বিশ্বৰ কোম্পানীসমূহক মোৰ নহয়, আমাৰ দেশ ভাৰতবৰ্ষৰহে প্ৰয়োজন আছেঃ আলিয়া ভাট

Story by  atv | Posted by  [email protected] • 7 Months ago
Red Sea আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আলিয়া ভাট, দ্বিতীয় ছবিত মহোৎসৱৰ চিইঅ' মহম্মদ আল তুৰ্কীৰ সৈতে আলিয়া
Red Sea আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আলিয়া ভাট, দ্বিতীয় ছবিত মহোৎসৱৰ চিইঅ' মহম্মদ আল তুৰ্কীৰ সৈতে আলিয়া
 
অজিত ৰায় / জেদ্দা, চৌদি আৰব

চৌদি আৰৱৰ জেদ্দা চহৰত আয়োজিত তৃতীয় লোহিত সাগৰীয় (ৰেড ছি) আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত দৰ্শকৰ সৈতে মত বিনিময় কৰাৰ সময়ত হিন্দী চিনেমাৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটে কয় যে বিশ্বৰ কোম্পানীসমূহক তেওঁৰ প্ৰয়োজন নাই, বৰং ভাৰতবৰ্ষৰহে প্ৰয়োজন আছে। সেইবাবেই তেওঁলোকে ভাৰতীয় চলচ্চিত্ৰ শিল্পীক নিজৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিয়ে।
 
"মই গ্ল’বেল হ’বলৈ ভাৰতৰ বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই।" বিশ্ববিখ্যাত ফেশ্বন হাউচ গুচি (ইটালী)য়ে ভাৰতৰ পৰা তেওঁক প্ৰথমগৰাকী ব্ৰেণ্ড এম্বেছাদৰ নিযুক্তি দিয়া সন্দৰ্ভত আলিয়া ভাটে এইদৰে কয়। তেওঁ পুনৰ কয় যে আজি সমগ্ৰ বিশ্বক ভাৰতৰ প্ৰয়োজন, সেইবাবেই তেওঁলোকে মোক বাছি লৈছে। ইয়াৰ কৃতিত্ব মই মোৰ দেশ ভাৰতক দিওঁ। এয়া মাত্ৰ দৃষ্টিভংগী সলনি কৰাৰ কথা। এতিয়া ভাৰতৰ প্ৰতি সমগ্ৰ বিশ্বৰ মনোভাৱ সলনি হৈছে।
 
উল্লেখ্য যে, ১৯৯৩ চনৰ ১৫ মাৰ্চত মুম্বাইত জন্মগ্ৰহণ কৰা আলিয়া ভাট ব্ৰিটিছ নাগৰিক যদিও মুম্বাইত থাকে আৰু লণ্ডনতো তেওঁৰ ঘৰ আছে।
 
ৰেড ছি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আন্তঃৰাষ্ট্ৰীয় প্ৰগ্ৰেমিঙৰ মুৰব্বী কালিম আফতাবৰ সৈতে কথা পাতি থাকোঁতে তেওঁ কয় যে তেওঁ অভিনয় কেৰিয়াৰ কিমান দিনলৈ চলিব বা কিমান দিনলৈ তেওঁক অভিনেত্ৰী হিচাপে দৰ্শকে গ্ৰহণ কৰিব, সেয়া ভালকৈ নাজানে। গতিকে তেওঁ স্থায়ী উপাৰ্জনৰ বাবে এটা পৃথক কাম আৰম্ভ কৰাৰ কথা চিন্তা কৰিছিল। সেই অনুসৰি, তেওঁ 'ইডা মামা' নামেৰে নিজাকৈ ব্ৰেণ্ডৰ কাপোৰ তৈয়াৰ কৰে আৰু এতিয়া এই কোম্পানীটোৰ ৫১ শতাংশ শ্বেয়াৰ ক্ৰয় কৰি ৰিলায়েন্স ৰিটেইল ইয়াৰ অংশীদাৰ হৈ পৰিছে।
 
