আৰিফুল ইছলাম / গুৱাহাটী
অদম্য হেঁপাহ, কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতা থাকিলে যে যিকোনো লক্ষ্যতেই উপনীত হ’ব পাৰি, তাকেই পুনৰবাৰ প্ৰমাণ কৰিলে গুৱাহাটীৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে। বুধবাৰে ঘোষণা কৰা চিবিএছই (CBSE) ব'ৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত ৯৭ শতাংশ নম্বৰ লাভ কৰা তছনিম ৰহমানৰ প্ৰতিভা কেৱল পাঠ্যক্রমতেই সীমাবদ্ধ নহয়; তেওঁ সমান্তৰালভাৱে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাস্কেটবল খেলুৱৈও। ক্ৰীড়া আৰু পঢ়া-শুনা দুয়োটা দিশকে সুচাৰুৰূপে পৰিচালনা কৰি সুখ্যাতি অৰ্জন কৰাৰ বাবেই তছনিম আজি আন দহগৰাকী শিক্ষাৰ্থীতকৈ সম্পূৰ্ণ ব্যতিক্ৰম।
গুৱাহাটীৰ পানবজাৰস্থিত ড'ন ব'স্ক স্কুলৰ ছাত্ৰী তছনিম ৰহমানে শেহতীয়াকৈ ঘোষিত চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত সৰ্বমুঠ ৯৭ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ ইংৰাজীত ১০০ ৰ ভিতৰত ১০০, তথ্য প্ৰযুক্তিবিদ্যাত (IT) ৯৯, সমাজ বিজ্ঞানত ৯৮, বিজ্ঞানত ৯২, গণিতত ৯৪ আৰু অসমীয়াত ৯৪ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।
গুৱাহাটীৰ লাচিত নগৰ নিবাসী বিশিষ্ট সাংবাদিক দৌলত ৰহমান আৰু শিক্ষয়িত্ৰী মেহবুবা বেগমৰ জীয়ৰী তছনিমৰ এই অসামান্য সাফল্যই পৰিয়ালৰ লগতে সমগ্ৰ ওচৰ-চুবুৰীয়া অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। পঢ়া-শুনাৰ সমান্তৰালকৈ তছনিমে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাস্কেটবল খেলুৱৈ হিচাপেও নিজৰ পৰিচয় দাঙি ধৰিছে। ইতিমধ্যে তেওঁ অসমক প্ৰতিনিধিত্ব কৰি বহুবাৰ বহিঃৰাজ্যত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত তছনিম ৰহমানে নিজৰ অনুভৱ ব্যক্ত কৰি কয়, "মোৰ অত্যন্ত ভাল লাগিছে। আশা কৰা মতেই মই মোৰ ফলাফল লাভ কৰিছোঁ। ইয়াৰ বাবে মই সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাইছোঁ। তদুপৰি, মোৰ পিতৃ-মাতৃয়ে মোক প্ৰতিটো খোজতে সাহস দি আহিছে আৰু মোৰ শিক্ষাগুৰুসকলেও যথেষ্ট সহায় কৰিছে। ড'ন ব'স্ক স্কুলত মই দহ বছৰ পঢ়িলোঁ; এই বিদ্যালয়খন মোৰ বাবে দ্বিতীয় ঘৰৰ দৰেই। মোৰ সহপাঠীসকলৰো ফলাফল যথেষ্ট ভাল হৈছে, যাৰ বাবে মই অধিক আনন্দিত হৈছোঁ।"
ভূটান ভ্ৰমণৰ সময়ত তছনিম ৰহমান তেওঁৰ পৰিয়ালৰ সৈতে
বিদ্যালয়ৰ পাঠদান আৰু পঢ়া-শুনাৰ উপৰি তছনিমে নিজৰ খেলৰ অনুশীলনতো সমানেই গুৰুত্ব দিছিল। পৰীক্ষাৰ পূৰ্বে তেওঁ দৈনিক ১০ ঘণ্টাকৈ অধ্যয়ন কৰিছিল। বিদ্যালয়ৰ পৰা উভতি আহি কিছু সময় জিৰণি লোৱাৰ পিছত আবেলি টিউচনলৈ গৈছিল আৰু সন্ধিয়া পুনৰ পঢ়া মেজত বহিছিল। ইয়াৰ মাজতেই তেওঁ বাস্কেটবলৰ বাবেও সময় উলিয়াইছিল। তছনিমৰ মতে, বাস্কেটবলে তেওঁক পঢ়াৰ মানসিক চাপ নিয়ন্ত্ৰণ কৰাত যথেষ্ট সহায় কৰিছিল।
"বাস্কেটবল খেলি অহাৰ পিছত ভাগৰ লাগিলে মই প্ৰায় দুঘণ্টামান শুইছিলোঁ। তাৰ পাছত সাৰ পাই পুনৰ পঢ়াত বহিছিলোঁ। দশম শ্ৰেণীত উঠাৰ লগে লগে মই অধ্যয়নৰ সময়ো কিছু বৃদ্ধি কৰিছিলোঁ। খেলপথাৰত থকা সময়খিনিত মই অন্য কোনো কথা নাভাবোঁ। খেলিবলৈ গ'লে বন্ধু-বান্ধৱীসকলক লগ পাওঁ, যাৰ ফলত মোৰ মানসিক চাপ বহুখিনি লাঘৱ হয়। ইয়াৰ ফলশ্ৰুতিতেই মই পঢ়া-শুনাত অধিক মনোযোগ দিবলৈ সক্ষম হওঁ," তছনিমে কয়।
