মহাকাশ কেন্দ্ৰলৈ যাত্ৰা আৰম্ভ ভাৰতীয় বংশোদ্ভৱ মহাকাশচাৰী অনিল মেননৰ

Story by  atv | Posted by  Munni Begum • 3 h ago
মহাকাশচাৰী অনিল মেনন
মহাকাশচাৰী অনিল মেনন
 
নতুন দিল্লী
 
ভাৰতীয় বংশোদ্ভৱ নাছাৰ মহাকাশচাৰী ডাঃ অনিল মেননে দুজন ৰাছিয়ান মহাকাশচাৰীৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS)লৈ সফলতাৰে যাত্ৰা আৰম্ভ কৰিছে। কাজাখাস্তানৰ বাইকনুৰ কচমোড্ৰমৰ পৰা ছ’য়ুজ এম এছ-২৯ মহাকাশযানখন ভাৰতীয় সময় অনুসৰি যোৱা নিশা ৮:১৭ বজাত উৎক্ষেপণ কৰা হয়। এই উৎক্ষেপণৰ জৰিয়তে আঠ মাহজোৰা এক গুৰুত্বপূৰ্ণ বৈজ্ঞানিক মহাকাশ অভিযানৰ শুভাৰম্ভ হৈছে। ২০২৭ চনৰ এপ্ৰিল মাহত ক্ৰু সদস্যসকলে পৃথিৱীলৈ উভতি অহাৰ লগতে এই অভিযানৰ সামৰণি পৰিব। 
 
এই অভিযানত ডাঃ অনিল মেননৰ সৈতে ৰাছিয়াৰ মহাকাশচাৰী পিয়ট্ৰ ডুব্ৰভ আৰু আন্না কিকিনাও অংশগ্ৰহণ কৰিছে। তিনিওগৰাকী মহাকাশচাৰীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত বিভিন্ন বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা, মহাকাশ চিকিৎসা আৰু দীৰ্ঘম্যাদী মহাকাশ ভ্ৰমণৰ সৈতে জড়িত গৱেষণামূলক কাৰ্যসূচীত অংশ ল'ব। 
আমেৰিকাৰ মিনেছ’টাৰ মিনিয়াপলিছত জন্মগ্ৰহণ কৰা ডাঃ অনিল মেননৰ পূৰ্বপুৰুষৰ শিপা কেৰালাৰ পালাক্কাড জিলাৰ অট্টাপালামত। তেওঁৰ পিতৃ ভাৰতীয় শংকৰন মেনন আৰু মাতৃ ইউক্ৰেইনৰ এলিজাবেথ চামোয়েলেংকো। ডাঃ মেনন আন্না মেননৰ সৈতে বিবাহপাশত আবদ্ধ আৰু তেওঁলোকৰ দুটা সন্তান আছে।
 
চিকিৎসক, মেকানিকেল ইঞ্জিনিয়াৰ, আমেৰিকাৰ মহাকাশ বাহিনীৰ ফ্লাইট চাৰ্জন আৰু পাইলট হিচাপে সফল কেৰিয়াৰ গঢ়ি তোলাৰ পিছত নাছাৰ মহাকাশচাৰী হিচাপে নিৰ্বাচিত হোৱা ডাঃ মেননে এই প্ৰথমবাৰৰ বাবে মহাকাশলৈ যাত্ৰা কৰিছে। তেওঁৰ এই অভিযানত দীৰ্ঘদিনীয়া মানৱ মহাকাশ ভ্ৰমণৰ ফলত সৃষ্টি হোৱা চিকিৎসাজনিত প্ৰত্যাহ্বানসমূহৰ ওপৰত গৱেষণাত বিশেষ ভূমিকা পালন কৰাৰ আশা কৰা হৈছে। এই গৱেষণাৰ ফলাফল ভৱিষ্যতে চন্দ্ৰ আৰু মংগল গ্ৰহলৈ মানৱ অভিযানৰ ক্ষেত্ৰতো সহায়ক হ'ব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। 
 
মহাকাশলৈ উৰা মৰাৰ কেইঘণ্টামান পূৰ্বে সামাজিক মাধ্যম ইনষ্টাগ্ৰামত ডাঃ মেননে এই অভিযানক লৈ নিজৰ উৎকণ্ঠা আৰু উৎসাহৰ কথা প্ৰকাশ কৰে। তেওঁ নাছা, সহকৰ্মী, পৰিয়াল আৰু বন্ধু-বান্ধৱীক ধন্যবাদ জ্ঞাপন কৰি এই অভিযান সফল কৰাৰ বাবে সকলোৰে আশীৰ্বাদ বিচাৰে। 
 
 
ডাঃ অনিল মেননৰ শৈক্ষিক আৰু পেছাদাৰী জীৱনো যথেষ্ট উজ্জ্বল। তেওঁ হাৰ্ভাৰ্ড আৰু ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰে। ১৯৯৯ চনত নিউৰ'বায়'লজীত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ২০০৪ চনত মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ আৰু ২০০৬ চনত ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰ অৱ মেডিচিন (MD) ডিগ্ৰী লাভ কৰে। এৰোস্পেচ মেডিচিন আৰু জৰুৰীকালীন চিকিৎসা দুয়োটা বিষয়তে তেওঁ ব'ৰ্ড-চাৰ্টিফায়েড বিশেষজ্ঞ। 
 
২০১৪ চনত নাছাৰ ফ্লাইট চাৰ্জন হিচাপে যোগদান কৰাৰ পিছত তেওঁ একাধিক ছ’য়ুজ অভিযানৰ সৈতে জড়িত আছিল। পিছলৈ স্পেচএক্সত যোগদান কৰি কোম্পানীটোৰ চিকিৎসা কাৰ্যসূচী গঢ়ি তোলাৰ লগতে প্ৰথম মানৱ মহাকাশ অভিযানৰ প্ৰস্তুতিতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰিও তেওঁ ষ্টাৰশ্বিপ কাৰ্যসূচীৰ বিকাশ, ব্যক্তিগত মহাকাশচাৰী কাৰ্যসূচী আৰু গৱেষণা বিভাগৰ প্ৰতিষ্ঠাতো অৱদান আগবঢ়ায়।
 
ডাঃ মেননে জৰুৰীকালীন চিকিৎসা আৰু মহাকাশ চিকিৎসাৰ ওপৰত ২০টাতকৈও অধিক গৱেষণা প্ৰবন্ধ প্ৰকাশ কৰিছে। নাছাত ২০২২ চনত মহাকাশচাৰী প্ৰশিক্ষণ আৰম্ভ কৰাৰ পিছত দুবছৰীয়া কঠোৰ প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰি এতিয়া তেওঁ প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাত্ৰা কৰিছে।
 
ডাঃ অনিল মেননৰ এই ঐতিহাসিক অভিযানক ভাৰতীয় বংশোদ্ভৱ বিজ্ঞানীসকলৰ বাবে এক উল্লেখযোগ্য সাফল্য হিচাপে গণ্য কৰা হৈছে। মহাকাশ গৱেষণা, চিকিৎসা বিজ্ঞান আৰু আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক সহযোগিতাৰ ক্ষেত্ৰত তেওঁৰ এই অভিযান ভৱিষ্যতৰ মানৱ মহাকাশ অভিযানৰ বাবে নতুন দিশ মুকলি কৰিব বুলি আশা কৰা হৈছে।