মালিক আছগৰ হাচমী / নতুন দিল্লী
বিহাৰৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক অভূতপূৰ্ব পৰিৱৰ্তন! ৰচনা হৈছে এক নতুন ইতিহাসৰ! দীৰ্ঘদিনীয়া 'নীতিশ যুগ'ৰ অৱসান ঘটাই ৰাজ্যখনৰ ৰাজনীতিত সংযোজন হৈছে এক নতুন অধ্যায়ৰ। সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে বিজেপিৰ শক্তিশালী নেতা সম্ৰাট চৌধুৰীয়ে। এই ঘটনাই কেৱল বিহাৰতেই নহয়, সমগ্ৰ দেশৰ ৰাজনীতিত খলকনি তুলিছে, কিয়নো তেওঁ হৈছে বিহাৰত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী।
নীতিশ কুমাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি ৰাজ্যসভালৈ যোৱাৰ সিদ্ধান্ত লোৱাৰ পিছতেই এই পৰিৱৰ্তন ঘটিছে। বৰ্তমান বিহাৰ বিধানসভাত বিজেপি আটাইতকৈ ডাঙৰ দল। কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ উপস্থিতিৰ পিছতো দলৰ হাইকামাণ্ডে সম্ৰাট চৌধুৰীৰ ওপৰত আস্থা প্ৰকাশ কৰিছে। এই সিদ্ধান্তই প্ৰমাণ কৰে যে সম্ৰাট চৌধুৰীৰ কেৱল তৃণমূল পৰ্যায়তেই যে এক শক্তিশালী ভেটি আছে তেনে নহয়, দিল্লী দৰবাৰতো তেওঁৰ স্থান যথেষ্ট উচ্চ।
মুংগেৰৰ পৰা ক্ষমতাৰ শীৰ্ষলৈ যাত্ৰা
১৯৬৮ চনৰ ১৬ নৱেম্বৰত মুংগেৰ জিলাৰ লখনপুৰ গাঁৱত সম্ৰাট চৌধুৰীৰ জন্ম হৈছিল। তেওঁ এটি ৰাজনৈতিক পৰিয়ালৰ পৰা আহিছে। তেওঁৰ পিতৃ শকুনি চৌধুৰী বিহাৰৰ ৰাজনীতিৰ এগৰাকী প্ৰবীণ খেলুৱৈ আছিল। শকুনি চৌধুৰী সাতবাৰকৈ বিধায়ক আৰু সাংসদ নিৰ্বাচিত হৈছিল। তেওঁৰ মাতৃ পাৰ্বতী দেৱীও তাৰাপুৰ সমষ্টিৰ বিধায়িকা আছিল। সম্ৰাট চৌধুৰীয়ে ৰাজনীতি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছে যদিও তেওঁ নিজৰ পৰিচয় নিজে গঢ়ি তুলিছে। তেওঁ প্ৰাথমিক শিক্ষা গাঁৱতেই সম্পূৰ্ণ কৰে আৰু পিছলৈ মাদুৰাই কামৰাজ বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে। অৱশ্যে তেওঁৰ শৈক্ষিক অৰ্হতাৰ বিষয়টোক লৈ সময়ে সময়ে বিতৰ্কৰো সৃষ্টি হৈ আহিছে।
ৰাজনৈতিক যাত্ৰাৰ আৰম্ভণি আৰু দল সলনি
সম্ৰাট চৌধুৰীয়ে ১৯৯০-ৰ দশকত সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিছিল। ৰাষ্ট্ৰীয় জনতা দল (RJD)ৰ জৰিয়তে তেওঁৰ কৰ্মজীৱনৰ আৰম্ভণি হৈছিল। মাত্ৰ ৩১ বছৰ বয়সতে ১৯৯৯ চনত ৰাবড়ী দেৱীৰ চৰকাৰত তেওঁ কৃষিমন্ত্ৰী হৈছিল। ইয়াৰ পিছত তেওঁ মুংগেৰৰ পৰবত্তা বিধানসভা আসনৰ পৰা ২০০০ আৰু ২০১০ চনত নিৰ্বাচনত জয়লাভ কৰে। ২০১০ চনত তেওঁক বিধানসভাৰ মুখ্য উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছিল।
