ভাৰতীয় পাছপ'ৰ্ট কেৱল ভাৰতীয় নাগৰিককহে প্ৰদান কৰা হয়: বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়

Story by  atv | Posted by  Munni Begum • 3 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
ভাৰতীয় পাছপ'ৰ্ট নাগৰিকত্বৰ প্ৰমাণ হিচাপে গ্ৰহণ কৰিব পাৰি নেকি, এই বিতৰ্কৰ মাজতে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে (MEA) মঙলবাৰে স্পষ্ট কৰি কয় যে, পাছপ’ৰ্ট আইন ১৯৬৭ অনুসৰি ভাৰত চৰকাৰে কেৱল ভাৰতীয় নাগৰিককহে ভাৰতৰ পৰা বিদেশলৈ যাত্ৰা নিয়ন্ত্ৰণৰ উদ্দেশ্যে পাছপ'ৰ্ট প্ৰদান কৰে।
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে, পাছপ'ৰ্ট প্ৰদানৰ পূৰ্বে আইন অনুসৰি এক নিৰ্ধাৰিত প্ৰক্ৰিয়াৰে আবেদনকাৰীৰ সম্পূৰ্ণ পৰীক্ষা কৰা হয়। তেওঁ লগতে উল্লেখ কৰে যে, বৰ্তমান দেশৰ মুঠ জনসংখ্যাৰ ৮ শতাংশতকৈও কম লোকৰ হাতত ভাৰতীয় পাছপ'ৰ্ট আছে।
 
নিৰ্বাচন আয়োগে একাধিক ৰাজ্যত চলাই থকা বিশেষ নিবিড় পুনৰীক্ষণৰ(SIR) অভিযানৰ সময়ত ভোটাৰ তালিকাৰ নাগৰিকত্ব পৰীক্ষাৰ ক্ষেত্ৰত পাছপ'ৰ্ট গ্ৰহণযোগ্য নেকি বুলি উত্থাপিত প্ৰশ্নৰ উত্তৰ দিওঁতেই এমইএয়ে এই স্পষ্টীকৰণ আগবঢ়ায়।
 
জয়ছোৱালে কয়, "পাছপ’ৰ্ট আইন ১৯৬৭ অনুসৰি ভাৰত চৰকাৰে ভাৰতীয় নাগৰিকসকলক ভাৰতৰ পৰা বিদেশলৈ যাত্ৰা নিয়ন্ত্ৰণৰ উদ্দেশ্যে ভাৰতীয় পাছপ'ৰ্ট প্ৰদান কৰে।"
 
তেওঁ লগতে কয় যে, পাছপ’ৰ্ট আইন, ১৯৬৭, আৰু পাছপ’ৰ্ট নিয়ম, ১৯৮০ৰ অনুসৰি নিৰ্ধাৰিত আইনী প্ৰক্ৰিয়া আৰু সম্পূৰ্ণ পৰীক্ষাৰ পাছতহে পাছপ'ৰ্ট ইছ্যু কৰা হয়।