আৱাজ-দ্য ভইচ ব্যুৰ'
শাৰিৰীক প্ৰতিবন্ধকতা নেওচি একাগ্ৰতা আৰু দৃঢ়তাৰ বলত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে এগৰাকী দৃষ্টিহীন ছাত্ৰীয়ে। চকুৰে দেখা নোপোৱা স্বত্তেও চণ্ডীগড়ৰ ছাত্ৰীগৰাকীয়ে চিবিএছই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত সুখ্যাতিৰে উজলি উঠিছে। চণ্ডীগড়ৰ ২৬ নং ছেক্টৰৰ এখন অন্ধ শিক্ষা প্ৰতিষ্ঠানৰ ১৭ বছৰীয়া ছাত্ৰী কাফীয়ে চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত নিজৰ বিদ্যালয়ৰ ভিতৰত শীৰ্ষস্থান দখল কৰাৰ লগতে ৯৫.৬% নম্বৰ লাভ কৰি উজলি উঠিছে।
কাফীৰ শৈক্ষিক যাত্ৰা অতি প্ৰত্যাহ্বানেৰে ভৰা আৰু প্ৰেৰণাদায়ক। তিনি বছৰ বয়সত হাৰিয়ানাৰ হিছাৰ জিলাৰ বুধনা গাঁৱত হোলী উৎসৱৰ সময়ত তিনিজন ওচৰ চুবুৰীয়াৰ নৃশংস এচিড আক্ৰমণৰ বলি হৈছিল কাফী। এই আক্ৰমণৰ ফলত তেওঁৰ মুখ আৰু বাহু গুৰুতৰ ভাবে জ্বলি যায় আৰু চিৰদিনৰ বাবে দৃষ্টিশক্তি হেৰুৱাইছিল। এনে কঠিন সময় পাৰ কৰাৰ পিছতো শিক্ষা গ্ৰহণৰ প্ৰতি কাফীৰ আগ্ৰহ কমা নাছিল।
ঘটনাৰ পিছতে কাফীৰ উন্নত শিক্ষাৰ সুবিধা প্ৰদানৰ বাবে পৰিয়ালটো চণ্ডীগড়লৈ স্থানান্তৰিত হয়। তাৰপিছত কাফীম ইনষ্টিটিউট ফৰ দ্য ব্লাইণ্ডত নামভৰ্তি কৰাই দিয়ে, য’ত তেওঁ ধাৰাবাহিকভাৱে শৈক্ষিক উৎকৃষ্টতা প্ৰদৰ্শন কৰি আহিছে। ব্ৰেইল, অডিঅ’বুক, আৰু অন্যান্য সহায়ক প্ৰযুক্তি ব্যৱহাৰ কৰি কাফীয়ে তেওঁৰ বাধাসমূহ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।
সংবাদ মাধ্যমৰ আগত কাফীয়ে কয়, "আপোনাৰ জীৱনত এনে কিছুমান মুহূৰ্ত আহে, যিসময়ত আপুনি অনুভৱ কৰে যে সকলো শেষ হৈ গৈছে। মোৰ পিতৃ-মাতৃয়ে আশা হেৰুৱাই পেলোৱা নাছিল, আৰু মই এচিড আক্ৰমণকাৰী আৰু আন সকলোকে দেখুৱাব বিচাৰো যে মোৰ লগত যিয়েই নহওক কিয়, মই মূল্যহীন নহয়।"
কাফীয়ে অনাগত দিনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান অনাৰ্ছত ডিগ্ৰী লাভ কৰাৰ পৰিকল্পনা কৰিছে আৰু লগতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ (আই এ এছ) বিষয়া হোৱাৰ সপোন দেখিছে।
কাফীৰ এই সাফল্যই ব্যাপক স্বীকৃতি লাভ কৰিছে। তেওঁৰ শৈক্ষিক যাত্ৰাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বহু দানবীৰ আৰু সংগঠন। কাফীক আদানি ফাউণ্ডেচনে ভৱিষ্যতৰ সকলো শিক্ষাৰ খৰচ বহন কৰাৰ প্ৰতিশ্ৰুতি দিছে, আৰু চিকিৎসা পেছাদাৰীসকলে তেওঁৰ চকুৰ দৃষ্টিশক্তি ঘূৰাই আনিবলৈ সম্ভাৱ্য চিকিৎসাৰ বিকল্পৰ সন্ধান কৰিছে।
উল্লেখ্য যে, কাফীৰ পিতৃ চণ্ডীগড়ৰ মিনি সচিবালয়ৰ ঠিকাভিত্তিক পিয়ন। তেওঁ কন্যাৰ এই সাফল্যত অপৰিসীম গৌৰৱ প্ৰকাশ কৰে। তেওঁ কয় যে, "আমি কাফীৰ বাবে গৌৰৱান্বিত আৰু তাই পৰৱৰ্তী সময়ত যি কৰিব বিচাৰে তাত তেঁওক আমি সমৰ্থন কৰিম। কাফীৰ সপোন পূৰণৰ বাবে দিনে-নিশাই আমি কাম কৰিম।"
কাফীৰ অসাধাৰণ প্ৰদৰ্শনৰ উপৰিও ইনষ্টিটিউট ফৰ দ্য ব্লাইণ্ডৰ আন ছাত্ৰ-ছাত্ৰীসকলেও চিবিএছই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত পাৰদৰ্শিতা দেখুৱাইছে। সুমন্তই ৯৪% লাভ কৰি দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে গুৰশৰণ সিঙে ৯৩.৬% লাভ কৰি তৃতীয় স্থান দখল কৰে। কাফীৰ কাহিনীয়ে অধ্যৱসায়ৰ শক্তি আৰু অদম্য মানৱীয় মনোভাৱৰ প্ৰমাণ হিচাপে কাম কৰে। প্ৰতিকূলতাৰ সন্মুখীন হৈও কাফীয়ে নিজৰ লক্ষ্যৰ প্ৰতি দৃঢ় হৈ অজস্ৰজনৰ অনুপ্ৰেৰণাৰ কাৰণ হৈ পৰিছে।