ক্ৰীড়াই সমন্বয়মুখী আৰু সুস্থ সমাজ গঢ় দিয়েঃ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ চিন্তা

Story by  atv | Posted by  Munni Begum • 8 Months ago
মেজৰ ধ্যানচান্দ
মেজৰ ধ্যানচান্দ
 
  ৰাজীৱ প্ৰকাশ বৰুৱা
 
হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ জন্ম দিনটোক প্ৰতি বছৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰি অহা হৈছে। ভাৰতীয় ক্ৰীড়াৰ প্ৰথমগৰাকী 'গ্লেমাৰ বয়' ধ্যানচন্দে দেশৰ লগতে সমগ্ৰ বিশ্বৰ হকী ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৰিহণাক স্মৰণ কৰি প্ৰতি বছৰে তেওঁৰ উপজা দিন ২৯ আগষ্টৰ দিনা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হয়।
 
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসে আমাক এই কথা সোঁৱৰাই দিয়ে যে ক্ৰীড়াই জাতি-ধৰ্ম নিৰ্বিশেষে সকলোকে একত্ৰিত কৰে আৰু সমগ্ৰ দেশ আৰু জাতিক একতাৰ দোলেৰে বান্ধি ৰাখে। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই কৈ গৈছেঃ এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগন। কিংবদন্তী শিল্পীগৰাকীৰ এই কালজয়ী গীতৰ অৰ্থ এই বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ প্ৰধান বিষয়বস্তু (থিম)টো প্ৰতিফলিত হৈছে। 
 
উল্লেখ্য যে, ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস-২০২৩ৰ প্ৰধান বিষয়বস্তু হৈছেঃ ক্ৰীড়া হৈছে এক সমন্বয়মুখী আৰু সুস্থ সমাজৰ বাৰ্তাবাহক। সম্প্ৰতি বিভিন্ন দুষ্ট চক্ৰই জাতি-ধৰ্মৰ মাজত সংঘাতৰ সৃষ্টি কৰি সমাজক বিভাজিত কৰাৰ অপচেষ্টা চলাই থকাৰ সময়তে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ বিষয়বস্তু যথেষ্ট তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। 
 
এছিয়ান চেম্পিয়নশ্বিপ বিজয়ী ভাৰত হকী দল
 
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ পৰম্পৰা ২০১২ চনৰ পৰা আৰম্ভ হৈছিল। ভাৰত চৰকাৰে ২৯ আগষ্টক এথলেটিকছৰ মনোভাৱ উদযাপনৰ দিন হিচাপে পালনৰ কথা ঘোষণা কৰিছিল। এইবাৰ ২০২৩ চনত এই দিৱসৰ ১২ বছৰ সম্পূৰ্ণ হ’ল। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেৱল হকী কিংবদন্তি মেজৰ ধ্যান চান্দক সন্মান জনোৱাৰে দিন নহয়, ই হৈছে বিভিন্ন ক্ৰীড়া ক্ষেত্ৰত নিজৰ প্ৰতিভা আৰু দক্ষতাৰে দেশক উজলাই তোলা খেলুৱৈসকলৰ ক্ৰীড়াসুলভ মনোভাৱকো সন্মান জনোৱাৰ বাবে উৎসৰ্গিত এটা দিন।
 
উল্লেখ্য যে, হকীৰ যাদুকৰ ধ্যানচান্দৰ ১৯০৫ চনৰ ২৯ আগষ্টত উত্তৰ প্ৰদেশৰ এলাহাবাদত জন্ম হৈছিল। হকীৰ ষ্টিকেৰে তেওঁ খেলপথাৰত শিল্পৰ সৃষ্টি কৰিছিল। তেওঁৰ যাদুকৰী ক্ৰীড়া নিপুনতাই মন্ত্ৰমুগ্ধ কৰিছিল বিশ্বৰ ক্ৰীড়াপ্ৰেমীক। প্ৰৱল প্ৰতাপী একনায়কত্ববাদী হিটলাৰৰ দৰে শাসকো তেওঁৰ যাদুকৰী ক্ৰীড়া প্ৰতিভাত বিমুগ্ধ হৈছিল। কোৱা হয় যে তেওঁৰ খেল উপভোগ কৰি হিটলাৰ ইমানেই মুগ্ধ হৈছিল যে, ধ্যানচান্দক হিটলাৰে জাৰ্মানীৰ নাগৰিকত্ব যাচিছিল। ধ্যানচান্দে ভাৰতীয় হকীক বিশ্বৰ ক্ৰীড়া মানচিত্ৰত নতুনকৈ চিনাকি কৰাই দিয়াই নহয়, তেওঁৰ সময়তেই ভাৰতীয় হকীয়ে সফলতাৰ শিখৰ চুমিছিল। 
 
এম চি মেৰী কম
 
তেওঁৰ চমকৰ সহায়ত ভাৰতে ১৯২৮ৰ পৰা ১৯৩৬লৈ একেৰাহে অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল। য'ত সৰ্বাধিক গ'লেৰে স্বাভাৱিকতেই জিলিকি উঠিছিল ধ্যানচান্দ। হকীৰ জগতত ধ্যানচান্দৰ পৰাক্ৰম আৰু তেওঁৰ সাফল্যক বৰ্ণনা কৰিবলৈ BBCএ তেওঁক হকীৰ মহম্মদ আলী হিচাবে অভিহিত কৰিছিল। সেইগৰাকী হকীৰ শ্ৰেষ্ঠ পুৰুষ ধ্যানচান্দৰ জন্মদিনটোত প্ৰতি বছৰেই দেশবাসীয়ে তেওঁৰ অৱদানক সুঁৱৰি আহিছে। 
 
