মূল দলৰ পৰা ২০০ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত গুগলৰ

Story by  atv | Posted by  Munni Begum • 15 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
২৫ এপ্ৰিলত প্ৰথম ত্ৰৈমাসিকৰ আয়ৰ প্ৰতিবেদনৰ ঠিক পূৰ্বেই গুগলে নিজৰ মূল দলৰ পৰা কমেও ২০০ জন কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। এক প্ৰতিবেদন অনুসৰি প্ৰতিষ্ঠানটোৱে ভাৰত আৰু মেক্সিকোলৈও কিছু কৰ্মচাৰী স্থানান্তৰিত কৰিব। 
 
গুগলে বাৰ্ষিক ডেভেলপাৰ সন্মিলনৰ মাত্ৰ কেইসপ্তাহমানৰ পূৰ্বেই ইয়াৰ ফ্লাটাৰ, ডাৰ্ট আৰু পাইথন দলৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ প্ৰায় দুদিন পিছত এই কথা প্ৰকাশ কৰিছে। 
 
প্ৰতিবেদনত দাবী কৰা হৈছে যে  বৰ্খাস্ত কৰা পদসমূহৰ ভিতৰত কমেও ৫০টা পদ কেলিফৰ্ণিয়াৰ ছানিভেলত থকা কোম্পানীটোৰ কাৰ্যালয়ত অভিযান্ত্ৰিক বিভাগৰ আছিল। 
 
যোৱা সপ্তাহত নিজৰ কৰ্মচাৰীসকললৈ ই-মেইল প্ৰেৰণ কৰা গুগল ডেভেলপাৰ ইক’চিষ্টেমৰ উপ-সভাপতি অসীম হুছেইনে এই চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰিছিল। তেওঁ এটা টাউন হলতও কথা পাতি কৰ্মচাৰীসকলক কয় যে এই বছৰ তেওঁৰ দলৰ সদস্যক পৰিকল্পিত হ্ৰাস কৰাৰ এইটোৱেই আটাইতকৈ ডাঙৰ সিদ্ধন্ত আছিল।    
 
হুছেইনৰ ই-মেইলত কোৱা হৈছে যে, "আমি আমাৰ বৰ্তমানৰ বিশ্বব্যাপী স্থান ৰক্ষা কৰাৰ লগতে উচ্চ বৃদ্ধিৰ বিশ্বব্যাপী কৰ্মশক্তিৰ স্থানসমূহতো সম্প্ৰসাৰণ কৰাৰ মনস্থ কৰিছো, যাতে আমি আমাৰ অংশীদাৰ আৰু ডেভেলপাৰ গোটৰ নিচেই কাষৰ পৰা কাম কৰিব পাৰো।"
 
গুগলৰ ৱেবছাইট অনুসৰি 'মূল' দলটোৱে কোম্পানীটোৰ ফ্লেগশ্বিপ প্ৰডাক্টৰ আঁৰৰ কাৰিকৰী ভেটি গঢ়ি তোলে। দলটোৱে গুগলৰ অন্তৰ্নিহিত ডিজাইন উপাদান, ডেভেলপাৰ প্লেটফৰ্ম, প্ৰডাক্ট কম্পোনেণ্ট আৰু আন্তঃগাঁথনিৰ বাবে দায়বদ্ধ।
 
চলিত বৰ্ষৰ এপ্ৰিল মাহত এক সংবাদ সংস্থাই প্ৰকাশ কৰিছিল যে টেছলাই হ্ৰাস পোৱা চাহিদা আৰু হ্ৰাস পোৱা লাভৰ হাৰক মোকাবিলা কৰাৰ কৌশলৰ অংশ হিচাপে টেক্সাছ আৰু কেলিফৰ্ণিয়াত ৬,০২০ জন কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পৰিকল্পনা কৰিছে। 
 
বিক্ৰী হ্ৰাস পোৱা আৰু বৈদ্যুতিক বাহনৰ বজাৰত বৃদ্ধি পোৱা প্ৰতিযোগিতাৰ বাবে কোম্পানীটোৰ ওপৰত চাপ বৃদ্ধি পোৱাৰ সময়তে এই কথা প্ৰকাশ পাইছে। ২০২০ চনৰ পিছত প্ৰথমবাৰৰ বাবে  বৈদ্যুতিক বাহন নিৰ্মাতা কোম্পানীটোৰ ত্ৰিমাসিক লাভ হ্ৰাস পাইছে।