৩০ এপ্ৰিলত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত মণিপুৰৰ ৬ টা ভোটকেন্দ্ৰত

Story by  atv | Posted by  Munni Begum • 16 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
ইম্ফল
 
ভাৰতীয় নিৰ্বাচন আয়োগে আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ  ৬ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনক বাতিল কৰা বুলি ঘোষণা কৰিছে আৰু ৩০ এপ্ৰিলত এই কেন্দ্ৰসমূহত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছে।    
 
আয়োগৰ এক আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰা হৈছে যে, "ভাৰতৰ নিৰ্বাচন আয়োগে জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ৫৮(২) আৰু ৫৮এ(২)ৰ অধীনত ২৬ এপ্ৰিলত (শুক্ৰবাৰে) আউটাৰ মণিপুৰ (এছটি) সংসদীয় সমষ্টিৰ তলৰ তালিকাত তালিকাভুক্ত ৬টা ভোটকেন্দ্ৰৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ বাতিল কৰা হৈছে আৰু ৩০ এপ্ৰিলত উক্ত কেন্দ্ৰসমূহত নতুনকৈ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়া হৈছে। সেইদিনা পুৱা ৭ বজাৰ পৰা আবেলি ৪ বজালৈ ভোটদান কৰিব পাৰিব।"   
 
মুখ্য নিৰ্বাচনী বিষয়া প্ৰদীপ কুমাৰ ঝাই এই ভোটকেন্দ্ৰসমূহৰ ভোটাৰসকলক তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। ৰাজ্যখনৰ আউটাৰ মণিপুৰ সমষ্টিৰ ১৩টা বিধানসভা খণ্ডই শুকুৰবাৰে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ভোটদান কৰাৰ লগে লগে মণিপুৰত ২০২৪ চনৰ লোকসভাৰ ভোটদান প্ৰক্ৰিয়াৰ সামৰণি পৰিছিল। 
 
ইয়াৰ পূৰ্বে ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত একাধিক হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত ২২ এপ্ৰিলত ইনাৰ মণিপুৰ সমষ্টিৰ ১১টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰা হৈছিল। পৰৱৰ্তী পৰ্যায়ৰ ভোটগ্ৰহণ ৭ মে’ত অনুষ্ঠিত হ’ব আৰু ৪ জুনত ভোট গণনা আৰু ফলাফল ঘোষণা কৰা হ’ব।