প্ৰতিজন সন্ত্ৰাসবাদীক চিনাক্ত কৰি শাস্তি দিব ভাৰতেঃ পহলগাম আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী মোদী

Story by  atv | Posted by  [email protected] • 20 h ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
নতুন দিল্লী
 
জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম আৰু তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে এই আক্ৰমণৰ আঁৰৰ সন্ত্ৰাসবাদী আৰু ষড়যন্ত্ৰকাৰীসকলে তেওঁলোকৰ কল্পনাৰ নকৰা ধৰণে শাস্তি পাব বুলি প্ৰতিশ্ৰুতি দিয়ে।
 
প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ মধুবনীত অনুষ্ঠিত এক সমাৱেশৰ সময়ত নিজৰ বাৰ্তা পুনৰাবৃত্তি কৰে আৰু বিশ্ববাসীক এই বাৰ্তা প্ৰেৰণ কৰে যে ভাৰতৰ শান্ত পৰিবেশক অশান্ত কৰিবলৈ চেষ্টা কৰাসকলক ভাৰতে ৰেহাই নিদিয়ে।
 
তেওঁ কয় যে ভাৰতে প্ৰতিজন সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকক চিনাক্ত কৰি উচিত আৰু কঠোৰ শাস্তি প্ৰদান কৰিব।
যোৱা ২২ এপ্ৰিলৰ বিয়লি শান্ত পৰিবেশে বিৰাজ কৰি থকা বৈছাৰণৰ ঘাঁহনিত ২৬ জন লোকৰ প্ৰাণ কাঢ়ি নিয়াটো  ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা বুলি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে।
 
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "আজি বিহাৰৰ মাটিত মই সমগ্ৰ বিশ্বক কওঁ, ভাৰতে প্ৰতিজন সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকক চিনাক্ত আৰু অনুসন্ধান কৰি কঠোৰ শাস্তি প্ৰদান কৰিব। আমি তেওঁলোকক পৃথিৱীৰ যিকোনো কোণৰ পৰা বিচাৰি উলিয়াম। ভাৰতৰ আত্মাক  কেতিয়াও সন্ত্ৰাসবাদে ভাঙিব নোৱাৰে।"
 
প্ৰধানমন্ত্ৰী মোদীয়ে আশ্বাস দিয়ে যে সন্ত্ৰাসবাদক কোনো কাৰণতে ৰেহাই দিয়া নহয় আৰু ভাৰতে এই হত্যাকাণ্ডত প্ৰাণ হেৰুওৱা নিৰীহ লোকসকলক ন্যায় সুনিশ্চিত কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব। তেওঁ লগতে কয় যে শাস্তি ইমানেই কঠোৰ হ’ব যে সন্ত্ৰাসবাদীয়ে এই কথা কল্পনাও কৰা নাই।
 
"সন্ত্ৰাসবাদ শাস্তি নোপোৱাকৈ নাথাকিব। ন্যায় নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হ'ব। এই সংকল্প সমগ্ৰ ভাৰতবৰ্ষক এক কৰাৰ বাবে। মানৱতাক বিশ্বাস কৰা প্ৰতিজন ব্যক্তি আমাৰ লগত আছে। শাস্তি তাৎপৰ্যপূৰ্ণ আৰু কঠোৰ হ'ব, যিটোৰ বিষয়ে এই সন্ত্ৰাসবাদীসকলে কেতিয়াও কল্পনাও কৰা নাই," পহলগামক ৰক্তক্ষৰণ কৰা সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকসকলক কঠোৰ ভাবে সকীয়াই দি তেওঁ কয়।
 
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়েও "বিহাৰৰ মাটি"ৰ পৰা বিশ্ববাসীলৈ প্ৰধানমন্ত্ৰীৰ এই বাৰ্তা বিয়পাই দিয়ে।
 

পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম ডিজিটেল ষ্ট্ৰাইক

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত চৰকাৰৰ তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এক্স প্লেটফৰ্মক ভাৰতত পাকিস্তান চৰকাৰৰ এক্স একাউণ্ট ব্লক কৰিবলৈ কয়। ভাৰত চৰকাৰৰ এই অনুৰোধৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি এক্সে ভাৰতত সেই একাউণ্টটো বন্ধ কৰি দিছে। ইয়াৰ অৰ্থ এইটোৱেই যে পাকিস্তান চৰকাৰৰ এক্স একাউণ্ট আৰু ভাৰতত দেখা নাযাব।
 
এক্স প্লেটফৰ্ম হৈছে এক জনপ্ৰিয় প্লেটফৰ্ম য’ত সমগ্ৰ বিশ্বৰ নেতা আৰু চৰকাৰে একাউণ্ট ভেৰিফাই কৰিছে। এই একাউণ্টবোৰৰ জৰিয়তে তেওঁলোকে নিজৰ দেশৰ বিষয়ে সিদ্ধান্ত আৰু অন্যান্য তথ্য দিয়ে। ভাৰতত পাকিস্তানৰ এই একাউণ্টটো ব্লক কৰা হৈছে।
 
ব্লক কৰা হৈছে X একাউণ্ট
 
উল্লেখযোগ্য যে মঙলবাৰে ভাৰতৰ জম্মু-কাশ্মীৰৰ পহলগামৰ বৈছাৰন উপত্যকাত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। এই আক্ৰমণত বহু পৰ্যটকে প্ৰাণ হেৰুৱাই। এই আক্ৰমণৰ পিছত ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে বহু ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
 
পহলগামত সংঘটিত আক্ৰমণৰ পিছতে বুধবাৰে সন্ধিয়া ভাৰতত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ইয়াত পাকিস্তানৰ বিৰুদ্ধে পাঁচটা কঠোৰ সিদ্ধান্ত লোৱা হয়।