনতো কল্পনা কৰা নাছিল যে ভাৰতে ইমান ডাঙৰ পদক্ষেপ ল’ব পাৰে, কিন্তু দেশে  যেতিয়া প্ৰথমে 'নেচন ফাৰ্ষ্ট'ৰ ধাৰণা লৈ একত্ৰিত হয়, তেতিয়া নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু বিচৰা ধৰণৰ ফলাফল লাভ কৰা হয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰৰ আগত দিয়া ভাষণত কয় যে অপাৰেচন সেন্দুৰ কেৱল এটা নাম নহয়, ই হৈছে কোটি কোটি ভাৰতীয়ৰ আৱেগ আৰু প্ৰতিজ্ঞাৰ প্ৰতিফলন। তেওঁ কয় যে আমি আমাৰ সেনাবাহিনীক সন্ত্ৰাসবাদীক ধ্বংস কৰিবলৈ ফ্ৰীহেণ্ড দিছিলো। আজি সকলো সন্ত্ৰাসবাদী শিবিৰে বুজি পাইছে যে আমাৰ কন্যা আৰু ভগ্নীসকলক ‘সেন্দুৰ’ মচি পেলোৱাৰ ফল কিমান ভয়াবহ হ'ব পাৰে।
 
যুদ্ধবিৰতিৰ বাবে পাকিস্তানে প্ৰথমে অনুৰোধ কৰিছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পাকিস্তানৰ সেনাই ভাৰতৰ ডিজিএমঅ’ৰ সৈতে যোগাযোগ কৰিছিল আৰু লগতে সহায় বিচাৰি আন্তঃৰাষ্ট্ৰীয় মহলৰ ওচৰলৈ গৈছিল। 

ইফালে, সিন্ধু জল সন্ধি স্থগিত ৰখাৰ কিছুদিন পিছতে পাকিস্তানলৈ এক ডাঙৰ বাৰ্তা প্ৰেৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, “তেজ আৰু পানী কেতিয়াও একেলগে বৈ থাকিব নোৱাৰে। সন্ত্ৰাসবাদ আৰু আলোচনা, সন্ত্ৰাসবাদ আৰু বাণিজ্যও একেলগে হ'ব নোৱাৰে। পাকিস্তানৰ সৈতে কেৱল সন্ত্ৰাসবাদ আৰু পিঅ'কে সন্দৰ্ভতহে আলোচনা সম্ভৱ হ'ব।"

ভাৰতে যে কেতিয়াও যুদ্ধ নিবিচাৰে, সেই কথা সমগ্ৰ বিশ্বক সোঁৱৰাই দি প্ৰধানমন্ত্ৰী মোদীয়ে আন এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই যে এই সময় যুদ্ধৰ নহয়, কিন্তু এই সময় সন্ত্ৰাসবাদৰো নহয়। সন্ত্ৰাসবাদৰ পৰা ভাৰতৰ জনসাধাৰণক সুৰক্ষিত কৰিবলৈ ভাৰত চৰকাৰে নিৰন্তৰ কাম কৰি যাব। 
 
সন্ত্ৰাসবাদীক সাৰ-পানী যোগাই থকা পাকিস্তানক এদিন সন্ত্ৰাসবাদেই ধ্বংস কৰিব বুলিও প্ৰধানমন্ত্ৰীয়ে সকীয়াই দিয়ে। তেওঁ কয় যে যদি শান্তিৰে জীয়াই থাকিব বিচাৰে, তেন্তে পাকিস্তানে তেওঁলোকৰ দেশত থকা সন্ত্ৰাসবাদৰ শিপা উভালি পেলাব লাগিব।