নতুন দিল্লী
হিমাচল প্ৰদেশৰ চম্বা জিলাত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনা। পৰ্যটকসহ মুঠ ৮ জন লোকৰ কৰুণ মৃত্যু ঘটে। জিলাখনৰ ভট্টিয়াত মহকুমাৰ অন্তৰ্গত কাকীৰা-লাহৰু পথত পুৱতি নিশা এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়।
জানিব পৰা মতে, এখন তীব্ৰবেগী পৰ্যটকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা ৫০০ মিটাৰ দট খাৱৈত বাগৰি পৰাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত দুটাকৈ শিশুসহ আন চাৰিজন যাত্ৰী গুৰুতৰভাৱে আহত হৈছে।
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, গুজৰাটৰ পৰা অহা পৰ্যটকৰ দলটোৱে এখন ইন’ভা বাহনেৰে মানালীৰ পৰা ডালহাউচিলৈ গৈ আছিল। দুৰ্ঘটনাৰ সময়ত সমগ্ৰ অঞ্চলটোত ধাৰাসাৰ বৰষুণ হৈছিল। ধাৰাসাৰ বৰষুণৰ বাবে চালকজনে বাহনখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই আৰু দ' খাৱৈত বাগৰি পৰে। চম্বা জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা মতে, দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগেই স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলে।
আনফালে, আটাইকেইগৰাকী আহতকে ততাতৈয়াকৈ কাংৰা জিলাত অৱস্থিত ড° ৰাজেন্দ্ৰ প্ৰসাদ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান চিকিৎসালয়খনত তেওঁলোকৰ জৰুৰীকালীন চিকিৎসা চলি আছে। আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ সম্পৰ্কে অধিক তদন্ত আৰম্ভ কৰিছে।