সাহিত্য, শিক্ষা আৰু সমাজ সেৱাৰ এক অপূৰ্ব নিদৰ্শনঃ ড০ ইফ্ফাত ফৰিদী

Story by  atv | Posted by  Munni Begum • 2 h ago
ড০ ইফ্ফাত ফৰিদী
ড০ ইফ্ফাত ফৰিদী
 
ছানিয়া আঞ্জুম
 
কিছুমান মানুহৰ জীৱন একোটা নীৰৱ বিপ্লৱৰ দৰে। কোনো হুলস্থুল নকৰাকৈ কেৱল আন্তৰিকতা, দৃঢ় বিশ্বাস আৰু কৰুণাৰে তেওঁলোকে পৃথিৱীখন সলনি কৰি পেলায়। ড০ ইফ্ফাত ফৰিদী তেনে এগৰাকী ব্যতিক্ৰমী নাৰী, যাৰ জীৱনত পাণ্ডিত্য আৰু সংবেদনশীলতাৰ এক অপূৰ্ব মিলন ঘটিছে আৰু উদ্দেশ্যৰ সৈতে হাতত ধৰাধৰিকৈ আগবাঢ়িছে কবিতা। এগৰাকী শিক্ষাবিদ, কবি, পৰামৰ্শদাতা, সমাজকৰ্মী আৰু প্ৰতিষ্ঠাপক হিচাপে তেওঁ বুদ্ধিমত্তা আৰু সহানুভূতিৰ বিৰল সমন্বয়ৰ প্ৰতীক। তেওঁৰ কাহিনী কেৱল ব্যক্তিগত সফলতাৰ আখ্যান নহয়, বৰং উত্তৰাধিকাৰ সূত্ৰে পোৱা, সংৰক্ষণ কৰা আৰু পৰৱৰ্তী প্ৰজন্মলৈ কঢ়িয়াই নিয়া মূল্যবোধৰ শক্তিৰ এক প্ৰমাণ।
 
জ্ঞানক সৰ্বোচ্চ স্থান দিয়া এটা পৰিয়ালত জন্মগ্ৰহণ কৰা ড০ ইফ্ফাত ফৰিদী প্ৰগতিশীল আদৰ্শ আৰু বৌদ্ধিক সমৃদ্ধিৰে ভৰা এক পৰিৱেশত ডাঙৰ-দীঘল হৈছিল। আৰ্থিক সীমাবদ্ধতা আৰু প্ৰচলিত সামাজিক হেঁচা থকা সত্ত্বেও, কন্যাসন্তানেও পুত্ৰৰ দৰেই সমান শৈক্ষিক সুযোগ পোৱা উচিত বুলি তেওঁৰ পিতৃ-মাতৃৰ বিশ্বাস অটল আছিল। তেওঁৰ পিতৃ আছিল কেইবাখনো উৰ্দু বাতৰিকাকত আৰু প্ৰকাশনৰ সৈতে জড়িত এজন সম্পাদক। কলকাতাত স্থায়ীভাৱে বসবাস কৰাৰ আগতে তেওঁ ভাৰতৰ বিভিন্ন চহৰত কাম কৰিছিল। 
 
ছাত্ৰ-ছাত্ৰীৰ সৈতে ড০ ইফ্ফাত ফৰিদী
 
তেওঁলোকৰ সাধাৰণ ঘৰখন উৰ্দু, হিন্দী, ইংৰাজী আৰু ৰাছিয়ান সাহিত্যৰ কিতাপ, বাতৰিকাকত আৰু আলোচনীৰে ভৰি আছিল। সেয়া এখন ঘৰতকৈ যেন শব্দৰ এক আশ্ৰয়স্থলহে আছিল। তেওঁৰ পিতৃয়ে প্ৰায়ে কৈছিল, "শিক্ষাই হৈছে একমাত্ৰ উত্তৰাধিকাৰ, যি আনৰ সৈতে ভগাই ল'লে বহুগুণে বৃদ্ধি পায়।" সাহিত্য আৰু সজীৱ আলাপ-আলোচনাৰ মাজত ডাঙৰ হোৱা ইফ্ফাতৰ মনত পঢ়া-শুনা আৰু চিন্তা-চৰ্চাৰ প্ৰতি এক গভীৰ অনুৰাগ গঢ়ি উঠিছিল।
 
