পশ্চিমবংগ নিৰ্বাচন ২০২৬: দক্ষিণ বংগৰ ‘অভেদ্য দুৰ্গ’ত আধিপত্যৰ অন্তিম যুঁজ

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
মনজিত ঠাকুৰ
 
২০২৬ চনৰ হাই-ভল্টেজ পশ্চিমবংগ বিধানসভা নিৰ্বাচনে ৰাজ্যখনৰ ৰাজনৈতিক উত্তেজনাক এক চৰম পৰ্যায়লৈ লৈ গৈছে। প্ৰথম পৰ্যায়ত ১৫২ খন আসনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ভোটাৰৰ অভূতপূৰ্ব আৰু ঐতিহাসিক ৯২.৯ শতাংশ ভোটদানে সমগ্ৰ দেশৰ ৰাজনৈতিক সমীকৰণতে এক তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। 
 
ইয়াতকৈ বেছি ৰোমাঞ্চ হয়তো হলিউডৰ ছবিতো দেখিবলৈ পোৱা নাযায়। পশ্চিমবংগ বিধানসভা নিৰ্বাচন ২০২৬ এতিয়া ইয়াৰ আটাইতকৈ নিৰ্ণায়ক আৰু ৰোমাঞ্চকৰ মুহূৰ্তত আহি উপনীত হৈছে। য'ত কেৱল ভোটাৰেই নহয়, এনে বহু নিৰ্বাচন কভাৰ কৰা অভিজ্ঞ সাংবাদিকসকলেও ফলাফলক লৈ বৰ বেছি দাবী কৰিব পৰা নাই।
প্ৰথম পৰ্যায়ত অভিলেখসংখ্যক ভোটদানৰ পাছত এতিয়া সমগ্ৰ দেশৰে দৃষ্টি নিৱদ্ধ হৈছে আগন্তুক ২৯ এপ্ৰিলৰ ৰণডংকাৰ প্ৰতি। এই বিশেষ দিনটোতেই অনুষ্ঠিত হ’বলৈ গৈ আছে নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ মহাৰণ, য’ত ভাগ্য নিৰ্ধাৰণ হ’ব বাকী থকা ১৪২ খন গুৰুত্বপূৰ্ণ আসনৰ।
 
অৱশ্যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ১৪২ খন আসন কেৱল সাধাৰণ নিৰ্বাচনী সমষ্টি নহয়; এয়া হৈছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ সেই গৌৰৱোজ্জ্বল ‘অভেদ্য দুৰ্গ’, যিয়ে যোৱা এটা দশক ধৰি পশ্চিমবংগৰ ক্ষমতা আৰু শাসনৰ বাঘজৰী ধৰি ৰাখিছে। 
 
দক্ষিণ বংগঃ টিএমচিৰ দুৰ্গ আৰু বিজেপিৰ প্ৰত্যাহ্বান
 
অন্তিম পৰ্যায়ৰ এই ১৪২ খন আসন মূলতঃ কলকাতা, হাওৰা, হুগলী, উত্তৰ আৰু দক্ষিণ ২৪ পৰগনা, নদীয়া আৰু পূব বৰ্ধমানৰ দৰে জিলাসমূহত বিস্তৃত হৈ আছে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ আক্ৰমণাত্মক প্ৰচাৰৰ পিছতো টিএমচিয়ে ইয়াত নিজৰ আধিপত্য বজাই ৰাখিছিল আৰু এই ১৪২ খন আসনৰ ভিতৰত ১২৩ খনতেই জয়লাভ কৰিছিল। বিজেপি কেৱল ১৮ খন আসনতেই সীমাবদ্ধ আছিল, আনহাতে, এখন আসন বাওঁপন্থী মিত্ৰদল ISFৰ হাতলৈ গৈছিল।
 
২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পৰিসংখ্যাও টিএমচিৰ সপক্ষে থকাই দেখা গৈছে, য'ত দলটোৱে এই ১৪২ খন বিধানসভা সমষ্টিৰ ভিতৰত ১২৩ খনত অগ্ৰগতি লাভ কৰিছিল। বিজেপিৰ বাবে প্ৰত্যাহ্বান কেৱল আসনৰ সংখ্যা বৃদ্ধি কৰাই নহয়, বৰং দক্ষিণ বংগৰ এই ‘ব্লু ৰিবন’ অঞ্চলত টিএমচিৰ শিপা উভালি পেলোৱাটোৱেই তেওঁলোকৰ মূল লক্ষ্য।