ধ্যানচান্দৰ সাফল্যই কেৱল তেওঁৰ ব্যক্তিগত জীৱনকে সমৃদ্ধ কৰা নাছিল, সেই সাফল্যৰ অৰ্থ আছিল তাতোকৈ বিশাল। ব্ৰিটিছৰ অধীনত পৰাধীন ভাৰততো তেওঁ ক্ৰীড়াৰ মাধ্যমৰে দেশক গৌৰৱৰ পাশত আৱদ্ধ কৰিছিল। তেওঁৰ সাফল্যই স্বাভিমানী ভাৰতীয়ৰ মনত নতুনকৈ জগাই তুলিছিল আত্মবিশ্বাস। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে পৰাধীন ভাৰতত সংহতিৰ বাৰ্তা দিছিল তেওঁৰ সাফল্যই। ক্ৰীড়াই যুগ যুগ ধৰি সমাজত ঐক্য, শান্তি, সংহতি আৰু ভাতৃত্ববোধৰ বাৰ্তা দি আহিছে। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ জৰিয়তে ক্ৰীড়াৰ সেই মানৱীয় উপলদ্ধিকেই উদযাপন কৰা হয়। 
 
নীৰজ চোপ্ৰা
 
ধ্যানচান্দৰ পাছতো দেশৰ বহু মহান ক্ৰীড়াবিদে ভাৰতীয় ক্ৰীড়াক্ষেত্ৰক মহিয়ান কৰি তুলিছে। টালিমেৰেন আও, মিলখা সিং, পি টি উষাৰ পৰা আৰম্ভ কৰি ছানিয়া মিৰ্জা, মেৰীকম, মীৰাবাই চানু, সুনীল চেত্ৰী, শচীন টেণ্ডুলকাৰ, বিৰাট কোহলিলৈ প্ৰতিগৰাকী তাৰকা ক্ৰীড়াবিদেই প্ৰতিনিধিত্ব কৰিছে একোটা যুগক। ভাৰতৰ প্ৰতিটো কোণৰ পৰা ওলাই গৈ বিশ্ব দৰবাৰত নিজৰ লগতে দেশৰো নাম খোদিত কৰিছে এওঁলোকে। এইক্ষেত্ৰত তেওঁলোকৰ বাবে কোনো ভৌগোলিক অৱস্থিতি, ধৰ্ম, সম্প্ৰদায় বাধাৰ কাৰণ হৈ থিয় দিব পৰা নাই। 
 
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ প্ৰাকক্ষণত পুনৰ দেশলৈ সুনাম কঢ়িয়াই বিশ্ব চেম্পয়নশ্বিপত স্বৰ্ণ জয় কৰিলে নীৰজ চোপ্ৰাই। নীৰজ চোপ্ৰাৰ দৰে ক্ৰীড়া প্ৰতিভাক কোনো প্ৰতিবন্ধকতাই বাধা দিব পৰা নাই। সৰুতে মেদবহুলতাৰে যুঁজি থকা নীৰজে বিশ্ব জয়ৰ পূৰ্বেই নিজৰ মানসিক যুঁজখনত জয়ী হৈছিল। যাৰ বাবে আজি বিশ্বৰ এথেলেটিক মঞ্চত এটুকুৰা হীৰা হৈ উজলি উঠিছে নীৰজ। নীৰজ চোপ্ৰাৰ দৰেই বিশ্বৰ ক্ৰীড়া মানচিত্ৰত উজলি উঠা অসমৰো লাভলিনা বৰগোহাঁই, হিমা দাস, অম্লান বৰগোহাঁইৰ দৰে তাৰকাই পৰিস্থিতিৰ সৈতে যুঁজ দিয়েই আজিৰ পৰ্যায়ত উপনীত হৈছেহি। 
 
ছানিয়া মিৰ্জা
 
ক্ৰীড়াৰ মাহাত্ম্যও সেইখিনিতেই। খেলপথাৰত প্ৰতিপক্ষৰে যুঁজ দিয়াৰ পূৰ্বেই ক্ৰীড়াই জীৱন যুঁজত জয়ী হবলৈ শিকায়। ক্ৰীড়াবিদৰ তেনে বজ্ৰকঠোৰ মানসিকতাই আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেশ এখনৰো গুৰুত্ব বঢ়ায়। ক্ৰীড়াবিদৰ এনে ত্যাগ, অদম্য মানসিক শক্তি, দেশপ্ৰেম, সফলতা আদি উদযাপন কৰিবলৈ হকীৰ যাদুকৰ ধ্যানচান্দৰ জন্ম দিৱসতকৈ আৰু মহত্ত্বপূৰ্ণ দিন আৰু কি হ'ব পাৰে!
 
(লেখক অসম চৰকাৰৰ প্ৰাক্তন আমোলা আৰু বৰ্তমান অসম ৰাজ্যিক বিদ্যুৎ নিয়ন্ত্ৰণ ব’ৰ্ডৰ মিডিয়া উপদেষ্টা)