তেওঁৰ শৈক্ষিক যাত্ৰাই নিষ্ঠা আৰু বৌদ্ধিক কৌতূহল দুয়োটাকে প্ৰতিফলিত কৰে। তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা স্নাতক, স্নাতকোত্তৰ, বি এড আৰু এম ফিল সম্পূৰ্ণ কৰিছিল। এই প্ৰতিষ্ঠানটোৱে সমালোচনাত্মক চিন্তা আৰু সাংস্কৃতিক গভীৰতা গঢ়ি তোলাৰ বাবে পৰিচিত। পৰৱৰ্তী সময়ত তেওঁ ছিমলাৰ ছামাৰ হিল বিশ্ববিদ্যালয়ৰ পৰা এম এড কৰে আৰু ২০০১ চনত জামিয়া মিলিয়া ইছলামিয়াৰ পৰা বিশেষ শিক্ষাত পি এইচ ডি ডিগ্ৰী অৰ্জন কৰে। বাঞ্জাৰা একাডেমীৰ পৰা কাউন্সেলিং স্কিলছত ডিপ্লমা আৰু মেক্সিকোৰ পৰা TEFL-ত চাৰ্টিফিকেট পাঠ্যক্ৰম গ্ৰহণ কৰি তেওঁ নিজৰ শৈক্ষিক যাত্ৰা অধিক প্ৰসাৰিত কৰে। ড০ ফৰিদীৰ বাবে শিক্ষা কেতিয়াও কেৱল ডিগ্ৰী সংগ্ৰহ কৰাৰ মাজতে আৱদ্ধ নাছিল। তেওঁ বিশ্বাস কৰে যে শিক্ষা হৈছে মন আৰু আত্মাৰ মাজৰ এক জীৱনজোৰা বাৰ্তালাপ৷
 
বিয়াৰ পিছত তেওঁ ভ্ৰমণ আৰু সাংস্কৃতিক অন্বেষণৰ এক নতুন জীৱনৰ সৈতে পৰিচিত হয়। বিদেশত কৰ্মৰত এজন পেট্ৰ'লিয়াম অভিযন্তা স্বামীৰ সান্নিধ্যই তেওঁক বিভিন্ন সমাজ আৰু দৃষ্টিকোণৰ অভিজ্ঞতা লাভ কৰাত সহায় কৰিছিল। যদিও ইয়াৰ অৰ্থ আছিল যে তেওঁ কোনো এটা নিৰ্দিষ্ট পেছাদাৰী পদবীত স্থায়ীভাৱে থিতাপি নলয়, তথাপি তেওঁ নিজৰ অৱদানৰে বহু প্ৰতিষ্ঠানক সমৃদ্ধ কৰে। তেওঁ দিল্লী প্ৰশাসন, আলিগড় মুছলিম বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয় আৰু জামিয়া মিলিয়া ইছলামিয়াত প্ৰবক্তা হিচাপে সেৱা আগবঢ়াইছিল। তেওঁ ছৌদি কালচাৰেল এটেচে কাৰ্যালয়ত ছাত্ৰ সমন্বয়ক হিচাপে আৰু পিছলৈ বেংগালুৰুৰ ছিনটেক্স একাডেমীত সঞ্চালক হিচাপেও কাম কৰিছিল। কিন্তু, পেছাদাৰী সফলতাৰ মাজতো তেওঁ অনুভৱ কৰিছিল এক আন্তৰিক আহ্বান, যি আনুষ্ঠানিক শ্ৰেণীকোঠাৰ সীমা অতিক্ৰম কৰি গৈছিল।
 
ছাত্ৰ-ছাত্ৰীৰ সৈতে ড০ ইফ্ফাত ফৰিদী
 
বেংগালুৰুত থকাৰ সময়ত যেতিয়া তেওঁ নিজৰ চুবুৰীত এচাম প্ৰব্ৰজনকাৰী শ্ৰমিকৰ সন্তানক লগ পাইছিল, তেতিয়া তেওঁৰ সেই আহ্বান স্পষ্ট হৈ পৰিছিল। ভাষাৰ বাধা থকা সত্ত্বেও তেওঁ অতি সোনকালেই শিশুকেইটিৰ সৈতে একাত্ম হৈ পৰিছিল। শিক্ষাৰ সুযোগৰ পৰা বঞ্চিত সেই শিশুসকলৰ অৱস্থাই তেওঁৰ মনত এক গভীৰ আলোড়নৰ সৃষ্টি কৰিছিল। তেওঁ নিজকে প্ৰশ্ন কৰিছিল, "মোৰ বিশেষ শিক্ষাৰ পিএইচডি ডিগ্ৰীটোৰ নো কি মূল্য আছে, যদিহে ই অন্ধকাৰত থকাসকলক পোহৰৰ পথ দেখুৱাব নোৱাৰে?" এই উপলব্ধিয়ে তেওঁক গভীৰভাৱে স্পৰ্শ কৰিলে আৰু তেওঁ শিশুসকলক তেওঁলোকৰ ঘৰৰ ওচৰতে পঢ়াবলৈ আৰম্ভ কৰিলে। অশেষ ধৈৰ্যৰে তেওঁ শিশুসকলৰ কৌতূহল আৰু আত্মবিশ্বাস গঢ়ি তুলিছিল। তেওঁৰ প্ৰচেষ্টাৰ ফলতেই অৱশেষত শিশুকেইটিয়ে আনুষ্ঠানিক বিদ্যালয়ত নামভৰ্তি কৰিবলৈ সক্ষম হৈছিল। এই সৰু সৰু জয়বোৰৰ মাজতেই তেওঁ বিচাৰি পাইছিল জীৱনৰ প্ৰকৃত লক্ষ্য।
 