কামৰূপ মেট্ৰ' বাস্কেটবল দলে আন্তঃজিলা প্ৰতিযোগিতাত বিজয়ী হোৱাৰ পিছত ট্ৰ'ফীৰ সৈতে তছনিম ৰহমান আৰু তেওঁৰ বাস্কেটবল দলৰ খেলুৱৈসকল
সময়ৰ সঠিক ব্যৱহাৰ কৰিলে যে সকলো সম্ভৱ, সেই কথা নিজৰ আদৰ্শৰে প্ৰমাণ কৰিছে এইগৰাকী মেধাৱী ছাত্ৰীয়ে। "অসম তথা দেশৰ বাবে কিবা এটা ভাল কাম কৰাৰ মোৰ অদম্য হেঁপাহ আছে। আমি সকলো দিশতে আগবাঢ়ি গ'লেহে মানুহক সহায় কৰিব পাৰিম। সমাজ সেৱা কৰিবলৈ হ'লে প্ৰথমে নিজেই সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব লাগিব। আমাৰ বিদ্যালয়ত এই দিশটোত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হয়; পঢ়া-শুনাৰ উপৰি মানৱসেৱাৰ হকে কাম কৰিবলৈ আমাক সদায় উৎসাহিত কৰা হয়," তেওঁ লগতে কয়।
ভৱিষ্যত পৰিকল্পনাৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত তছনিমে কয়, "মই ইতিমধ্যে অসমক প্ৰতিনিধিত্ব কৰি বহুবাৰ খেলিছোঁ আৰু বাস্কেটবলত ভৱিষ্যতেও আগুৱাই যোৱাৰ আশা ৰাখিছোঁ। শিক্ষাগত দিশত, মই উচ্চতৰ মাধ্যমিকত বাণিজ্য শাখাত নামভৰ্তি কৰাৰ সিদ্ধান্ত লৈছোঁ। বাণিজ্য শাখাত বেংকিং, চাৰ্টাৰ্ড একাউণ্টেণ্ট (CA), কোম্পানী চেক্ৰেটেৰী (CS) আদিৰ দৰে বহুতো সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ আছে। বৰ্তমানলৈকে নিৰ্দিষ্টকৈ কোনো লক্ষ্য নিৰ্ধাৰণ কৰা নাই যদিও, এতিয়া মোৰ প্ৰধান কাম হ'ল নিয়মীয়াকৈ পঢ়া-শুনা চলাই যোৱা। উচ্চতৰ মাধ্যমিকত ভাল ফলাফল অৰ্জন কৰাৰ পিছতহে মই মোৰ ভৱিষ্যতৰ পেছা সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত ল'ম।"
তছনিম ৰহমানে তেওঁৰ বিদ্যালয়ৰ হৈ প্ৰতিনিধিত্ব কৰা এক অনুষ্ঠানত
উল্লেখ্য যে, তছনিমৰ পিতৃ এগৰাকী বিশিষ্ট সাংবাদিক হোৱাৰ বিপৰীতে মাতৃ এগৰাকী শিক্ষয়িত্ৰী। কন্যাৰ এই সাফল্যৰ আঁৰত পিতৃ-মাতৃৰ অৱদান অপৰিসীম। পঢ়া-শুনা আৰু ক্ৰীড়া- দুয়োটা ক্ষেত্ৰতেই তেওঁক সদায় উৎসাহিত কৰাৰ লগতে ঘৰত এক সুন্দৰ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত পিতৃ-মাতৃয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
তছনিমৰ মাতৃ মেহবুবা বেগমে আনন্দ প্ৰকাশ কৰি কয়, "নিজৰ সন্তানৰ ফলাফল যিয়েই নহওক কিয়, এগৰাকী অভিভাৱক হিচাপে সেয়াই আমাৰ বাবে সন্তুষ্টিৰ কাৰণ। অৱশ্যে আন সকলো অভিভাৱকৰ দৰেই আমাৰো যথেষ্ট আশা আছিল, কিন্তু ভগৱানে আমাৰ আশাতকৈয়ো অধিক দিলে। তাইৰ নিজৰ নেৰানেপেৰা প্ৰচেষ্টাৰ বাবেই আজি তাই এই সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ বাবে আমি অত্যন্ত আনন্দিত। খেলৰ প্ৰতি থকা তাইৰ প্ৰৱল ধাউতি দেখি আমি সদায় তাইক উৎসাহিত কৰিছিলোঁ আৰু খেলতো তাই যথেষ্ট সুন্দৰ প্ৰদৰ্শন কৰি আহিছে। মই সকলো অভিভাৱককে অনুৰোধ জনাব বিচাৰোঁ যে তেওঁলোকে যেন নিজৰ সন্তানক সময় দিয়ে। আমি সকলোৱে নিজৰ নিজৰ কৰ্মজীৱনত ব্যস্ত থাকোঁ যদিও, ল’ৰা-ছোৱালীক উপযুক্ত সময় দিয়াটো নিতান্তই প্ৰয়োজনীয়। আমি সন্তানক সময় দি তেওঁলোকক এনেদৰে গঢ়ি তুলিব লাগিব যাতে ভৱিষ্যতে তেওঁলোকে দেশৰ বাবে কিবা এটা অৱদান আগবঢ়াব পৰাকৈ উপযুক্ত হৈ উঠে।"