ভাৰতীয় সেনাৰ অনন্য প্ৰতিষ্ঠান; দেশক ঐক্যবদ্ধ কৰি ৰাখিবলৈ ধৰ্মক ঢাল হিচাপে ব্যৱহাৰ

Story by  atv | Posted by  Munni Begum • 14 d ago
ভাৰতৰ মূল ধৰ্মৰ প্ৰতীক থকা ৰাষ্ট্ৰীয় সংহতি প্ৰতিষ্ঠানৰ প্ৰাৰ্থনা কক্ষৰ বেদী
ভাৰতৰ মূল ধৰ্মৰ প্ৰতীক থকা ৰাষ্ট্ৰীয় সংহতি প্ৰতিষ্ঠানৰ প্ৰাৰ্থনা কক্ষৰ বেদী
 
আৱাজ দ্য ভইচ ব্যুৰ' 
 
ভাৰতীয় সেনাই কেৱল সীমান্তত ভাৰতৰ শত্ৰুসকলক বাধা দি দেশক সুৰক্ষিত কৰাই নহয়, বিশ্বৰ আটাইতকৈ বৈচিত্ৰ্যপূৰ্ণ দেশখনক ঐক্যবদ্ধ কৰি ৰাখিবলৈ ধৰ্মক ঢাল হিচাপে ব্যৱহাৰ কৰিছে। 
 
ভাৰতীয় সেনাৰ পুনেস্থিত ৰাষ্ট্ৰীয় সংহতি প্ৰতিষ্ঠান (আই এন আই)ত জুনিয়ৰ কমিছনড অফিচাৰ হিচাপে নিযুক্তিপ্ৰাপ্ত ধৰ্মীয় প্ৰশিক্ষকসকলক ধৰ্মীয়, নৈতিকতা আৰু আধ্যাত্মিকতাৰ দিশত প্ৰশিক্ষণ প্ৰদান কৰা হয়। সেনা বাহিনীৰ জোৱানসকলে যাতে সেনা শিবিৰত ইতিবাচকভাৱে থাকিব পাৰে আৰু নিজৰ কৰ্তব্য ভালদৰে পালন কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ধৰ্মীয় প্ৰশিক্ষকসকলে জোৱানসকলক প্ৰশিক্ষণ দিয়ে। 
 
প্ৰায় চাৰি দশক ধৰি সেনাই এই প্ৰতিষ্ঠানটো চলাই আহিছে। ইয়াৰ বিশাল চৌহদত সেনা প্ৰতিষ্ঠানটোৱে ধৰ্মীয় শিক্ষক যেনে, হিন্দু পুৰোহিত, মৌলবী, গ্ৰন্থী, খ্ৰীষ্টান আৰু বৌদ্ধ পুৰোহিত আদিক সকলো ধৰ্মৰ বাবে এক উমৈহতীয়া চিন্তাধাৰা সৃষ্টি কৰিবলৈ প্ৰশিক্ষণ দিয়ে আৰু ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰি সেনাসকলক পথ প্ৰদৰ্শন কৰা হয়।
 
আইএনআইৰ সৰ্ব ধৰ্ম স্থালত ধৰ্মীয় শিক্ষকসকল
 
বিভিন্ন ধৰ্মৰ এই প্ৰশিক্ষিত লোকসকলে সমগ্ৰ দেশতে সেনাবাহিনীৰ ইউনিট আৰু ফৰ্মেচনৰ সৈতে সেৱা আগবঢ়ায়। প্ৰতিজনকে এটা ৰেজিমেণ্টলৈ পঠিওৱা হয় আৰু অধিক ইউনিটত জুনিয়ৰ কমিছনড অফিচাৰ (জেচিঅ’) হিচাপে নিযুক্তি দিয়া হয়। আই এন আইৰ কমাণ্ডেণ্ট ব্ৰিগেডিয়াৰ এম এম ভিটেকাৰে কয় যে এই প্ৰতিষ্ঠানটো ভাৰতীয় সেনাই ৰাষ্ট্ৰীয় সংহতিৰ ধাৰণাটোক সুদৃঢ় কৰি তুলিবলৈ আৰম্ভ কৰিছিল।
 
"আমি ভাৰতীয় সেনাৰ ভিতৰত সকলো ধৰ্মক সন্মান জনাও। কৰ্তব্যৰ প্ৰয়োজন হ'লে সৈনিকসকলক চূড়ান্ত ত্যাগ কৰিবলৈ অনুপ্ৰাণিত কৰাত ধৰ্ম আৰু আধ্যাত্মিকতাৰ যথেষ্ট প্ৰভাৱ আছে। আমাৰ ধৰ্মীয় গুৰুসকলে কেৱল ধৰ্মীয় আচাৰ-বিধি পালন কৰাৰ প্ৰশিক্ষণ নিদিয়ে, তেওঁলোকে ভাৰতীয় সেনাক আধ্যাত্মিকতা, প্ৰেৰণা, মানসিক সুস্থিৰতা আৰু উদ্বিগ্নতা দূৰ কৰা আৰু এগৰাকী সাহসিক নেতা হোৱাৰো শিক্ষা দিয়ে।"-এম এম ভিটেকাৰে কয়। 
 
