কলিমাই কিদৰে শিলচৰৰ এটা পৰিয়ালক মৃত্যুৰ পৰা ৰক্ষা কৰিলে ?

Story by  atv | Posted by  [email protected] • 16 h ago
ডঃ দেবাশীস ভট্টাচাৰ্য, পত্নী আৰু তেওঁলোকৰ পুত্ৰ
ডঃ দেবাশীস ভট্টাচাৰ্য, পত্নী আৰু তেওঁলোকৰ পুত্ৰ
 
শতানন্দ ভট্টাচাৰ্য
 
অসমীয়াত এটা প্ৰৱচন আছে "ৰাখে হৰি মাৰে কোনে" অৰ্থাৎ ভগৱানে বধ নকৰিলে কোনেও বধ কৰিব নোৱাৰে। ঠিক তেনে এটা ঘটনাৰ সাক্ষী হ'ল পেহেলগামত সন্ত্ৰসবাদীৰ আক্ৰমণৰ পৰা বাচি অহা শিলচৰৰ এটা পৰিয়াল। তেওঁলোকৰ বাবে এইটো "পুনৰজন্ম" বুলি বাৰে বাৰে দোহাৰি আছে। এতিয়াও পৰিয়ালটোৱে বিশ্বাস কৰিব পৰা নাই যে তেওঁলোক এতিয়াও জীয়াই আছে।
 
শিলচৰৰ অসম বিশ্ববিদ্যালৰ বঙালী বিভাগৰ অধ্যাপক ডঃ দেবাশীস ভট্টাচাৰ্য, তেওঁৰ পত্নী আৰু লৰাই কাশ্মীৰ ফুৰিবলৈ গৈছিল। তেঁওলোকে সপোনতো ভৱা নাছিল যে কাশ্মীৰৰ সংঘটিত সন্ত্ৰসবাদী আক্ৰমণস্থলীৰ পৰা তেওঁলোকে সুকলমে ঘূৰি আহিব পাৰিব।
 
তেওঁলোকে কলিমা পঢ়ি নিজৰ জীৱন ৰক্ষা কৰাৰ বাবে সামাজিক মাধ্যমত তেওঁলোকক বহুতে সমালোচনাও কৰিছে। সেই বিষয়টোৰ বাবে তেওঁলোকলৈ বহুতে অসন্তুষ্টি প্ৰকাশ কৰিছে। কিছু সংখ্যকে কৈছে যে, মানুহজন 'কমিউনিষ্ট' হোৱা বাবে কলিমা জানিছিল আৰু শুদ্ধকৈ পাঠ কৰিছিল। বহুতে কৈছে উপস্থিত বুদ্ধিৰ বাবে পৰিয়ালটো কথমপী ৰক্ষা পৰিছে আৰু এইটো ৰাজনীতি কৰাৰ সময় নহয়। বৰ্তমান সকলোৱে একত্ৰিত হৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মতাৰ সময়।
 
পত্নীৰ সৈতে ডঃ দেবাশীস ভট্টাচাৰ্য
 
ভগৱান ৰামৰ নাম জপ কৰিছে নেকি? জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদীয়ে এই প্রশ্ন কৰিছিল শিলচৰৰ দেৱাশিস ভট্টাচাৰ্যক।
 
উল্লেখযোগ্য যে, শিলচৰৰ শিৱালিক পাৰ্কৰ বাসিন্দা  অধ্যাপক দেৱাশিস ভট্টাচার্যই পত্নী আৰু পুত্ৰৰ সৈতে নিজৰ ছুটি কটাবলৈ পহলগামলৈ গৈছিল। পিছে সৌভাগ্যবশত তেওঁ কলিমা জানে বাবেই সন্ত্রাসবাদীৰ আক্ৰমণৰপৰা ৰক্ষা পৰে তেওঁৰ পৰিয়ালটো। ঘটনাস্থলীত তেওঁলোক উপস্থিত হোৱাৰ পাঁচ মিনিটমান পাছতে সন্ত্রাসবাদী দলৰ কেইজনমানে ভট্টাচাৰ্যক বন্দুক দেখুৱাই ধমক দিয়ে আৰু কলিমা পঢ়িবলৈ কয়। তেওঁ কলিমা জানিছিল আৰু দুইশাৰী গাই দিয়াৰ পাছত সন্ত্ৰাসবাদী দলটোৱে তেওঁলোকক এৰি অন্য পৰ্যটকৰ ওচৰলৈ গৈছিল।
 
