জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হব অসম চৰকাৰ: মুন্না প্ৰসাদ গুপ্তা

Story by  atv | Posted by  Munni Begum • 1 h ago
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হব অসম চৰকাৰ: মুন্না প্ৰসাদ গুপ্তা
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হব অসম চৰকাৰ: মুন্না প্ৰসাদ গুপ্তা
 
গুৱাহাটী
 
অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গক গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব অসম চৰকাৰ। দেওবাৰে গুৱাহাটীত এই কথা সদৰী কৰে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান তথা জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্তকাৰী দলৰ (এছআইটি) মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই।
 
গুৱাহাটীৰ অপৰাধ অনুসন্ধান বিভাগৰ (চিআইডি) মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত গুপ্তাই কয়, “গুৱাহাটী উচ্চ ন্যায়ালয়ে গোচৰটোৰ দুই অভিযুক্তক প্ৰদান কৰা জামিনৰ বিৰুদ্ধে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন জনাব।”
 
তেওঁ লগতে কয়, “আমি ইতিমধ্যে আদালতত অভিযোগনামা দাখিল কৰিছোঁ আৰু গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে। কোনো অভিযুক্তই জামিন লাভ কৰিলেই তেওঁ নিৰ্দোষী বুলি প্ৰমাণিত নহয়।”
 
উল্লেখযোগ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ৯ অক্টোবৰত জুবিন গাৰ্গৰ সহযোগী কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্তক জামিন মঞ্জুৰ কৰাৰ বিপৰীতে ১৬ অক্টোবৰত শিল্পীগৰাকীৰ সম্পৰ্কীয় ভাতৃ তথা অসম আৰক্ষী সেৱাৰ বিষয়া সন্দীপন গাৰ্গক জামিন প্ৰদান কৰিছিল।
 
দুয়োজনেই ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰলৈ গৈছিল। সেই ভ্ৰমণৰ সময়তে ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত অকাল মৃত্যুক সাবটি লৈছিল অসমৰ জনপ্ৰিয় শিল্পীগৰাকীয়ে।
 
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ সময়ত বিশেষ তদন্তকাৰী দলে অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ লগতে আন পাঁচজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল।
 
উল্লেখ্য যে, জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰাৰ কথা থকা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত আৰু শিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক ২০২৫ চনৰ ১ অক্টোবৰত অসম আৰক্ষীৰ পৃথক পৃথক দলে দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ আহিছিল।
 
ইয়াৰ পাছতে তদন্তৰ অংশ হিচাপে জুবিন গাৰ্গৰ সংগীত দলৰ ড্ৰামবাদক শেখৰজ্যোতি গোস্বামী আৰু শিল্পীগৰাকীৰ দুই ব্যক্তিগত নিৰাপত্তাৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাকো গ্ৰেপ্তাৰ কৰিছিল বিশেষ তদন্তকাৰী দলটোৱে। পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা সাতোজন অভিযুক্তকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।
 
ইয়াৰে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক বাক্সা জিলা কাৰাগাৰত ৰখা হৈছে। সন্দীপন গাৰ্গকো পূৰ্বে একেখন কাৰাগাৰতে ৰখা হৈছিল। আনহাতে, শেখৰজ্যোতি গোস্বামীক হাফলং কাৰাগাৰত ৰখা হৈছে।
 
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত সম্পূৰ্ণ কৰি বিশেষ তদন্তকাৰী দলে আদালতত প্ৰায় ৩,৫০০ পৃষ্ঠাৰ এখন বিস্তৃত অভিযোগনামা দাখিল কৰিছিল।
 
উক্ত অভিযোগনামাত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰা হৈছে।
 
আনহাতে, সন্দীপন গাৰ্গৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১০৫ নম্বৰ ধাৰাৰ অধীনত হত্যাৰ পৰ্যায়ত নপৰা দোষণীয় নৰহত্যাৰ অভিযোগ আৰোপ কৰা হৈছে।
 
ইয়াৰ বিপৰীতে শিল্পীগৰাকীৰ দুই ব্যক্তিগত নিৰাপত্তাৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে অপৰাধমূলক বিশ্বাসভংগৰ অভিযোগ উত্থাপন কৰা হৈছে।
 
এনে পৰিস্থিতিত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আইনী প্ৰক্ৰিয়াত বিশেষ গুৰুত্ব লাভ কৰিছে।
 
ইতিমধ্যে অভিযোগনামা দাখিল হোৱাৰ পাছত আদালতত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে। এনে সময়তে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান মুন্না প্ৰসাদ গুপ্তাই জামিন লাভ কৰিলেই কোনো অভিযুক্ত নিৰ্দোষী বুলি গণ্য নহয় বুলি কৰা মন্তব্যও তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।