তেওঁ কয় যে যিসকল ধৰ্মীয় পণ্ডিতে (religious teachers) নিজ নিজ ধৰ্মীয় প্ৰতিষ্ঠানৰ পৰা ডিগ্ৰী সম্পূৰ্ণ কৰে, তেওঁলোকক সেনাবাহিনীৰ নিযুক্তি শাখাই নিৰ্বাচিত কৰে আৰু প্ৰথমে ছয় সপ্তাহৰ বাবে তেওঁলোকক বেলেগ স্থানত জোৱান হিচাপে প্ৰশিক্ষণ দিয়া হয়। তেওঁলোকে সৈনিকৰ প্ৰাথমিক প্ৰশিক্ষণ, যেনে শাৰীৰিক প্ৰশিক্ষণ, পিটি ড্ৰিল, সাঁতোৰ আৰু গুলী চলোৱা ইত্যাদিৰ প্ৰশিক্ষণ লাভ কৰে।
 
পুনেস্থিত ৰাষ্ট্ৰীয় সংহতি প্ৰতিষ্ঠানৰ প্ৰৱেশদ্বাৰ
 
ইয়াৰ পিছত তেওঁলোকক ১১ সপ্তাহৰ প্ৰশিক্ষণৰ বাবে আই এন আইলৈ স্থানান্তৰ কৰা হয়। ভিটেকাৰে কয় যে প্ৰতিষ্ঠানটোত তেওঁলোকক পৰামৰ্শদাতা আৰু সৈন্যৰ ধৰ্মীয় আৰু আধ্যাত্মিক পথ প্ৰদৰ্শক হোৱাৰ বাবে বিশেষজ্ঞৰ পৰা প্ৰশিক্ষণ আৰু বক্তৃতা দিয়া হয়। “এই সময়ছোৱাত তেওঁলোকে বিশেষজ্ঞ, মনোবিজ্ঞানী, প্ৰেৰণাদায়ক বক্তা আৰু অন্যান্য বিশেষজ্ঞৰ বক্তৃতা শুনে। ধৰ্মীয় গ্ৰন্থৰ অন্যতম শ্ৰেষ্ঠ পুথিভঁৰাল আৰু অত্যাধুনিক আৰু আধুনিক কম্পিউটাৰ পৰীক্ষাগাৰৰ সৈতেও তেওঁলোকক পৰিচিত কৰা হয়।
 
আই এন আইৰ মুৰব্বী ভিটেকাৰে কয়, “এই অনন্য প্ৰতিষ্ঠানটোৱে ধৰ্মীয় শিক্ষকসকলক ধৰ্মৰ আধ্যাত্মিক, দাৰ্শনিক, আৰু মানসিক দিশসমূহৰ সৈতে পৰিচিত কৰি জুনিয়ৰ নেতৃত্বৰ বিভিন্ন দিশত প্ৰশিক্ষণ দি আহিছে আৰু ভাৰতীয় সেনাৰ জোৱানসকলৰ বাবে গুৰু আৰু পৰামৰ্শদাতা হ’বলৈ প্ৰশিক্ষণ দি আহিছে।”
 
তেওঁলোকে যোগ প্ৰশিক্ষক, চাইক'লোজিকেল গেটকিপাৰ, জীৱনশৈলীজনিত ৰোগ প্ৰশমনকাৰী, সম্পদ অনুকূলন বিশেষজ্ঞ, আৰু ৰাষ্ট্ৰীয় সংহতি আৰু ধৰ্মীয় সমন্বয়ৰ প্ৰচাৰক আদিৰ বহুমাত্ৰিক ভূমিকাও পালন কৰে বুলি সেনা বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে।আই এন আই কেম্পাছত ‘সৰ্ব ধৰ্ম স্থল’ আছে, য’ত সকলো প্ৰধান ধৰ্ম যেনে হিন্দু, শিখ, খ্ৰীষ্টান, বৌদ্ধ, আৰু ইছলাম ধৰ্মৰ সকলো প্ৰতীক নিজ নিজ ধৰ্মীয় গ্ৰন্থৰ সৈতে ৰখা হয়। "সেয়া এনেকুৱা এটা ঠাই য'ত আমি সকলোৱে বিশ্বাস আৰু ধৰ্ম নিৰ্বিশেষে একত্ৰিত হওঁ, আৰু একেলগে প্ৰাৰ্থনা কৰোঁ।," কমাণ্ডেণ্টগৰাকীয়ে কয়।
 
ধৰ্মীয় শিক্ষকসকলে আইএনআইত শাৰীৰিক প্ৰশিক্ষণ কৰি থকা কিছু মূহুৰ্ত
 
"আমি একেলগে আমাৰ উৎসৱ উদযাপন কৰো, যিটো ভাৰতীয় সেনাবাহিনীত অতি প্ৰয়োজনী। কাৰণ, সতীৰ্থসকলৰ মাজত  একতা-সংহতি বৰ্তি থাকিব লাগিব। ধৰ্ম, আধ্যাত্মিকতা, আৰু অনুপ্ৰেৰণাৰ সংমিশ্ৰণ ঘটাতো এতিয়া সময়ৰ আহ্বান।"-আই এন আইৰ কমাণ্ডেণ্ট ব্ৰিগেডিয়াৰ এম এম ভিটেকাৰে কয়। 
 
ভিটেকাৰে পুনৰ কয় যে আই এন আইত নিযুক্তিপ্ৰাপ্ত ধৰ্মীয় শিক্ষকসকলক ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু ইয়াৰ সভ্যতা আৰু সকলো ধৰ্মৰ উমৈহতীয়া দিশৰ বিষয়ে শিকোৱা হয়। আমি ইয়াত জাতীয় সংহতিৰ ভেটি স্থাপন কৰোঁ।