ডুবাইত নিৰ্মাণ হ'ব বিশ্বৰ আটাইতকৈ ডাঙৰ বিমানবন্দৰ; ৪০০খন গেট, ৫টা পেৰেলেল ৰাণৱে

Story by  atv | Posted by  [email protected] • 15 d ago
ডুবাইত নিৰ্মাণ হ'বলগীয়া বিশ্বৰ আটাইতকৈ ডাঙৰ বিমানবন্দৰটোৰ প্ৰস্তাৱিত ডিজাইন
ডুবাইত নিৰ্মাণ হ'বলগীয়া বিশ্বৰ আটাইতকৈ ডাঙৰ বিমানবন্দৰটোৰ প্ৰস্তাৱিত ডিজাইন

ডুবাই

ডুবাইৰ শাসক শ্বেইখ মহম্মদ বিন ৰছিদ আল মাকতুমে দেওবাৰে কয় যে ডুবাইত বিশ্বৰ আটাইতকৈ ডাঙৰ বিমানবন্দৰ নিৰ্মাণ কৰা হ'ব। তেওঁ আজি ৩৫ বিলিয়ন মাৰ্কিন ডলাৰ (২.৯ লাখ কোটি) মূল্যৰ নতুন বিমানবন্দৰ প্ৰকল্পৰ কথা ঘোষণা কৰে। নতুন বিমানবন্দৰটোৰ নাম হ’ব আল মাকটুম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু ইয়াত পাঁচটা সমান্তৰাল ৰাণৱে থাকিব, য’ত ২৬ কোটি যাত্ৰী আৰু ৪০০ বিমানৰ গেট থাকিব।
 
ডুবাইৰ শাসকে এক্সত এটা পোষ্টত এই ঘোষণা কৰি কয় যে নতুন প্ৰকল্পটোৱে “আমাৰ সন্তান আৰু তেওঁলোকৰ সন্তানৰ বাবে নিৰন্তৰ আৰু সুস্থিৰ বিকাশ” নিশ্চিত কৰিব।
উল্লেখ্য যে, আল মাকতুম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৱে বছৰি ২৬ কোটি যাত্ৰীৰ ভৰ বহন কৰিব পাৰিব। ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সকলো কাৰ্য্যকলাপ অনাগত বছৰবোৰত বহু কোটি টকীয়া নতুন প্ৰকল্পটোলৈ স্থানান্তৰ কৰা হ’ব আৰু ইয়াৰ আকাৰ বৰ্তমানৰ বিমানবন্দৰৰ পাঁচগুণ হ’ব।
বিমানবন্দৰটোত ৪০০খন বিমানৰ গেট আৰু ৫টা সমান্তৰাল ৰাণৱে থাকিব। ডুবাইৰ বিমান পৰিবহণ খণ্ডত প্ৰথমবাৰৰ বাবে দেখা যাব নতুন বিমান প্ৰযুক্তি। ডুবাই ছাউথৰ বিমানবন্দৰৰ চাৰিওফালে এখন সম্পূৰ্ণ চহৰ নিৰ্মাণ কৰা হ’ব কাৰণ এই অভিলাষী প্ৰকল্পটোৱে এক মিলিয়ন লোকৰ বাবে গৃহ নিৰ্মাণৰ পৰিকল্পনাকো সাঙুৰি ল'ব। 
 
এই বিমানবন্দৰত লজিষ্টিক আৰু বিমান পৰিবহণ খণ্ডৰ আগশাৰীৰ কোম্পানীসমূহে আতিথ্য প্ৰদান কৰিব। নতুন টাৰ্মিনেলৰ বাবে ১২৮ বিলিয়ন এডি (৩৪.৮৫ বিলিয়ন মাৰ্কিন ডলাৰ বা ২.৯ লাখ কোটি টকা) ব্যয় হ’ব।