আৱাজ দ্য ভইচ মাৰাথী ব্যুৰ'
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাই (BR Gavai) দায়িত্ব গ্ৰহণ কৰাটো অনুশাসন, সততা আৰু অক্লান্ত পৰিশ্ৰমৰ নিদৰ্শন দাঙি ধৰা এক প্ৰেৰণাদায়ক যাত্ৰা হিচাপে পৰিগণিত হৈছে। তেওঁৰ মাতৃ ডাঃ কমলাটাই গাভাইয়ে আমাক ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাইৰ জীৱন আৰু কেৰিয়াৰৰ সকলো দিশৰ কথা বৰ্ণনা কৰে।
শিশুৰ অনুকৰণ কৰাৰ স্বাভাৱিক প্ৰৱণতা থাকে, যাৰ বাবে ভাল মূল্যবোধৰ বীজ সিঁচি দিয়াটো পিতৃ-মাতৃৰ দায়িত্ব। ডাঃ কমলটাই গোভাইয়ে বিশ্বাস কৰিছিল যে শিশুক ভাল মূল্যবোধ গঢ় দিয়াৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া উচিত। ‘দাদাছাহেব’ নামেৰে জনপ্ৰিয় তেওঁৰ স্বামী ৰাজনীতিত সক্ৰিয় আছিল আৰু পৰিয়ালৰ বাবে তেওঁৰ হাতত সময় কম আছিল। এনে পৰিস্থিতিত ল’ৰা-ছোৱালীক ডাঙৰ-দীঘল কৰাৰ দায়িত্ব মূলতঃ ডাঃ কমলটাইৰ ওপৰত পৰিছিল।
ঘৰত পিতৃৰ অনুপস্থিতিত ভূষণে পৰিয়ালৰ দায়িত্ব কান্ধত তুলি লৈছিল, যিয়ে তেওঁৰ পৰিপক্কতা আৰু নেতৃত্বৰ দক্ষতাক গঢ় দিয়ে। ভূষনে আমৰাৱতীৰ ফ্ৰেজাৰপুৰা অঞ্চলৰ এখন বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল, যাৰ ফলত ভূষনে জীৱনৰ বাস্তৱতাৰ গভীৰ অভিজ্ঞতা লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ মুম্বাইলৈ গৈ হলি ক্ৰছ স্কুলত যোগদান কৰে, তাৰ পৰাই তেওঁ বাণিজ্য শাখাত ডিগ্ৰী লাভ কৰে। আইনৰ প্ৰতি থকা আগ্ৰহৰ বাবেই ভূষণে আইন বিষয়ত অধ্যয়ন আৰম্ভ কৰে।
পিতৃ মুম্বাইত বিধায়ক হোৱাৰ পিছত ভূষনে তেওঁৰ লগত সময় কটালে। দাদাচাহেবৰ ঘৰলৈ সদায় অহৰহ দলীয় কৰ্মকৰ্তাৰ অহা-যোৱা চলি আছিল, যাৰ বাবে ঘৰৰ পৰিবেশ সদায় ব্যস্ত আছিল। এনে অৱস্থাত ভূষণে ঘৰৰ বাৰাণ্ডাত পঢ়া-শুনা কৰিবলৈ ধৰিলে। পৰৱৰ্তী সময়ত মুম্বাইত জীৱন-যাপন ব্যয়বহুল হৈ পৰাত তেওঁ আমৰাৱতীলৈ উভতি আহি মাকক কৃষি কামত সহায় কৰিছিল।
ন্যায়াধীশ ভূষণ গাভাইয়ে সদায় সহজ-সৰল জীৱন যাপন কৰিবলৈ চেষ্টা কৰি আহিছে। আদালতৰ ন্যায়াধীশ হিচাপে, আৰু সমাজত এজন সাধাৰণ মানুহ হিচাপে তেওঁ জীয়াই আছে। শৈশৱৰ পৰাই তেওঁৰ কিতাপৰ প্ৰতি প্ৰেম আছে; আৰু পঢ়া-শুনাত ইমানেই নিমগ্ন হৈ গৈছিল যে খোৱাৰ সময়তো কিতাপ এৰি যোৱা নাছিল।
তেওঁ য’তেই বিচাৰক হিচাপে কাম কৰিছিল, তাতেই তেওঁ বৃক্ষৰোপণৰ অভিযান আৰম্ভ কৰিছিল, বাগিচাৰ কাম কৰিছিল, ফলমূলৰ গছ ৰোপণ কৰিছিল আৰু বাগিচা সৃষ্টি কৰিছিল, যিয়ে তেওঁৰ প্ৰকৃতিৰ প্ৰতি থকা প্ৰেমক প্ৰতিফলিত কৰে। ন্যায়াধীশ গাভাই ২০০৩ চনৰ ১৪ নৱেম্বৰত বম্বে উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰে আৰু ২০০৫ চনৰ ১২ নৱেম্বৰত স্থায়ী ন্যায়াধীশ হয়।