ভৱানীপুৰৰ মহাসংগ্ৰাম
 
দ্বিতীয় পৰ্যায়ৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ হৈছে দক্ষিণ কলকাতাৰ ভৱানীপুৰ আসন। ইয়াত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মুখামুখি হৈছে তেওঁৰ প্ৰাক্তন ঘনিষ্ঠ সতীৰ্থ তথা বৰ্তমানৰ বিজেপিৰ জ্যেষ্ঠ নেতা শুভেন্দু অধিকাৰী। এই যুঁজ কেৱল এখন আসনৰ নহয়, বৰং মৰ্যাদাৰ যুঁজ।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ভোটাৰৰ নাম কৰ্তনৰ সংকট
 
নিৰ্বাচন আয়োগৰ বিশেষ গভীৰ পৰ্যালোচনা (SIR)ৰ পাছত ভৱানীপুৰৰ পৰা প্ৰায় ৫১,০০০ ভোটাৰৰ (২১ শতাংশ) নাম কৰ্তন কৰা হৈছে। ২০২১ চনৰ উপ-নিৰ্বাচনত মমতাৰ জয়ৰ ব্যৱধান আছিল ৫৮,৮০০ ভোট। এনে পৰিস্থিতিত ইমান বৃহৎ পৰিমাণৰ ভোটাৰৰ নাম কৰ্তন হোৱাটো টিএমচিৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে।
 
মমতাৰ নতুন ৰণনীতি
 
এইবাৰ মমতা বেনাৰ্জীয়ে ভৱানীপুৰত নিজৰ ৰণনীতি সলনি কৰিছে। তেওঁ কেৱল পদযাত্ৰাই কৰা নাই, প্ৰথমবাৰৰ বাবে তৃণমূল পৰ্যায়ত ঘৰে ঘৰে গৈ জনসম্পৰ্ক স্থাপন কৰিছে।
 
মহানগৰীয়া (কছম'পলিটান) ভোটাৰসকলক আকৰ্ষণ কৰিবলৈ তেওঁ জৈন মন্দিৰ আৰু শিখ গুৰুদ্বাৰসমূহ দৰ্শন কৰিছে আৰু আৱাসিক বিল্ডিঙত বাস কৰা অবঙালী ভোটাৰসকলৰ সৈতে বন্ধ কোঠাত বৈঠকত মিলিত হৈছে। সামগ্ৰিকভাৱে চাবলৈ গ'লে এই পৰ্যায়ত নিৰ্বাচনী চৰ্চা দুটা মেৰুত বিভক্ত হৈ পৰিছে।
 
মমতাৰ ‘সুৰক্ষা কৱচ’- NRC
 
উচ্চ ভোটদানৰ হাৰক লৈ মমতা বেনাৰ্জীয়ে এক নতুন ধাৰণা আগবঢ়াইছে। তেওঁ দাবী কৰিছে যে মানুহে জানে এই নিৰ্বাচন তেওঁলোকৰ অধিকাৰ ৰক্ষাৰ যুঁজ। তেওঁ সভাসমূহত জোৰ দি কৈছে যে বিজেপি শাসনলৈ আহিলেই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC) কাৰ্যকৰী কৰিব।
 
ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাটোকো তেওঁ এই বিপদৰ সৈতেই সাঙুৰি দাঙি ধৰিছে, যাৰ ফলত সংখ্যালঘু আৰু সীমান্তৱৰ্তী অঞ্চলৰ ভোটাৰসকলৰ মাজত এক প্ৰকাৰৰ ভয় আৰু একতা দেখা গৈছে।
 
বিজেপিৰ ‘অস্মিতা আৰু বিকাশ’ মডেল
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে দক্ষিণ বংগত ‘তুষ্টিকৰণ’ আৰু ‘দুৰ্নীতি’ক মূল ইছ্যু কৰি তুলিছে। মোদীয়ে প্ৰথম পৰ্যায়ৰ বৃহৎ ভোটদানক ‘পৰিৱৰ্তনৰ ঢৌ’ৰ ছীলমোহৰ বুলি অভিহিত কৰিছে। বিজেপিয়ে এইবাৰ ‘বিকাশ বনাম তুষ্টিকৰণ’ৰ বিষয়ত নিৰ্বাচন খেলিছে।
 