২০১৪ চনত সম্ৰাট চৌধুৰীয়ে আৰজেডি (RJD)ক এক ডাঙৰ আঘাত দিয়ে। তেওঁ ১৩ গৰাকী বিধায়কৰ সৈতে বিদ্ৰোহ কৰি জনতা দল ইউনাইটেড (JDU)ত যোগদান কৰে। জীতন ৰাম মাঁঝী আৰু নীতিশ কুমাৰৰ চৰকাৰত তেওঁ নগৰ উন্নয়ন আৰু স্বাস্থ্যৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব পালন কৰিছিল।
বিজেপিত প্ৰৱেশ আৰু ক্ৰমবৰ্ধমান প্ৰতিপত্তি
২০১৮ চনত সম্ৰাট চৌধুৰীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। বিজেপিয়ে লগে লগে তেওঁক বিহাৰ প্ৰদেশৰ উপ-সভাপতিৰ দায়িত্ব দিয়ে। ২০২০ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ দলৰ ষ্টাৰ কেম্পেইনাৰ আছিল। নীতিশ কুমাৰ যেতিয়া এনডিএৰ লগত আছিল, তেতিয়া সম্ৰাট চৌধুৰীক বিজেপিৰ ফালৰ পৰা পঞ্চায়তীৰাজ মন্ত্ৰী বনোৱা হৈছিল। তেওঁৰ কাৰ্যকালত পঞ্চায়তীৰাজ বিভাগত কেইবাটাও ডাঙৰ সংস্কাৰ হৈছিল। তেওঁ চাফাই কৰ্মীৰ নিযুক্তি আৰু গ্ৰাম পঞ্চায়তৰ ডিজিটেলাইজেচনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। অৱশ্যে সদনৰ মজিয়াত বিধানসভাৰ অধ্যক্ষ বিজয় কুমাৰ সিনহাৰ সৈতে হোৱা তেওঁৰ তীব্ৰ তৰ্ক-বিতৰ্কও যথেষ্ট চৰ্চাত আছিল।
অ’বিচিৰ (OBC) মুখ আৰু দলীয় নেতৃত্ব
বিজেপিয়ে সম্ৰাট চৌধুৰীক বিহাৰৰ প্ৰদেশ সভাপতি পাতি এক ডাঙৰ ৰাজনৈতিক স্থিতি গ্ৰহণ কৰিছিল। তেওঁ কোইৰী (কুশৱাহা) জাতিৰ অন্তৰ্গত। বিহাৰৰ জাতিগত ৰাজনীতিত যাদৱসকলৰ পিছতে এয়া দ্বিতীয় সৰ্ববৃহৎ পিছপৰা শ্ৰেণীৰ গোট। নীতিশ কুমাৰৰ 'লৱ-কুশ' সমীকৰণত আঘাত হানিবলৈ দলে তেওঁক প্ৰস্তুত কৰিছিল। প্ৰদেশ সভাপতি হিচাপে তেওঁ নীতিশ চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলাইছিল। নীতিশ কুমাৰক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ নকৰালৈকে তেওঁ মূৰত পাগুৰি পিন্ধাৰ সংকল্প লৈছিল। পিছলৈ নীতিশ কুমাৰ পুনৰ এনডিএলৈ উভতি অহাৰ পিছত তেওঁ অযোধ্যালৈ গৈ নিজৰ পাগুৰি ভগৱান ৰামৰ চৰণত অৰ্পণ কৰিছিল।
বিহাৰৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী
মুখ্যমন্ত্ৰী হিচাপে নতুন প্ৰত্যাহ্বান
