নতুন দিল্লী
ভাৰতৰ কেইবাখনো মহানগৰত প্ৰচণ্ড গৰমৰ উত্তাপৰ বাবে জনজীৱন অতি অতিষ্ঠ হৈ পৰিছে। এই অসহ্য গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ লোকে পাহাৰীয়া পৰ্যটনস্থলীবোৰলৈ ঢাপলি মেলিছে। ইমানেই পৰ্যটকৰ সংখ্যা বাঢ়িছে যে, যাৰ বাবে পাহাৰীয়া পথসমূহত বৃদ্ধি পাইছে যান-জঁট।
সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় ১৩,০০০ ফুট উচ্চতাত অৱস্থিত ৰোহটাং পাছত মে’ ৰ শেষলৈকে পৰ্যাপ্ত বৰফ থকাৰ বাবে মানালীত পৰ্যটকৰ অভূতপূৰ্ব ভিৰ হৈছে। ইয়াৰ পৰিণতিত মানালীৰ পৰা ৰোহটাং পাছলৈ যোৱা পথত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে।
শনিবাৰে মানালী-ৰোহটাং পথত প্ৰায় ৫ কিলোমিটাৰলৈকে যান-জঁটৰ সৃষ্টি হৈছিল। উক্ত দিনটোৰ পুৱা ৬-০০ বজাত মানালীৰ পৰা যাত্ৰা আৰম্ভ কৰা পৰ্যটকসকলক মাত্ৰ ৫০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ৰোহটাং পাবলৈ প্ৰায় ৭ ৰ পৰা ৮ ঘণ্টা সময় লাগিল।
ইয়াৰ বাবে একাংশ পৰ্যটকে ক্ষোভ প্ৰকাশ কৰে। চালকসকলে লেন মানি নচলাৰ বাবে এনে পৰিস্থিতি হোৱা বুলি উল্লেখ কৰি প্ৰশাসনে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ পদক্ষেপ লোৱা উচিত বুলি মন্তব্য কৰে। আনহাতে স্থানীয় ট্যুৰ অপাৰেটৰসকলৰ মতে, মাৰ্হি আৰু গ্ৰামফুৰ মাজত কোনো সঠিক পাৰ্কিং স্থান নথকাৰ বাবে পৰ্যটকসকলে পথৰ কাষতে গাড়ীসমূহ পাৰ্ক কৰে, যাৰ বাবে এই বিশৃংখলতাৰ সৃষ্টি হৈছে। ইয়াৰ স্থায়ী সমাধানৰ বাবে উন্নত পথ আন্তঃগাঁথনি, নিৰ্দিষ্ট পাৰ্কিং স্থান, শৌচাগাৰ আৰু অন্যান্য মৌলিক সুবিধাৰ প্ৰয়োজন বুলি জনায়।
ইফালে হ্ৰদৰ চহৰ নাইনিতালো এতিয়া পৰ্যটকেৰে উপচি পৰিছে। চহৰখনৰ মল ৰোড, স্নো ভিউ, নাইনিতাল চিৰিয়াখানা আৰু কেভ গাৰ্ডেন আদিকে ধৰি প্ৰতিটো পৰ্যটনস্থলী এতিয়া লোকাৰণ্য। হ্ৰদত নাও চলোৱাৰ বাবে পৰ্যটকৰ দীঘলীয়া শাৰী দেখা গৈছে।
ইয়াৰ ফলত হোটেল, গেষ্ট হাউচ আৰু হোমষ্টে’সমূহ সম্পূৰ্ণৰূপে বুক হৈ গৈছে। ৰেষ্টুৰেণ্ট আৰু হোটেলৰ পৰিচালকসকলে জানিবলৈ দিছে যে পূৰ্বৰ মন্দাৱস্থাৰ তুলনাত যোৱা কেইমাহত তেওঁলোকৰ ব্যৱসায়ত অভূতপূৰ্ব লাভ হৈছে।
অৱশ্যে পৰ্যটক আৰু ভক্তৰ অত্যাধিক হেঁচাৰ বাবে চহৰখনৰ যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। মল ৰোড, ভৱালী ৰোড আৰু কালাধুংগী ৰোডত লগা তীব্ৰ যান-জঁটৰ বাবে স্থানীয় লোকসকলে সময়মতে কৰ্মক্ষেত্ৰত উপস্থিত হ’ব পৰা নাই।
বিশেষকৈ বাবা নিম কাৰোলী মহাৰাজৰ কাঞ্চি ধাম আশ্ৰমৰ প্ৰতিষ্ঠা দিৱসৰ বাবে অহা দেশী-বিদেশী ভক্তৰ বাবে মাৰৱাড়ী-গোবিন্দঘাট আৰু যোশীমঠ-সেলাং অঞ্চলত ১৫ ৰ পৰা ২০ কিলোমিটাৰ পৰ্যন্ত দীঘলীয়া যান-জঁটৰ সৃষ্টি হৈছে।
ইফালে চামোলী জিলাত ধাৰাসাৰ বৰষুণ আৰু মাজে মাজে তুষাৰপাত হোৱা স্বত্বেও তীৰ্থযাত্ৰীসকলৰ উৎসাহ অলপো কমা নাই। বদ্ৰীনাথ ধামত এতিয়ালৈকে ৭.২৫ লাখৰো ভক্তৰ আগমণ ঘটিছে।
অৱশ্যে ইয়াৰ মাজতে দিল্লী বা মুম্বাই আদিৰ দৰে মহানগৰৰ পৰা অহা বহু পৰ্যটকে হঠাতে বদ্ৰীনাথৰ দৰে অতি উচ্চতাত থকা অঞ্চললৈ যোৱাৰ বাবে অক্সিজেনৰ অভাৱ, অত্যাধিক ভাগৰ আৰু উশাহ-নিশাহ লোৱাত কষ্ট পোৱাৰ দৰে স্বাস্থ্য সমস্যাৰ সন্মুখীন হৈছে। এই সন্দৰ্ভত বিশেষজ্ঞ চিকিৎসকসকলে পৰামৰ্শ দিছে যে নিম্ন উচ্চতাৰ চহৰৰ পৰা অহা পৰ্যটকসকলে পোনপটীয়াকৈ অতি উচ্চতালৈ নগৈ, বায়ুমণ্ডলীয় চাপৰ সৈতে খাপ খাবলৈ প্ৰথমতে ১-২ দিন কম উচ্চতাৰ ঠাইত কটোৱা উচিত।
এনেদৰে গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি যোৱা পৰ্যটকসকলে আমোদ লাভ কৰিছে যদিও কেতবোৰসমস্যাৰ সন্মুখীন হৈছে। তাৰ মাজতে পৰ্যটনস্থলীসমূহত থকা ব্যৱসায়ীসকলো বেচ লাভান্বিত হোৱা পৰিলক্ষিত হৈছে। গতিকে এনে যাত্ৰা কৰোতে অতি সাৱধান আৰু সজাগ হৈ যাত্ৰা কৰিলে নিশ্চিতভাৱে সেই যাত্ৰা আমোদজনক হ’ব।