বৰ্তমান ভট্টাচার্যৰ পৰিয়ালটো শ্রীনগৰৰ এখন হোটেলত আশ্রয় লৈ আছে। ভট্টাচাৰ্যই জনোৱা মতে, সন্ত্রাসবাদীয়ে দ্বিধাহীনভাৱে গুলীচালনা কৰাৰ লগতে ওচৰৰ পৰা গুলী চলোৱাৰ পূৰ্বে কেইবাজনো পৰ্যটকৰ ধৰ্মৰ বিষয়ে জানিব বিচাৰিছিল। পৰিয়ালৰ এজন সদস্যই কয় যে তেওঁলোকে দূৰত বন্দুকৰ গুলীৰ শব্দ শুনিছিল। এই বিষয়ে প্রশ্ন কৰাত গাইডে পেলেট বন্দুক ব্যৱহাৰ কৰি জীৱ-জন্তুক ভয় খুৱাইছে বুলি কৈছিল।
 
পৰিয়ালটোৱে গছৰ আঁৰত আত্মগোপন কৰে যদিও সন্ত্রাসবাদী সেই ঠাইতো উপস্থিত হয়। তেওঁলোক সশস্ত্র সন্ত্রাসবাদীৰ সৈতে মুখামুখি হৈছিল আৰু বন্দুক ধৰি কলিমা আবৃত্তি কৰিবলৈ কোৱা হৈছিল। সন্ত্ৰাসবাদীৰ দলটোৱে তেওঁলোকক ভগৱান ৰামৰ নাম জপ কৰিছে নেকি বুলিও প্রশ্ন কৰিছিল।
 
ভট্টাচার্যই কয়, 'মুছলমান চুবুৰিত ডাঙৰ-দীঘল হোৱাৰ বাবে আমি কলিমাৰ সৈতে পৰিচিত আছিলো। আমি আবৃত্তি কৰিছিলো আৰু সেইটোৱে হয়তো আমাৰ জীৱন ৰক্ষা কৰিছিল।'
 
আন এক চাঞ্চল্যকৰ বিৱৰণিত তেওঁলোকে কয় যে কলিমা আবৃত্তি কৰিব নোৱৰা আন এজন পর্যটকক থিতাতে গুলীয়াই হত্যা কৰা হয়। 'আমি জীৱনত এনেকুৱা একো দেখা নাই আৰু কেতিয়াও ভবা নাছিলো। ঘটনাৰ পাছত বন্দুকৰ গুলীত হুৱাদুৱা পৰিস্থিতি সৃষ্টি হয়। ওচৰৰ এখন দেৱালৰ আঁৰে আঁৰে পৰিয়ালটো কোনোমতে উপত্যকাৰটোৰ পৰা খোজ কাঢ়ি গৈ মূল পথত উপস্থিত হয়।
 
তেওঁলোকে কয়, 'আমি কোনো ধৰণৰ আঘাত পোৱা নাই। কিন্তু আমি এতিয়াও সহজ হ'ব পৰা নাই। জীৱনত কেতিয়াবা এনেকুৱা কিবা ঘটনা সংঘটিত হ'ব বুলি কল্পনা কৰা নাছিলো।' বর্তমানেও তেওঁলোক আতংকত ভুগি আছে বুলি জানিবলৈ দিয়ে।


শেহতীয়া খবৰ