গোলকীয় সংঘৰ্ষৰ মাজতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰৰ কূটনীতিৰ আহ্বান

Story by  atv | Posted by  [email protected] • 1 Months ago
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ
 
চোফিয়া (বুলগেৰিয়া)
 
কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে পুনৰবাৰ ভাৰতৰ স্থিতি দোহাৰে যে একাধিক ডাঙৰ সংঘাতৰ মাজত আলোচনা আৰু কূটনীতিয়েই হৈছে আগবাঢ়ি যোৱাৰ একমাত্ৰ পথ। এনে সংঘাতৰ পৰা উদ্ভৱ হোৱা অৰ্থনৈতিক বিপদাশংকাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ যোগান শৃংখলৰ স্থিতিস্থাপকতা আৰু বৈচিত্ৰকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, আৰু সামুদ্ৰিক বাণিজ্য যাতে কোনো কাৰণতে বিপদাপন্ন নহয়, সেই কথা পুনৰ উল্লেখ কৰে।
 
বুলগেৰিয়াৰ সমকক্ষ মন্ত্ৰী ভেলিছলাভা পেট্ৰ’ভা-চামোভাৰ সৈতে হোৱা বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত দিয়া বক্তব্যত জয়শংকৰে এই মন্তব্য কৰে।
 
একাধিক ডাঙৰ সংঘাত, অৰ্থনৈতিক নিৰাপত্তাক লৈ চিন্তা, মহামাৰীৰ শেহতীয়া অভিজ্ঞতা আৰু সন্ত্ৰাসবাদৰ ক্ৰমাগত ভাবুকিৰ সৈতে সমগ্ৰ বিশ্বই কেনেকৈ এক ব্যতিক্ৰমীভাৱে অস্থিৰ আৰু অনিশ্চিত ভৱিষ্যতৰ মাজেৰে গতি কৰিছে, সেই কথা উল্লেখ কৰি জয়শংকৰে কয়, "এই আটাইবোৰ বিষয়তে ভাৰতৰ স্থিতি অতি স্পষ্ট। আমি বিশ্বাস কৰোঁ যে এইটো যুদ্ধৰ যুগ নহয়। এই সংঘাতৰ একমাত্ৰ সমাধান হৈছে আলোচনা আৰু কূটনীতি।"
 
তেওঁ উল্লেখ কৰে যে 'গ্ল'বেল চাউথ'  বিশ্বৰ উন্নয়নশীল দেশসমূহৰ কণ্ঠস্বৰ হিচাপে ভাৰতে শক্তি (ইন্ধন), খাদ্য আৰু সাৰ নিৰাপত্তাৰ চিন্তাসমূহৰ ওপৰত আলোকপাত কৰিছে আৰু লগতে কোনো বাধা নোহোৱাকৈ সামুদ্ৰিক বাণিজ্য চলাই নিবলৈ আহ্বান জনাইছে।
 
তেওঁ কয়, "য’ত অৰ্থনৈতিক বিপদাশংকাৰ প্ৰশ্ন আহে, তাৰ উত্তৰ হৈছে যোগান শৃংখলৰ স্থিতিস্থাপকতা আৰু অধিক বৈচিত্ৰকৰণ। সামুদ্ৰিক বাণিজ্যত যাতে বাধাৰ সৃষ্টি নহয় বা ই বিপদাপন্ন নহয়, সেয়া গুৰুত্বপূৰ্ণ। 'গ্ল'বেল চাউথ'ৰ হৈ ভাৰতে ইন্ধন, খাদ্য আৰু সাৰৰ চিন্তাসমূহৰ কথাও বাৰে বাৰে উল্লেখ কৰি আহিছে।"
 
জয়শংকৰে জনায়, "সন্ত্ৰাসবাদৰ ক্ষেত্ৰত বিশ্বই শূন্য সহনশীলতা নীতি স্পষ্ট কৰিব লাগিব। এই সকলোবোৰ বিষয়তে ভাৰত আৰু বুলগেৰিয়াৰ মাজত মতৰ মিল ঘটিছে।"
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বুলগেৰিয়া ভ্ৰমণ কৰি দেশখনৰ জ্যেষ্ঠ নেতৃত্বৰ সৈতে বাৰ্তালাপ কৰে। এই আলোচনাত দ্বিপাক্ষিক সহযোগিতা, ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজৰ অংশীদাৰিত্ব আৰু ভৱিষ্যতে দুয়োখন দেশে মিলি কি কৰিব পাৰে, সেই বিষয়ে আলোচনা কৰা হয়।
 
বুধবাৰে বুলগেৰিয়াৰ নেতা, যাৰ ভিতৰত প্ৰধানমন্ত্ৰী ৰুমেন ৰাডেভ আৰু বৈদেশিক মন্ত্ৰী ভেলিছলাভা পেট্ৰ’ভা-চামোভাও অন্তৰ্ভুক্ত আছিল, তেওঁলোকৰ সৈতে উচ্চ পৰ্যায়ৰ বাৰ্তালাপ অনুষ্ঠিত হয়। এই বৈঠকত বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা সম্প্ৰসাৰণ কৰা আৰু বুলগেৰিয়া তথা ইউৰোপীয় ইউনিয়নৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
 
বুলগেৰিয়াৰ সমকক্ষ মন্ত্ৰীগৰাকীৰ সৈতে হোৱা আলোচনাৰ সময়ত বৈদেশিক মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে দুয়োপক্ষই "ভাৰত-বুলগেৰিয়া সম্পৰ্কৰ সমগ্ৰ দিশ পৰ্যালোচনা কৰে আৰু বিশেষকৈ ভাৰত-ইউৰোপীয় ইউনিয়ন মুক্ত বাণিজ্য চুক্তিৰ আলোচনা সমাপ্তিৰ প্ৰেক্ষাপটত, কৌশলগত আৰু প্ৰতিৰক্ষা অংশীদাৰিত্ব, আৰু ব্যাপক গতিশীলতা সহযোগিতা পৰিকাঠামোৰ ক্ষেত্ৰত সহযোগিতাৰ নতুন পথসমূহ অন্বেষণ কৰে।"
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি, বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে এতিয়া ১১ জুনত ফিনলেণ্ড ভ্ৰমণ কৰিব, য’ত তেওঁ 'কুলতাৰান্তা বাৰ্তালাপ'ৰ চতুৰ্দশ সংস্কৰণত অংশগ্ৰহণ কৰিব। এই বৰ্ষৰ সংস্কৰণটি 'এ ৱৰ্ল্ড ইন ট্ৰেনজিচন: গ্ল'বেল, ৰিজিঅ'নেল এণ্ড লোকেল পাৰচপেক্টিভচ' (পৰিৱৰ্তনশীল বিশ্ব: গোলকীয়, আঞ্চলিক আৰু স্থানীয় দৃষ্টিভংগী) বিষয়বস্তুৰ ওপৰত অনুষ্ঠিত হ’ব। এই ভ্ৰমণকালত তেওঁ ফিনলেণ্ডৰ সমকক্ষ মন্ত্ৰী আৰু অন্যান্য জ্যেষ্ঠ নেতৃত্বৰ সৈতেও বৈঠকত মিলিত হ’ব।