২০২৩ চনৰ জুলাই মাহলৈকে এই কোম্পানীটোৰ মুঠ সম্পত্তি ১৯ মিলিয়ন ডলাৰত উপনীত হৈছিল।
যেতিয়া নিজাকৈ ফিল্ম প্ৰডাকচন কোম্পানী খোলাৰ কিয় প্ৰয়োজন হৈছিল বুলি সোধা এক প্ৰশ্নৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে কয়, মোৰ দেউতা মহেশ ভট্টে আমাক সদায় কৈছিলঃ কিমান দিনলৈ আনৰ গাড়ীত পেট্ৰ'ল ভৰাই থাকিবা, নিজৰ গাড়ী কিনি তাত পেট্ৰল ভৰোৱা। সেয়েহে আমি ইটাৰ্নেল ছান শ্বাইন প্ৰডাকচন নামৰ নিজাকৈ চলচ্চিত্ৰ প্ৰডাকচন কোম্পানী এটা খুলিলো। যোৱা বছৰ অ’টিটিৰ বাবে আমি নিৰ্মাণ কৰা প্ৰথমখন ছবি আছিল ‘ডাৰ্লিং’।
 
ভাৰতীয় চিনেমাত আহি থকা পৰিৱৰ্তন সন্দৰ্ভত তেওঁ কয় যে প্ৰতিটো যুগত আমাৰ চিনেমাসমূহ গৌৰৱৰ বিষয় হৈ আহিছে। আজি আমি আমাৰ চিনেমাক এক নতুন পৰিচয় দিয়াৰ প্ৰয়োজন আছে। এতিয়া ইয়াক কেৱল বলীউড বুলি কোৱাতকৈ আমি ইয়াক ভাৰতীয় চিনেমা বুলি কোৱা উচিত, য’ত ২৭টা ভাষাৰ চিনেমা অন্তৰ্ভুক্ত কৰা হৈছে।
 
প্ৰথমবাৰৰ বাবে ৰণবীৰ কাপুৰক লগ পোৱাৰ ঘটনাটো বৰ্ণনা কৰি আলিয়া ভাটে কয় যে মই ৯ বছৰ বয়সত (২০০২) সঞ্জয় লীলা ভাঞ্চালীক তেওঁৰ অফিচত লগ কৰিবলৈ গৈছিলোঁ। সেই সময়ত তেওঁ নিজৰ ছবি ‘ব্লেক’ নিৰ্মাণ কৰি আছিল আৰু ৰণবীৰ কাপুৰে তেওঁক সহায় কৰিছিল। সেই সময়ত ৰণবীৰ অভিনেতা হোৱা নাছিল, গতিকে মোৰ সকলো মনোযোগ সঞ্জয় লীলা ভাঞ্চালীৰ প্ৰতি আছিল। কিন্তু ৰণবীৰ কাপুৰৰ বিষয়ে নিশ্চয় কিবা এটা আছিল যে তেওঁৰ প্ৰতি মোৰ এক আকৰ্ষণ জাগি উঠিছিল। সেইদিনা তেওঁৰ লগত ক্লিক কৰা ফটো এখন এতিয়াও মই সযতনে ৰাখিছো। তাৰ পিছত আমি অবিৰতভাৱে লগ পাবলৈ ধৰিলোঁ আৰু অৱশেষত ২০ বছৰৰ পাছত ২০২২ চনৰ ১৪ এপ্ৰিলত আমাৰ বিয়া হ’ল আৰু এতিয়া আমাৰ এগৰাকী ছোৱালীও আছে। ৬ নৱেম্বৰ, ২০২২ত তাইৰ জন্ম হৈছে।
 
আলিয়াই কয় যে তেওঁ সেইদিনা অডিচন দিছিল যদিও চৰিত্ৰটো লাভ নকৰিলে। ইয়াৰ তিনি বছৰৰ পাছত সঞ্জয় লীলা ভাঞ্চালীয়ে ১২ বছৰীয়া আলিয়াক ৰণবীৰ কাপুৰৰ সৈতে ‘বালিকা বধু’ ছবিখনৰ বাবে কাষ্ট কৰিছিল। আৰু পোন্ধৰ-ষোল্ল বছৰৰ পাছত তেওঁ মোক ‘গাংগুবাই কঠিয়াৱাড়ী’ত মুখ্য চৰিত্ৰত অভিনয়ৰ সুযোগ দিছিল। 
 
