গুৱাহাটী
উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থাত এক নতুন যুগৰ সূচনা কৰিবলৈ আগবাঢ়িছে ধুবুৰী-ফুলবাৰী সেঁতু। ভাৰতৰ আটাইতকৈ দীঘলীয়া নদী সেঁতু আৰু পানীৰ ওপৰত বিশ্বৰ আটাইতকৈ দীঘলীয়া এক্সট্ৰাড'জড কেবল-ষ্টেইড সেঁতু হিচাপে নিৰ্মান কাৰ্য চলি থকা এই প্ৰকল্পৰ নিৰ্মাণকাৰ্য ইতিমধ্যে প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ হৈছে।
ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম (NHIDCL)ৰ তত্ত্বাৱধানত লাৰ্চেন এণ্ড টৌব্ৰ’ই ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ১৯.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সেঁতুখন নিৰ্মাণ কৰি আছে। নিৰ্ধাৰিত সময়সূচী অনুসৰি ২০২৮ চনৰ ছেপ্টেম্বৰ মাহত এই সেঁতুখন সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।
ৰাষ্ট্ৰীয় ঘাইপথ ১২৭বি-ৰ অংশ হিচাপে নিৰ্মাণ হৈ থকা এই সেঁতুৱে অসমৰ ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰীৰ মাজত প্ৰথমবাৰৰ বাবে স্থায়ী চাৰি লেনযুক্ত পথ সংযোগ স্থাপন কৰিব। ইয়াৰ ফলত বহু বছৰ ধৰি অঞ্চলটোৰ অন্যতম বৃহৎ যাতায়াত সমস্যাৰ সমাধান হ'ব।
আধুনিক এক্সট্ৰাড'জড কেবল-ষ্টেইড প্ৰযুক্তিৰে নিৰ্মাণ কৰা এই সেঁতুখনে সাধাৰণ বক্স গাৰ্ডাৰ সেঁতুৰ শক্তি আৰু কেবল-ষ্টেইড প্ৰযুক্তিৰ বিশেষ সুবিধাক একেলগে সংযুক্ত কৰিছে। সেঁতুৰ কেন্দ্ৰীয় অংশৰ দৈৰ্ঘ্য প্ৰায় ১২ কিলোমিটাৰ, যাক ব্ৰহ্মপুত্ৰৰ বুকুত গভীৰভাৱে স্থাপন কৰা ১৯৯টা বিশাল খুঁটাৰ ওপৰত ভৰ দি নিৰ্মাণ কৰা হৈছে।
প্ৰকল্পৰ বিষয়াসকলে জনোৱা মতে, বৰষুণৰ বতৰৰ বিভিন্ন প্ৰত্যাহ্বানৰ মাজতো দিন-ৰাতি অব্যাহত আছে নিৰ্মাণকাৰ্য। বৰ্তমান ২৫০ জনতকৈ অধিক অভিযন্তা আৰু প্ৰকল্প পৰিচালকৰ তত্বাৱধানত প্ৰায় ১,৮০০ৰ পৰা ২,০০০জন শ্ৰমিক এই বৃহৎ প্ৰকল্পত নিয়োজিত হৈ আছে।
দীৰ্ঘদিন ধৰি ধুবুৰী আৰু ফুলবাৰীৰ মাজত যাতায়াত কৰা লোকসকলে নাও সেৱা অথবা প্ৰায় ২৬০ কিলোমিটাৰ দীঘল পথৰ বিকল্প ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছিল। বতৰৰ ওপৰত নিৰ্ভৰশীল নাও সেৱাৰ লগতে এই পথ অতিক্ৰম কৰিবলৈ প্ৰায় পাঁচ ঘণ্টাতকৈ অধিক সময় লাগিছিল। কিন্তু সেঁতুখন সম্পূৰ্ণ হোৱাৰ পিছত দুয়ো ঠাইৰ মাজৰ দূৰত্ব মাত্ৰ ২০ কিলোমিটাৰলৈ হ্ৰাস পাব আৰু যাত্ৰাৰ সময় ১৫ৰ পৰা ২০ মিনিটলৈ কমি আহিব।
এই সেঁতুখনে অসম, মেঘালয়, ভূটান আৰু পশ্চিমবংগৰ কিছু অংশৰ মাজত এক সুসংহত পথ যোগাযোগ গঢ়ি তুলি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগ ব্যৱস্থাত আমূল পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে। ইয়াৰ ফলত স্বাস্থ্যসেৱা, শিক্ষা, বজাৰ ব্যৱস্থা, বাণিজ্য, পৰ্যটন আৰু আঞ্চলিক পৰিবহণ ব্যৱস্থা অধিক শক্তিশালী হোৱাৰ লগতে সামগ্ৰীৰ দ্ৰুত পৰিবহণো সহজ হ'ব।
বিষয়াসকলৰ মতে, উপ-হিমালয় অঞ্চলত অৰ্থনৈতিক গতিশীলতা বৃদ্ধি, বাণিজ্য সম্প্ৰসাৰণ আৰু লোক-সামগ্ৰীৰ দ্ৰুত চলাচল নিশ্চিত কৰাৰ ক্ষেত্ৰত ধুবুৰী-ফুলবাৰী সেঁতুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। উত্তৰ-পূৰ্বাঞ্চলত ৰূপায়ণ হৈ থকা অন্যতম বৃহৎ আন্তঃগাঁথনি প্ৰকল্প হিচাপে এই সেঁতুখন অঞ্চলটোৰ সামগ্ৰিক উন্নয়নত এক নতুন দিগন্ত উন্মোচন কৰিব বুলি আশা কৰা হৈছে।