২০১৭ চনত ড০ ইফ্ফাত ফৰিদী আৰু তেওঁৰ স্বামীয়ে দৰিদ্ৰ শিশুসকলক শিক্ষিত কৰাৰ উদ্দেশ্যৰে 'কোশিছ ফাউণ্ডেচন' নামৰ এক দাতব্য ট্ৰাষ্ট প্ৰতিষ্ঠা কৰি সমাজ সেৱাৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাক এক আনুষ্ঠানিক ৰূপ দিয়ে। 'কোশিছ' শব্দৰ অৰ্থ হৈছে প্ৰচেষ্টা, যিয়ে তেওঁৰ এই দৰ্শন প্ৰতিফলিত কৰে যে আন্তৰিক ইচ্ছাই অৰ্থপূৰ্ণ পৰিৱৰ্তনৰ সূচনা কৰে। বাৰ বছৰতকৈও অধিক সময় ধৰি তেওঁ নাৰ্ছাৰীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে এশৰো অধিক শিশুক নীৰৱচ্ছিন্নভাৱে পথ প্ৰদৰ্শন কৰি আহিছে। তেওঁৰ লক্ষ্য কেৱল শিক্ষা প্ৰদান কৰাই নহয়, বৰঞ্চ শিশুসকলৰ মনত মৰ্যাদাবোধ আৰু আত্মবিশ্বাস গঢ়ি তোলা। তেওঁ প্ৰায়ে নিজৰ ছাত্ৰ-ছাত্ৰীসকলক সোঁৱৰাই দিয়ে, "পৰিস্থিতিয়ে তোমালোকৰ পৰিচয় নিৰ্ধাৰণ নকৰে, বৰং পৰিস্থিতিক জয় কৰাৰ সাহসেহে তোমালোকৰ পৰিচয় দাঙি ধৰে।" এই ফাউণ্ডেচনৰ জৰিয়তে তেওঁ অতি নীৰৱে অথচ শক্তিশালী ৰূপত মানুহৰ জীৱন সলনি কৰাৰ কাম অব্যাহত ৰাখিছে।
 
শিক্ষা আৰু সমাজ সেৱাৰ কামৰ সমান্তৰালকৈ ড০ ফৰিদীয়ে সাহিত্যৰ প্ৰতি থকা নিজৰ ভালপোৱাকো জীয়াই ৰাখিছে। লেখা-মেলা তেওঁৰ আজীৱন সংগী হৈ আহিছে। তেওঁৰ উৰ্দু কবিতাৰ পুথি ‘চিৰাগ দিল কা’ই আৱেগিক গভীৰতা আৰু সাংস্কৃতিক সজাগতা প্ৰতিফলিত কৰে। ইয়াৰ উপৰিও তেওঁ ‘গাতা যায়ে বাঞ্জাৰাঃ প্ৰফেচৰ ৰমেশ দত্তজী অনোখী সংগীত যাত্ৰা’ নামৰ এখন হিন্দী জীৱনী গ্ৰন্থ আৰু ‘আপকী সুধাঃ এক সচ্চী কাহানী’ নামৰ আন এখন গ্ৰন্থ ৰচনা কৰিছে। তেওঁৰ বাবে কবিতা হৈছে প্ৰকাশ আৰু প্ৰতিবাদ দুয়োটাই। তেওঁ বিশ্বাস কৰে, "যেতিয়া আৱেগে আন কোনো আশ্ৰয় বিচাৰি নাপায়, তেতিয়া সেয়া কবিতালৈ ৰূপান্তৰিত হয়।" বৰ্তমান তেওঁ দৰিদ্ৰ শিশুসকলৰ সৈতে কাম কৰাৰ নিজৰ অভিজ্ঞতাসমূহ লিপিবদ্ধ কৰি আছে, এই আশাৰে যে ই আনকো আন্তৰিকতাৰে সমাজৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰিব।
 