সম্ৰাট চৌধুৰী মুখ্যমন্ত্ৰী হোৱাটো বিহাৰ বিজেপিৰ বাবে এক বৃহৎ জয় হিচাপে বিবেচিত হৈছে। ২০২৪ চনৰ পৰা ২০২৬ চনলৈ তেওঁ বিহাৰৰ উপ-মুখ্যমন্ত্ৰী আছিল। এই সময়ছোৱাত তেওঁৰ হাতত বিত্ত আৰু গৃহৰ দৰে আটাইতকৈ গুৰুত্বপূৰ্ণ বিভাগ আছিল। গৃহমন্ত্ৰী হিচাপে তেওঁ বিহাৰত 'অপৰাধ মুক্ত শাসন'ৰ আৰ্হি কাৰ্যকৰী কৰাৰ চেষ্টা কৰিছিল। তেওঁ অপৰাধীসকলক সকীয়নি দিছিল আৰু অবৈধ খননৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। মহিলাৰ সুৰক্ষাৰ বাবে তেওঁ 'পিংগ পুলিচিং' আৰু 'অভয় ব্ৰিগেড'ৰ দৰে অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছিল।
বৃহৎ জয় আৰু ভৱিষ্যতৰ পথ
২০২৫ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি আটাইতকৈ ডাঙৰ দল হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছত সম্ৰাট চৌধুৰীৰ দাবী আৰু অধিক শক্তিশালী হৈ পৰিছিল। তেওঁ তাৰাপুৰ বিধানসভা আসনৰ পৰা ৪৫ হাজাৰতকৈও অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল। দলৰ নেতৃত্বই বিশ্বাস কৰে যে সম্ৰাট চৌধুৰীৰ প্ৰশাসনিক অভিজ্ঞতা আৰু কঠোৰ নেতৃত্ব প্ৰদানৰ ক্ষমতা, এই দুয়োটাই আছে।
বিহাৰ এতিয়া এনে এক পৰ্যায়ত আছে য'ত উন্নয়ন আৰু জাতিগত সমীকৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজন। সম্ৰাট চৌধুৰীৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে ৰাজ্যখনত ঔদ্যোগিক বিনিয়োগ বৃদ্ধি কৰা আৰু যুৱপ্ৰজন্মৰ বাবে সংস্থাপনৰ সৃষ্টি কৰা। বিত্তমন্ত্ৰী হিচাপে তেওঁ বিহাৰৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ বাজেটখন দাখিল কৰিছিল। এতিয়া মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ হাতত নিজৰ আঁচনিসমূহ পোনপটীয়াকৈ ৰূপায়ণ কৰাৰ ক্ষমতা আছে।
বিহাৰৰ জনসাধাৰণৰ দৃষ্টি এতিয়া তেওঁলোকৰ নতুন মুৰব্বীগৰাকীৰ ওপৰত নিৱদ্ধ হৈ আছে। সম্ৰাট চৌধুৰীয়ে বিহাৰক পিছপৰা অৱস্থাৰ পৰা মুক্ত কৰিব পাৰিবনে? তেওঁ বিজেপিৰ 'সুশাসন'ৰ দাবীক বাস্তৱত ৰূপায়ণ কৰিব পাৰিবনে? এই প্ৰশ্নসমূহৰ উত্তৰ অনাগত সময়তহে পোৱা যাব। বৰ্তমান পাটনাৰ পৰা দিল্লীলৈকে বিজেপি কৰ্মীসকলৰ মাজত ব্যাপক উৎসাহ বিৰাজ কৰিছে। সম্ৰাট চৌধুৰীয়ে প্ৰমাণ কৰি দিছে যে যদি সংগ্ৰামৰ শক্তি আৰু দলৰ সমৰ্থন থাকে, তেন্তে ক্ষমতাৰ শীৰ্ষস্থান বেছি দূৰত নহয়।
থোৰতেঃ
নামঃ সম্ৰাট চৌধুৰী (ওৰফে ৰাকেশ কুমাৰ)
জন্মঃ ১৬ নৱেম্বৰ ১৯৬৮, মুংগেৰ (বিহাৰ)
পদবীঃ বিহাৰৰ মুখ্যমন্ত্ৰী (২০২৬ চনৰ পৰা কাৰ্যকৰী)
জাতিঃ কোইৰী (কুশৱাহা) - বিজেপিৰ প্ৰধান অ’বিচি মুখ
পূৰ্বৰ পদবীঃ বিহাৰৰ উপ-মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী
প্ৰধানতঃ বিহাৰত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত