নতুন দিল্লী
জম্মু-কাশ্মীৰৰ পেহেলগামত পাকিস্তানৰ সমর্থনপুষ্ট সন্ত্রাসবাদীয়ে নিৰীহ ভাৰতীয় পৰ্যটকক নির্মমভাবে হত্যা কৰা ঘটনাৰ পিচতে যুযুধান ৰূপত থিয় দিছে ভাৰত আৰু পাকিস্তান। উক্ত ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি ইমানেই উত্তেজনাপূর্ণ হৈ পৰিছে যে দুয়োখন প্রতিবেশী দেশেই যেন যুদ্ধৰ দিশেহে আগবাঢ়িছে।
উভয় ৰাষ্ট্ৰই পৰস্পৰৰ বিৰুদ্ধে আগ্রাসী মনোভাব গ্রহণ কৰাৰ লগতে আক্রমণাত্মক বক্তব্য আগবঢ়োৱাতে ক্ষান্ত থকা নাই। লগতে যুদ্ধৰ বাবে প্রয়োজনীয় প্রাথমিক কুচকাৱাজসমূহো কৰিবলৈ আৰম্ভ কৰিছে। যি সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ বৈঠক অনুষ্ঠিত কৰি দেশৰ নিৰাপত্তা পৰিস্থিতি পর্যালোচনা কৰাৰ লগতে সামৰিক বাহিনীক সষ্টম হৈ থাকিবলৈ নির্দেশ দিছে, সেই সময়ত ভাৰতে এখোপ আগবাঢ়ি গৈ যুদ্ধৰ বাবে প্রয়োজনীয় ৰণচালি আৰম্ভ কৰিছে।
যুদ্ধৰ প্ৰাথমিক আখৰা হিচাপে ভাৰতীয় বায়ুসেনাই আজি 'আক্রমণ' শীর্ষক এক কুচকাৱাজ চলায়। ভাৰতৰ অত্যাধুনিক যুদ্ধ বিমান ৰাফেলৰ জৰিয়তে বায়ুসেনা বাহিনীয়ে কেরল পাকিস্তান সীমান্ততে ৰণচালি সীমাবদ্ধ ৰখা নাই। দেশৰ পূব প্রান্ততো বায়ুসেনাই আজি যুদ্ধৰ আখৰা চলায়। বায়ুসেনা বাহিনীয়ে প্ৰকাশ কৰামতে দেশৰ পশ্চিম প্রান্তত অনুষ্ঠিত হাৰিয়ানাৰ আম্বালাত থকা বায়ুসেনাৰ ঘাটিৰ লগতে ভুটান তথা অসমৰ সৈতে সংলগ্ন সীমান্তত অৱস্থিত পশ্চিমবংগৰ হাছিমাৰাত থকা বায়ুসেনা বাহিনীৰ ঘাটিৰ পৰা দুখনকৈ ৰাফেল যুদ্ধ বিমান প্রায় একে সময়তে আকাশলৈ উৰা মাৰে। এই যুদ্ধ বিমান দুখনে আকাশমার্গত যথেষ্ট সময় ধৰি যুদ্ধৰ কুচকাৱাজ চলায়।
বায়ুসেনা বাহিনীৰ মতে এয়া আছিল 'আক্রমণ' শীৰ্ষক যুদ্ধৰ আখৰা। বায়ুসেনাই লগতে এই কথাও কয় যে তেওঁলোকৰ লগত থকা যুদ্ধৰ আহিলাসমূহ ইতিমধ্যে দেশৰ বিভিন্ন প্রান্তত থকা বায়ুসেনাৰ ঘাটিসমূহলৈ প্ৰেৰণ কৰা হৈছে। অর্থাৎ দেশৰ প্ৰতিটো বায়ুসেনাৰ ঘাটিকে যুদ্ধৰ বাবে সাজু কৰি তোলা হৈছে। মন কৰিবলগীয়া যে পাকিস্তানৰ সৈতে সংলগ্ন দেশৰ পশ্চিম সীমান্তৰ লগতে পূব প্রান্ততো চলোৱা এই যুদ্ধৰ আখৰাই বিশেষ তাৎপর্য বহন কৰিছে। কাৰণ শেহতীয়াকৈ দেশৰ পূব প্রান্তত অৱস্থিত বাংলাদেশে ভাৰতৰ সৈতে থকা পূৰ্বৰ সুসম্পর্ক ছেদ কৰি পাকিস্তানৰ প্ৰতি তেওঁলোকৰ সম্ভাৱ প্ৰকাশ কৰিছে। ৰাষ্ট্ৰখনত থকা মহম্মদ ইউনুছ নেতৃত্বাধীন ভাৰপ্ৰাপ্ত চৰকাৰখনে ভাৰতৰ সলনি পাকিস্তানৰ লগতহে বন্ধুত্ব কৰাত অধিক আগ্রহী। এনে এক সময়ত ভাৰতে পূব প্ৰান্তত চলোৱা যুদ্ধৰ আখৰাৰ জৰিয়তে বাংলাদেশলৈকো কঠোৰ বাৰ্তা প্ৰেৰণ কৰা বুলি ধাৰণা কৰিব পাৰি।