ইফালে, গৌৰী শিণ্ডেৰ ছবি ‘ডিয়াৰ জিন্দগী’ত শ্বাহৰুখ খানৰ সৈতে শ্বুটিং কৰাৰ স্মৃতি ৰোমন্থন কৰি মোহময়ী অভিনেত্ৰীগৰাকীয়ে কয় যে যেতিয়া প্ৰথম শ্বটটো দিব লাগে তেতিয়া মই মাত্ৰ গা ধোৱাৰ পৰা ওলাই আহিছিলো আৰু মোৰ চুলিখিনি তিতি গৈছিল। শ্বাহৰুখ খানক মোৰ বিভ্ৰান্তিৰ কথা কওঁতে তেওঁ লগে লগে ক’লে, ‘কোনো সমস্যা নাই, মইও চুলি তিয়াই দিম আৰু তাৰ পিছত শ্বুটিং কৰি লওঁ। তেওঁ ইমান উদাৰ আৰু সকলোৰে সৈতে ধুনীয়াকৈ মিলি যায়। তেওঁৰ দৰে সফলতাৰ শিখৰত উপনীত হ’বলৈ মোৰ এতিয়াও বহু যোজন দূৰ যাত্ৰা কৰিবলগীয়া আছে। গতিকে তেওঁৰ সৈতে প্ৰথম শ্বটতে মই নাৰ্ভাছ হৈ পৰিছিলোঁ। গৌৰী শিণ্ডে আহি মোৰ কাণত ফুচফুচাই ক’ব লগা হ’ল যে মই এক্টিং কৰিব লাগে।
 
কালিম আফতাবৰ সৈতে কথা পাতি থকাৰ সময়ত আলিয়া ভাট
 
উল্লেখ্য যে, কৰণ জোহৰ আৰু তেওঁৰ কোম্পানী ধৰ্ম প্ৰডাকচনে আলিয়া ভাটক বলীউদত বহু সুযোগ দিছে। তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰা প্ৰথমখন ছবি আছিল ধৰ্ম প্ৰডাকচনৰ ‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ’ (২০১২)। এই চৰিত্ৰটোৰ বাবে প্ৰায় পাঁচশ ছোৱালীয়ে অডিচন দিছিল। আলিয়াই কয় যে মই একাদশ শ্ৰেণীত পঢ়ি থাকোঁতে স্কুলৰ পোছাক পিন্ধি কৰণ জোহৰক তেওঁৰ অফিচত লগ কৰিবলৈ গৈছিলোঁ। 
 
প্ৰখ্যাত পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ ছবি ‘গাংগুবাই কঠিয়াৱাড়ী’ত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ অভিজ্ঞতা ব্যক্ত কৰি আলিয়া ভট্টে কয় যে যেতিয়া মই প্ৰথমবাৰৰ বাবে ইয়াৰ চিত্ৰনাট্য পঢ়িছিলো, তেতিয়া মোৰ মনত এক দ্বিধাবোধৰ সৃষ্টি হৈছিল। এনে ভূমিকা মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। ৯ বছৰ বয়সৰ পৰাই সঞ্জয় লীলা ভাঞ্চালীৰ লগত কাম কৰাৰ সপোন দেখিছিলোঁ। 
 
সেয়ে, ৰণবীৰৰ সৈতে কথা পাতি সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰি কামটো সম্পূৰ্ণ কৰিলোঁ। লাহে লাহে গাংগুবাই মোৰ অলটাৰ ইগো হ’বলৈ ধৰিলে। আজিও মই তেওঁক পাহৰিব পৰা নাই। দৰ্শকৰ অনুৰোধত তেওঁ এই ছবিখনৰ এটা সংলাপো আবৃত্তি কৰেঃ "ইজ্জাত সে জীনে কা, কিচি সে নাহি ডৰনে কা..."।