পুলিন ডেকা
অদম্য সাহস, স্বদেশানুৰাগ, কৌশলগত নিপুণতা, শৌষ-বীৰ্ষৰ অফুৰন্ত প্ৰতীক লাচিত বৰফুকনে অসমৰ জাতীয় জীৱনক যিদৰে উদ্ভাসিত কৰি গল, সেই প্ৰেৰণাৰে একবিংশ শতাব্দীত অসমে স্বকীয়তাৰে উজলি উঠিছে। তেওঁৰ জীৱন অনন্য সমাহাৰেৰে পৰিপূৰ্ণ আছিল। আহোম সাম্ৰাজ্যৰ এই গৰাকী মহান সেনাপতিয়ে অকল অসমকে নহয়, দক্ষিণ-পূব এচিয়াক সুৰক্ষিত কৰি বিশ্ব ইতিহাসত নতুন অধ্যায়ৰ সূচনা কৰিছিল।
শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনে মোগলৰ বিৰুদ্ধে সাহসৰে যুঁজ দি জয়লাভ কৰি জাতীয় স্বাভিমানক এক নতুন স্তৰত উপনীত কৰাইছিল। লাচিত বৰফুকনৰ সামৰিক কৌশল, যুদ্ধ প্রস্তুতি, নৌ বাহিনী পৰিচালনা, সেনাবাহিনীৰ মনোবল শক্তিশালী কৰা আৰু এক উপযুক্ত ৰণনীতি প্ৰস্তুত কৰি মধ্যযুগত দেখুওৱা চমকপ্রদ দক্ষতা আজিৰ প্ৰেক্ষাপটত অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। তেওঁৰ নেতৃত্ব, কঠোৰ শৃংখলা আৰু অসামন্য অনুপ্ৰেৰণাই আহোম সৈন্যৰ মাজত প্ৰৱল আত্মবিশ্বাস জগাই তুলিছিল।
শৰাইঘাটৰ যুদ্ধৰ এটা স্মাৰক
মোগলৰ দৰে বিশাল শক্তিক পৰাভূত কৰাটো সহজ বিষয় নাছিল। মোগলসকলৰ সেনাবল, অস্ত্র-শস্ত্র, নৌবাহিনী সকলো দিশতেই শক্তিশালী আছিল। কিন্তু লাচিত বৰফুকনৰ সামৰিক কৌশল আৰু সময়োপযোগী সিদ্ধান্তই বিজয় সুনিশ্চিত কৰাই নহয়, ভাৰতীয় সামৰিক ইতিহাসত স্বৰ্ণযুগৰ পদচিহ্ন ৰাখি যায়।
লাচিত বৰফুকন এগৰাকী সেনাপতিয়ে নাছিল, সমগ্র অসমীয়াৰ আত্মসন্মানৰ প্রতীক। এটা যুঁজাৰু আৰু দৃঢ়মনা জাতি কিদৰে নিৰ্মাণ হব পাৰে, তাৰ সৰ্বোচ্চ নিদৰ্শন লাচিত বৰফুকনে দেখুৱাই গৈছে। লাচিত বৰফুকনৰ মনত স্বদেশপ্ৰেমৰ শিপা এনেভাবেই প্ৰসাৰিত হৈছিল যে ষিয়ে তেওঁৰ সাহসৰ ভেটি গঢ়ি তোলে। এনে স্বদেশপ্রমেক আগুৱাই নিয়াৰ সময়ত তেওঁ জাতীয় সংহতি আৰু ঐক্য-মিলনৰ সাঁকো গঢ়ি তুলিছিল, যাৰ বাবে সমাজ জীৱনৰ প্ৰতিটো স্তৰৰ ব্যক্তি আকৰ্ষিত হৈ পৰিছিল।
জাতি-ধর্ম-ভাষা নির্বিশেষে সকলোকে একখন মঞ্চত স্থান দি সমন্বয়ৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছিল। আধুনিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰিলে দেখা যায় যে লাচিত বৰফুকনে জাতীয় সত্বা নিৰ্মাণৰ বাবে সকলোকে লগত লৈ আগবঢ়া নীতিৰ বাবেই মানুহৰ মানসিকতাত ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছিল। জাতীয় স্বাৰ্থৰ বাবে সমন্বয় যে চালিকা শক্তি তাক তেওঁ প্রতীয়মান কৰিছিল।
যোৰহাট জিলাৰ লাচিত মৈদাম