ছাত্ৰ-ছাত্ৰীৰ সৈতে ড০ ইফ্ফাত ফৰিদী
 
তেওঁৰ অন্যতম হৃদয়স্পৰ্শী কাব্যিক সৃষ্টি হৈছে “মা সে দূৰ কিউ ৰহতে হেঁ” নামৰ কবিতাটো। গভীৰভাৱে স্পৰ্শ কৰা এই কবিতাটোত মাতৃগৰাকীয়ে স্বয়ং উৰ্দু ভাষাটোক প্ৰতিনিধিত্ব কৰিছে। মাতৃৰ কণ্ঠৰে ড০ ফৰিদীয়ে নিজৰ ভাষিক আৰু সাংস্কৃতিক শিপাৰ পৰা আঁতৰি যোৱা সন্তানসকলক লৈ আক্ষেপ প্ৰকাশ কৰিছে। মাতৃয়ে আক্ষেপ কৰি কয়, "মেৰে অপনে হী মুঝে অপনা কহনে সে কিউ ঘবৰাতে হেঁ" (অৰ্থাৎ, মোৰ নিজৰ সন্তানবোৰেই মোক আপোন বুলি ক’বলৈ কিয় ভয় কৰে)। তেওঁ লক্ষ্য কৰিছে যে সন্তানসকল শিক্ষিত আৰু প্ৰতিষ্ঠিত, তথাপি তেওঁৰ নাম ল’বলৈ তেওঁলোকে লাজ পায়। কবিতাটোৱে এক মৃদু সকীয়নিও বহন কৰিছে। তেওঁ প্ৰশ্ন কৰে, "জৰোঁ সে জুদা পেড় কব তক হৰা ৰহেগা" (শিপাৰ পৰা বিচ্ছিন্ন গছজোপা কিমান দিনলৈকে সেউজীয়া হৈ থাকিব), যিয়ে পঢ়ুৱৈক সোঁৱৰাই দিয়ে যে শিপাৰ পৰা বিচ্ছিন্ন গছ কেতিয়াও জীয়াই থাকিব নোৱাৰে। মাতৃয়ে স্বীকৃতিৰ বাবে আহ্বান জনাই সন্তানসকলক নিজৰ এই চহকী ঐতিহ্য আৰু পৰম্পৰা পৰৱৰ্তী প্ৰজন্মলৈ কঢ়িয়াই নিবলৈ অনুৰোধ কৰে। কবিতাটো চিৰন্তন অপেক্ষাৰ এক শক্তিশালী চিত্ৰকল্পৰে সমাপ্ত হয়, য’ত মাতৃয়ে ফুচফুচাই কয়, "ম্যে ইন্তেজাৰ কৰুংগী" (মই অপেক্ষা কৰিম), যিয়ে এদিন সন্তানসকল ঘূৰি অহাৰ আশাক মূৰ্ত কৰি তোলে।
 
ড০ ইফ্ফাত ফৰিদীৰ জীৱন পাণ্ডিত্য, সেৱা আৰু সংবেদনশীলতাৰে গুঁঠা এখন সুন্দৰ দলিচাৰ দৰে। এগৰাকী কবি, পৰামৰ্শদাতা, শিক্ষয়িত্ৰী, পথপ্ৰদৰ্শক বা প্ৰতিষ্ঠাপক যিয়েই নহওক কিয়, তেওঁ জীৱনৰ গভীৰ সত্যৰ সন্ধান অব্যাহত ৰাখিছে। তেওঁৰ যাত্ৰাই এই বিশ্বাসকে প্ৰতিফলিত কৰে যে প্ৰকৃত সফলতা ব্যক্তিগত বঁটা-বাহনৰ মাজত নাথাকে, বৰং ই নিহিত হৈ থাকে আমি কিমানজনৰ জীৱন উজলাই তুলিছোঁ আৰু কিমান ঐতিহ্য সংৰক্ষণ কৰিছোঁ, তাৰ মাজত। তেওঁৰ নিজৰ ভাষাত, "জীৱনৰ উদ্দেশ্য কেৱল কিবা এটা অৰ্জন কৰাই নহয়, বৰং জাগ্ৰত কৰাহে।" তেওঁৰ কৰ্ম, তেওঁৰ শব্দ আৰু শিক্ষা তথা ভাষাৰ প্ৰতি থকা অটল দায়বদ্ধতাৰ জৰিয়তে ড০ ইফ্ফাত ফৰিদীয়ে নিৰন্তৰভাৱে মানুহৰ মন আৰু হৃদয় জাগ্ৰত কৰি আহিছে। তেওঁ নিজৰ পিছত কেৱল সফলতাই নহয়, এৰি থৈ গৈছে কৰুণা আৰু সাহসৰ এক অমূল্য উত্তৰাধিকাৰ।