ইয়াৰ পিছত ২০১৯ চনৰ ২৪ মে’ত ভূষণ গাভাইয়ে ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। তেওঁ আগবঢ়োৱা বহুতো গুৰুত্বপূৰ্ণ বিচাৰৰ ভিতৰত কিছুমান হ’লঃ বিবেক নাৰায়ণ শৰ্মা বনাম ভাৰতীয় সংঘ (২০২৩): এই গোচৰত ন্যায়াধীশ গাভাইয়ে সংখ্যাগৰিষ্ঠতাৰ ৰায়দানত ২০১৬ চনৰ বিমুদ্ৰাকৰণ আঁচনিখনক সাংবিধানিকভাৱে বৈধ বুলি সমৰ্থন কৰে।
সুন্দৰু বনাম ছত্তীশগড় ৰাজ্যঃ এই গোচৰত ন্যায়াধীশ গাভাইয়ে ৰায় দিছিল যে পৰিস্থিতিগত প্ৰমাণৰ ভিত্তিত অভিযুক্তক দোষী সাব্যস্ত কৰিব পাৰি, বিশেষকৈ যেতিয়া মূল সাক্ষীয়ে শত্ৰুতা দেখুৱায়।
উল্লেখ্য যে, ১৯৬০ চনৰ ২৪ নৱেম্বৰত আমৰাৱতীত জন্মগ্ৰহণ কৰিছিল ন্যায়াধীশ ভূষণ গাভাইয়ে। তেওঁৰ পিতৃ আৰ এছ গাভাই আছিল এজন প্ৰখ্যাত সমাজকৰ্মী, সাংসদ আৰু বিহাৰ আৰু কেৰালাৰ প্ৰাক্তন ৰাজ্যপাল। তেওঁৰ মাতৃ ডাঃ কমলটাই গাভাই এগৰাকী শিক্ষয়িত্ৰী আৰু সমাজকৰ্মী আছিল। তেওঁৰ ভাতৃ ৰাজেন্দ্ৰ গাভাইও ৰাজনীতিত সক্ৰিয়। তেওঁৰ পৰিয়াল ড° ভীমৰাও আম্বেদকাৰৰ পৰা অনুপ্ৰাণিত আৰু তেওঁলোকে বৌদ্ধ ধৰ্ম অনুসৰণ কৰে।
নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা কলা আৰু আইন বিষয়ত ডিগ্ৰী লাভ কৰা ভূষণ গাভাইয়ে ১৯৮৫ চনৰ ১৬ মাৰ্চত বাৰ কাউন্সিলত নাম পঞ্জীয়ন কৰে। ১৯৮৭ চনৰ পৰা ১৯৯০ চনলৈকে তেওঁ বম্বে উচ্চ ন্যায়ালয়ত স্বতন্ত্ৰভাৱে প্ৰেকটিছ কৰে। ইয়াৰ পিছত ১৯৯২ চনৰ পৰা ১৯৯৩ চনলৈকে বম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠৰ সহকাৰী চৰকাৰী আবেদনকাৰী আৰু অতিৰিক্ত লোক অভিযোজক; ২০০০ চনৰ ১৭ জানুৱাৰীৰ পৰা নাগপুৰ বিচাৰপীঠত চৰকাৰী অধিবক্তা আৰু লোক অভিযোজক হিচাপে কাম কৰে।
উল্লেখ্য যে, ভূষণ গাভাইয়ে ২০০৩ চনৰ ১৪ নৱেম্বৰত বম্বে উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ২০০৫ চনৰ ১২ নৱেম্বৰত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা গাভাইয়ে ২০১৯ চনৰ ২৪ মে’ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰে। ২০২৫ৰ ১৪ মে’ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা ন্যায়াধীশ ভূষণ গাভাইৰ কাৰ্যকাল ২০২৫ৰ ২৩ নৱেম্বৰলৈ থাকিব।
ন্যায়াধীশগৰাকীৰ সহজ-সৰল অথচ সফল জীৱন আৰু কেৰিয়াৰে আমাক শিকাইছে যে সততা, কঠোৰ পৰিশ্ৰম আৰু ন্যায়ৰ প্ৰতি দায়বদ্ধতাৰে যিকোনো উচ্চতাত উপনীত হ’ব পাৰি। তেওঁৰ এই যাত্ৰা কেৱল পৰিয়ালৰ বাবেই নহয়, সমগ্ৰ সমাজৰ বাবেও এক প্ৰেৰণা।