মোগলৰ বিৰুদ্ধে যুদ্ধত লাচিত বৰফুকনেজাতীয় দায়বদ্ধতাৰ লগতে একমুখী কৰ্ষপন্থাৰ এক গৰিমাময় দিশ উন্মোচন কৰিছিল, যাৰ ফলত বাঘ হাজৰিকাৰ দৰে ষোদ্ধাই অসীম সাহসৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। লাচিত বৰফুকনে অসমীয়া জাতিৰ আৱেগ আৰু স্বাভিমানক এনেভাবে জাগ্রত কৰিছিল, ষাৰ বাবে তেওঁৰ সংগ্ৰামী সত্ত্বা ভাৰতবাসীৰ বাবেও এক আদর্শ হৈ পৰিছে।
আজিৰ নৱ প্ৰজন্মৰ বাবেই লাচিত বৰফুকন আদৰ্শৰ এক জীৱন্ত প্রতীক। জীৱনত আগুৱাই যাবলৈ কঠোৰ সংকল্প আৰু কৰ্মপ্ৰেৰণাৰ প্ৰযোজন, লাচিত বৰফুকন আছিল তাৰেই উচ্চ নিদর্শন। লাচিত বৰফুকনে নিজৰ অধ্যাৱসায়, সাহস আৰু পৰিশ্ৰমৰ ফলতেই আহোম ৰাজ্যৰ বৰফুকন তথা প্ৰধান সেনাপতিৰ পদত অধিষ্ঠিত হৈছিল। আহোম ৰাজ্যৰ প্ৰধান সেনাপতি হোৱালৈকে দীঘলীয়া পৰিক্ৰমাত একগ্ৰতা, কর্মস্পৃহা, কৰ্তব্যনিষ্ঠাৰ যি পৰিচয় দেখুৱাইছিল, পৰবৰ্তী সময়ত ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰে।
তেওঁ সেনাবাহিনীৰ দায়িত্ব লৈয়ে সকলোৰে আস্থা লাভ কৰাৰ লগতে এটা শক্তিশালী সেনা বাহিনী গঠন কৰি মোগলৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰস্তুতি চলায়। আলাবৈ ৰণত দহ হেজাৰ আহোম সেনাৰ মৃত্য হোৱা ঘটনাই লাচিত বৰফুকনৰ সমগ্র চিন্তাক প্ৰভাৱিত কৰে। আহোমৰ পৰাজয়ক জয়ৰ দিশলৈ নিবলৈ তেওঁ সুপৰিকল্পনা ৰচনা কৰে। দিনে-নিশাই গড় নিৰ্মাণ কৰি কৰ্মমুখী জাতীয় চেতনা জাগ্ৰত কৰাটো শৰাইঘাট যুদ্ধৰ পূৰ্বৱৰ্তী পৰ্যায়ৰ এক গুৰুত্বপূৰ্ণ দিশ আছিল।
শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনে নৌ যুদ্ধৰ নেতৃত্ব দিয়া এখন চিত্ৰ
আনহাতে নৰীয়া শৰীৰৰে যুদ্ধ ক্ষেত্ৰত নেতৃত্ব দি দেখুৱাইছিল যে জাতীয় স্বার্থতকৈ কোনো বিষয় উর্ধত হব নোৱাৰে। আলবৈ ৰণৰ পৰাজয় লাচিত বৰফুকনে জয়লৈ লৈ গৈ দেখুৱাই দিলে অসমীয়া জাতিৰ বীৰত্ব আৰু স্বদেশপ্রেম। লাচিত বৰফুকনে গেৰিলা যুদ্ধৰ ষি কৌশল প্ৰয়োগ কৰিলে, তাৰ জৰিয়তে প্ৰমাণ হয়, তেওঁৰ ৰণকৌশলৰ গুৰুত্বপূৰ্ণ দিশ। সমগ্র ভাৰতবৰ্ষত মোগলৰ আধিপত্য চলি থকাৰ সময়ত লাচিত বৰফুকনে তেনে শক্তিক পৰাভূত কৰি দেশবাসীক দেখুৱাই দিছিল অসমীয়া জাতিৰ স্বকীয়তা। আধুনিক বিশ্বত
আজি দক্ষতাৰ দিশত যিদৰে গুৰুত্ব আৰোপ কৰা হৈছে, সেয়া মধ্যযুগতে লাচিত বৰফুকনে বিশ্ববাসীক দেখুৱাই দিছিল। শৰাইঘাট যুদ্ধত যদিহে লাচিত বৰফুকনে মোগলক প্রতিহত কৰিব নোৱাৰিলেহেঁতেন, তেতিয়া দক্ষিণ-পূব এছিয়াৰ বাবেও বিপর্ষয় কঢ়িয়াই আনিলেহেতেঁন। তেনে প্রেক্ষাপটত বিশ্লেষণ কৰিলে লাচিত বৰফুকন কেৱল ভাৰতবৰ্ষৰে এগৰাকী বীৰ নাছিল, দক্ষিণ-পূব এছিয়াৰ এক মহাশক্তি আছিল। অসমীয়াৰ আৱেগ, বিবেক অধিকাৰ কৰি থকা লাচিত বৰফুকনৰ অসীম সাহস, বীৰত্ব হল অসমীয়া জাতিৰ বাবে এক চিৰসেউজ আদর্শ।
(লেখক এগৰাকী সাহিত্যিক। আজি লাচিত দিৱস উপলক্ষে এই প্ৰতিবেদনটি প্ৰকাশ কৰা হৈছে।)