আৰ জি কৰ কাণ্ডৰ আৱেগিক প্ৰভাৱ
 
২০২৪ চনৰ অক্টোবৰ মাহত কলকাতাৰ আৰ জি কৰ চিকিৎসালয়ত সংঘটিত জঘন্য ঘটনাই সমগ্ৰ বংগক জোকাৰি গৈছিল। বিজেপিয়ে এই সমস্যাক নিৰ্বাচনী ইছ্যু কৰি পানীহাটী আসনৰ পৰা সেই ভুক্তভোগী মহিলা চিকিৎসকগৰাকীৰ মাতৃক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে।
 
এই পদক্ষেপ টিএমচিৰ ‘মহিলাৰ সুৰক্ষা’ৰ দাবীৰ ওপৰত পোনপটীয়া আক্ৰমণ আৰু ই কলকাতাৰ চহৰাঞ্চলত মধ্যবিত্ত শ্ৰেণীৰ মাজত এক ডাঙৰ আৱেগিক ঢৌৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰি স্বপন দাসগুপ্তা (ৰাসবিহাৰী) আৰু ৰূপা গাংগুলী (সোণাৰপুৰ দক্ষিণ)ৰ দৰে মুখক প্ৰাৰ্থিত্ব দি বিজেপিয়ে চহৰীয়া ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা কৰিছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
সীমান্তৱৰ্তী আসনৰ অংক আৰু বিজেপিৰ প্ৰত্যাহ্বান
 
বিজেপিৰ বাবে আটাইতকৈ ডাঙৰ আদৰ্শগত আৰু কৌশলগত যুঁজখন হৈছে বাংলাদেশৰ সৈতে সীমা ভাগ-বতৰা কৰা সেই ৪৪ খন আসন। এই অঞ্চলসমূহত বিজেপিৰ মূল ইছ্যু হৈছে ‘জনগাঁথনিৰ পৰিৱৰ্তন’ আৰু ‘অবৈধ অনুপ্ৰৱেশ’।
 
ফেন্সিঙৰ ইছ্যু 
 
গৃহমন্ত্ৰী অমিত শ্বাহে অভিযোগ কৰিছে যে TMC চৰকাৰে সীমান্তত বেৰা দিয়াৰ বাবে BSFক ৬০০ একৰ মাটি যোগান ধৰা নাই। বিজেপিয়ে প্ৰতিশ্ৰুতি দিছে যে শাসনলৈ অহাৰ ৪৫ দিনৰ ভিতৰত তেওঁলোকে মাটি আবণ্টন কৰি বেৰা দিয়াৰ কাম সম্পূৰ্ণ কৰিব।

TMCৰ শক্তিশালী ভেটি
 
২০২১ চনৰ পৰিসংখ্যা এই অঞ্চলত বিজেপিৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। এই ৪৪ খন সীমান্তৱৰ্তী আসনৰ ভিতৰত TMC-এ ২৭ খন আৰু বিজেপিয়ে ১৭ খন আসনত জয়লাভ কৰিছিল। আচৰিত কথাটো হ’ল এই আসনসমূহত TMCৰ জয়ৰ গড় ব্যৱধান আছিল ৩৮,৮৩৫ ভোট, যিটো বিজেপিৰ গড় ব্যৱধান (১৫,৭৯৫)ৰ দুগুণতকৈও অধিক।
 
সংখ্যালঘু প্ৰভাৱ
 
ৰাজ্যখনৰ ৪৪ জন মুছলমান বিধায়কৰ ভিতৰত ৪৩ জন TMC, যাৰ ভিতৰত ১২ জন (প্ৰায় ২৮ শতাংশ) এই সীমান্তৱৰ্তী অঞ্চলসমূহৰ পৰাই প্ৰতিনিধিত্ব কৰে। দ্বিতীয় পৰ্যায়ত নদীয়া, উত্তৰ আৰু দক্ষিণ ২৪ পৰগনাৰ এনে ১৩ খন আসনত ভোটগ্ৰহণ হ’ব, য’ত ২০২১ চনত TMC-এ ৮ খন দখল কৰিছিল।
 