ইফালে বায়ুসেনা বাহিনীৰ যুদ্ধৰ আখৰাৰ উপৰি স্থলসেনা আৰু নৌসেনা বাহিনীক সতর্ক হৈ থাকিবলৈ কেন্দ্রই নির্দেশ দিছে। বিশেষকৈ মুম্বাইত হোৱা সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাৰ পিচত বৰ্তমান পৰিস্থিতিত পুনৰ এনেধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে বুলি আশংকা কৰিয়েই নৌসেনাক আগতীয়াকৈ সতৰ্ক কৰি দিয়া হৈছে। ইয়াৰ বাহিৰেও সেনাবাহিনীৰ সীমান্ত এলেকাত থকা প্ৰতিটো শিবিৰক যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ থাকিবলৈ কোৱা হৈছে। অর্থাৎ পৰিস্থিতি এনে পর্যায় পাইছেগৈ যে যিকোনো সময়ত হ'ব পৰা যুদ্ধৰ বাবে ভাৰতীয় প্ৰতিৰক্ষা বাহিনী সম্পূর্ণ সাজু। মন কৰিবলগীয়া যে ২০১৯ চনত জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্রাসবাদীয়ে চি আৰ পি এফৰ কনভয়ৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাৰ পিচতো মিৰাজ যুদ্ধ বিমানে এনেদৰে যুদ্ধৰ আখৰা চলাইছিল।
উল্লেখযোগ্য যে পাকিস্তানেও পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সতর্কতা বৃদ্ধি কৰিছে। দেশখনে সীমান্ত এলেকাসমূহলৈ সেনাৰ অধিক জোৱান প্ৰেৰণ কৰা বুলিও জানিব পৰা গৈছে।
আনহাতে ভাৰতীয় সেনাবাহিনীৰ মুৰব্বী উপেন্দ্র দ্বিবেদীয়ে কাইলৈ শ্রীনগৰ ভ্ৰমণ কৰিব। এই ভ্রমণকালত জম্মু-কাশ্মীৰৰ পেহেলগামত তেওঁ ২২ এপ্রিলত সন্ত্রাসবাদীয়ে সংঘটিত কৰা ভয়ংকৰ ঘটনাৰ শেহতীয়া পৰিস্থিতি পর্যালোচনা কৰিব। এই ভ্রমণকালতে সেনাবাহিনীৰ মুৰব্বীগৰাকীয়ে সুৰক্ষা বাহিনীৰ বৰমূৰীয়া বিষয়াবৰ্গৰ সৈতে পৰিস্থিতি পর্যালোচনা কৰাৰ লগতে সন্ত্রাস ৰুধিবলৈ গ্রহণ কৰিবলগা কঠোৰ ব্যৱস্থাৱলী সন্দর্ভতো পৰ্যালোচনা কৰাৰ কথা। সেনাপ্রধানগৰাকীৰ পেহেলগাম ভ্ৰমণৰ সময়তে সীমান্তৰ পৰিস্থিতিক লৈও বিশেষভাবে আলোচনা কৰা হ'ব বুলি চর্চা হৈছে। ইতিমধ্যে সীমান্তত যথেষ্ট উত্তেজনাপূর্ণ পৰিস্থিতি উদ্ভৱ হৈ থকাৰ সময়তে সেনাপ্রধানগৰাকীৰ এই ভ্রমণ যথেষ্ট তাৎপর্যপূর্ণরূপে চিহ্নিত হৈছে।