মঙলবাৰে অসমত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ; ৮ প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ

Story by  atv | Posted by  [email protected] • 13 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
গুৱাহাটী

অসমত অহা মঙলবাৰে তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এ আই ইউ ডি এফৰ মুৰব্বী তথা বৰ্তমানৰ ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলকে ধৰি ৮ গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু হৈ আছে। মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামাত তেওঁলোকৰ বিৰুদ্ধে গোচৰ থকাৰ তথ্য পোহৰলৈ আহিছে।
 
আজমলৰ উপৰিও শাসকীয় এন ডি এৰ অংশীদাৰ অসম গণ পৰিষদৰ বিধায়ক ফণী ভূষণ চৌধুৰী আৰু ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউ পি পি এল) জয়ন্ত বসুমতাৰী, তিনিজন নিৰ্দলীয় প্ৰাৰ্থী আৰু অসম জন মৰ্চা তথা একম সনাতন ভাৰত দলৰ এজনকৈ প্ৰাৰ্থীৰ বিৰুদ্ধে গোচৰ চলি আছে।
 
ধুবুৰী সমষ্টিত চাৰিজন প্ৰাৰ্থীৰ বিৰুদ্ধে গোচৰ থকাৰ বিপৰীতে বৰপেটাত দুজন আৰু গুৱাহাটী আৰু কোকৰাঝাৰ (এছ টি)ত এজনকৈ প্ৰাৰ্থীৰ বিৰুদ্ধে গোচৰ আছে। একেৰাহে চতুৰ্থবাৰৰ বাবে ধুবুৰী লোকসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা আজমলৰ বিৰুদ্ধে ৰাজ্যত দুটা গোচৰ চলি আছে যদিও তেওঁৰ বিৰুদ্ধে এতিয়ালৈকে কোনো অভিযোগ উত্থাপন হোৱা নাই।
 
বৰপেটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা অগপৰ প্ৰাক্তন মন্ত্ৰী তথা আঠবাৰৰ বিধায়ক চৌধুৰীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ লগতে প্ৰতাৰণা আৰু অসৎভাৱে সম্পত্তি আহৰণৰ সৈতে জড়িত এটা গোচৰ বিচাৰাধীন হৈ আছে যদিও তেওঁৰ বিৰুদ্ধে এতিয়ালৈকে কোনো অভিযোগ উত্থাপন হোৱা নাই।
 
বৰপেটাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ বিৰুদ্ধে সৰ্বাধিক ১৫টা গোচৰ চলি আছে। তেওঁৰ বিৰুদ্ধে প্ৰতাৰণা, অসৎভাৱে সম্পত্তি আহৰণৰ চেষ্টা, অপৰাধমূলক গোচৰ, প্ৰতাৰণা কৰাৰ উদ্দেশ্যে জালিয়াতি, মানহানি, অশ্লীলতা, নাৰীক অপমান ইত্যাদি গোচৰ আছে।
 
উল্লেখ্য যে, অহা ৭ মে’ত অসমৰ ধুবুৰী, বৰপেটা, কোকৰাঝাৰ(এছটি) আৰু গুৱাহাটী সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।