বিমান বাতিলৰ বাবে ডুবাইত আবদ্ধ দুলীয়াজানৰ ১৮ জনীয়া পৰ্যটকৰ গোট

Story by  atv | Posted by   Imtiaz Ahmed • 3 h ago
 871 ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
871 ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
গুৱাহাটী

ইৰাণৰ আক্ৰমণৰ পিছত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত অসমৰ দুলীয়াজানৰ ১৮ জনীয়া পৰ্যটন গোট এটা ডুবাইত আবদ্ধ হৈ পৰিছে।

মঙলবাৰে এই গোটটো ভাৰতলৈ উভতি অহাৰ কথা আছিল। কিন্তু নিৰাপত্তা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ডুবাইৰ কৰ্তৃপক্ষই বিমান যাত্ৰা বাতিল কৰাৰ ফলত ভাৰতীয় পৰ্যটকসকলে পৰিকল্পনা অনুসৰি যাত্ৰা কৰিব নোৱাৰিলে বুলি জানিব পৰা গৈছে।

গোটটোৰ সদস্যসকলে জনোৱা মতে, ইৰাণৰ আক্ৰমণৰ তেওঁলোকে বুৰ্জ খলিফা ভ্ৰমণ কৰি থকাৰ সময়তে সংঘটিত হয়। তেওঁলোকে কয় যে এই পৰিস্থিতিৰ ফলত নিৰাপত্তা ব্যৱস্থা অধিক বৃদ্ধি পায় আৰু পৰৱৰ্তী সময়ত বিমান সেৱাত ব্যাঘাত জন্মে।

দলটোৰ সদস্যসকলে কয় যে তেওঁলোক বৰ্তমা
ন নিৰাপদ আৰু ঘৰৰ পৰিয়ালৰ সংস্পৰ্শত আছে। তেওঁলোকে আশা প্ৰকাশ কৰে যে অতি সোনকালে বিমান সেৱা পুনৰ আৰম্ভ হ’ব, আৰু তাৰ পিছত তেওঁলোকে অতি সোনকালে ভাৰতলৈ উভতি আহিব পাৰিব।