বিজেপিৰ অসুবিধাটো হ’ল যে মেৰুকৰণৰ প্ৰচেষ্টাৰ পিছতো, TMCৰ সাংগঠনিক গাঁথনি আৰু কল্যাণমূলক আঁচনিসমূহৰ লাভালাভ এই অঞ্চলসমূহত ইমানেই গভীৰ যে ইয়াক ভেদ কৰাটো কঠিন প্ৰমাণিত হৈছে।
 
তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন একাংশ প্ৰবীণ নেতা
 
দ্বিতীয় পৰ্যায়ত TMCৰ মন্ত্ৰীসভাৰ এক ডাঙৰ অংশ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কলকাতাৰ মেয়ৰ ফিৰহাদ হাকিম (কলকাতা পোৰ্ট), চন্দ্ৰিমা ভট্টাচাৰ্য (দমদম উত্তৰ), শশী পাঁজা (শ্যামপুকুৰ), অৰূপ বিশ্বাস (টালিগঞ্জ), ব্ৰাত্য বসু (দমদম) আৰু সুজিত বসু (বিধাননগৰ)ৰ দৰে হেভিৱেট ৰাজনৈতিক নেতাৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ধাৰণ হ’ব।
 
TMCৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে দাবী কৰিছে যে দলটোৱে ইতিমধ্যে ‘চেঞ্চুৰী’ অতিক্ৰম কৰিছে আৰু বিজেপি শিবিৰত আতংক বিৰাজ কৰিছে। আনহাতে, বংগত অমিত শ্বাহৰ সক্ৰিয়তাই আন এক দিশ উন্মোচন কৰে। বিজেপি সমৰ্থকসকলৰ দাবী যে এইবাৰ অমিত শ্বাহৰ ৰাজনৈতিক চালত মমতা বেনাৰ্জী পৰাজিত হ'ব।
 
প্ৰধানমন্ত্ৰীয়েও নিৰ্বাচনী প্ৰচাৰ শেষ হোৱা দিনাখন সভাসমূহত প্ৰতিশ্ৰুতি দি গৈছিল যে এতিয়া তেওঁ পোনপটীয়াভাৱে শপতগ্ৰহণৰ দিনাহে বংগলৈ আহিব। ৰাজনৈতিক দলসমূহৰ এই আত্মবিশ্বাস এক প্ৰদৰ্শনো হ'ব পাৰে, কিন্তু পশ্চিমবংগৰ এই দ্বিতীয় পৰ্যায় কেৱল ক্ষমতাৰ নিৰ্বাচন নহয়, বৰং দুটা আদৰ্শৰ মাজৰ অন্তিম সংঘৰ্ষ। য’ত TMC-এ নিজৰ ‘ক’ৰ’ (মূল) আসনসমূহ বচাই ৰাখি শাসনলৈ প্ৰত্যাৱৰ্তন নিশ্চিত কৰিব বিচাৰিছে, আনহাতে, বিজেপিয়ে ‘দক্ষিণ বংগৰ দুৰ্গ’ত ফাট মেলাবলৈ নিজৰ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিছে।
 
এতিয়া এটা আমোদজনক প্ৰশ্ন হৈছে, বিজেপিৰ দাবী অনুসৰি বৃহৎ ভোটদান ২০১১ চনৰ দৰে ক্ষমতা পৰিৱৰ্তনৰ ইংগিত নেকি? নে এয়া মমতা বেনাৰ্জীৰ ‘অধিকাৰৰ যুঁজ’ৰ আহ্বানৰ পৰিণাম? নে আমি পূৰ্বৰ প্ৰতিবেদনত কোৱাৰ দৰে অযোগ্য বা মৃত ভোটাৰৰ নাম কৰ্তন হোৱাৰ ফলত এই শতাংশ বৃদ্ধি পাইছে? নে এই তিনিওটা কাৰকৰ মিশ্ৰিত ফল? সঁচাই আমোদজনক নহয়নে!
 
২৯ এপ্ৰিলত দক্ষিণ বংগৰ ১৪২ টা সমষ্টিত হ’বলগীয়া ভোটগ্ৰহণেই এই সকলো প্ৰশ্নৰ উত্তৰ দিব। ৪ মে’ত যেতিয়া ফলাফল ওলাব, তেতিয়া স্পষ্ট হ’ব যে বংগৰ জনসাধাৰণে ‘বিকাশ আৰু সুৰক্ষা’ক নে ‘অস্মিতা আৰু অধিকাৰ’ৰ ৰক্ষাক নিৰ্বাচন কৰিছে।