ডিচেম্বৰৰ ভিতৰত ৰাজ্যত বিনিয়োগ হ'ব ১ লাখ কোটি টকা

Story by  atv | Posted by  [email protected] • 7 h ago
ডিচেম্বৰৰ ভিতৰত ৰাজ্যত বিনিয়োগ হ'ব ১ লাখ কোটি টকা
ডিচেম্বৰৰ ভিতৰত ৰাজ্যত বিনিয়োগ হ'ব ১ লাখ কোটি টকা
 
গুৱাহাটী
 
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ৮ ছেপ্টেম্বৰত হ'বলগা ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ আৰম্ভণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এখন সংবাদমেলত এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই।
 
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয়- 'মই প্রধানমন্ত্রী মোদীক নতুন দিল্লীত সাক্ষাৎ কৰিছিলো যাতে ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী বছৰজোৰা কাৰ্যসূচীৰে পালন কৰিব পাৰো। প্রধানমন্ত্রীয়ে নিজে ৮ ছেপ্টেম্বৰত হ'বলগা আৰম্ভণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ বাবে সন্মতি প্রকাশ কৰিছে। ড° ভূপেন হাজৰিকাৰ নামত ভাৰতীয় ৰিজার্ভ বেংক আৰু বিত্ত মন্ত্ৰ্যালয়ক এটা মুদ্রা মুকলি কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
 
তদুপৰি ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী পালন কৰিবলৈ অচিৰেই উদ্যাপন সমিতি ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে এই উদ্যাপন সমিতিত যোগদান কৰিবলৈ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্রীসকলক আহ্বান জনোৱা হৈছে। ডিচেম্বৰৰ ভিতৰত অসমত এক লাখ কোটি টকা বিনিয়োগ হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ ভিতৰত আদানি গ্রুপে পঞ্চাশ হেজাৰ কোটি টকা বিনিয়োগ কৰিব।
 
অহা ৮ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে ৭,৫০০ কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া গুৱাহাটী ৰিং ৰোডৰ লগতে থকা কুৰুৱা-নাৰেংগী দলঙৰো আধাৰশিলা স্থাপন কৰিব। তদুপৰি সেইদিনাই প্রধানমন্ত্রীয়ে নুমলীগড় বায়' ৰিফাইনেৰীৰ শুভ উদ্বোধন কৰিব। বিং ৰোডৰ মাটি অধিগ্রহণৰ বাবে পঞ্চাশ শতাংশ ধন অসম চৰকাৰে দিব। নুমলীগড়ত ৪,২০০ কোটি টকাৰে নিৰ্মাণ হৈ থকা বায়' ৰিফাইনেৰীটো দেশৰ ভিতৰতে প্রথমটো বায়' ৰিফাইনেৰী হ'ব। বাঁহৰ ব্যৱহাৰেৰে ইয়াত ইথানল প্ৰস্তুত কৰা হ'ব। নামৰূপ সাৰ কাৰখানাৰ নতুন প্রকল্পটোত ১০,৬০০ কোটি টকা ব্যয় কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে এই প্রকল্পত চল্লিশ শতাংশ অংশীদাৰিত্ব থাকিব অসম চৰকাৰৰ।
 
আছাম ফার্টিলাইজাৰ কেমিকেল কোম্পানী লিমিটেড হ'ব এই নতুন প্রকল্পটোৰ নাম। পূৰ্বৰ বি ভি এফ চি এল প্রকল্পটো চলি থাকিব। ১২.৬ লাখ টন সাৰ উৎপাদন কৰিব নতুন প্রকল্পটোৱে। এডভান্টেজ আছামৰ সময়ত আদানি গ্ৰুপৰ সৈতে পঞ্চাশ হেজাৰ কোটি টকাৰ চুক্তি হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে অক্টোবৰত আদানি গ্রুপে নতুন বিমান বন্দৰৰ শুভাৰম্ভ কৰিব। সেইদিনাই তেওঁলোকে গুৱাহাটীৰ এৰ'চিটিৰ কাম আৰম্ভ কৰিব। যদি চৰকাৰে তেওঁলোকক প্ৰকল্পৰ বাবে মাটি দিব পাৰে, বাকী চল্লিশ হেজাৰ কোটি টকাও শীঘ্ৰে অসমত ব্যয় কৰিব। কাৰণ দহ হেজাৰ কোটি টকা তেওঁলোকে বিমান বন্দৰ আৰু এৰ'চিটিৰ বাবে ধাৰ্য কৰিছে। শীঘ্ৰে গুৱাহাটী-শিলচৰৰ মাজত ২৫ হেজাৰ কোটি টকাৰে নির্মাণ হ'বলগা গ্রীনফিল্ড হাইবে' আৰু গহপুৰ-নুমলীগড়ৰ মাজত হ'বলগা টানেলৰ কামত কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিব। অর্থাৎ ডিচেম্বৰৰ ভিতৰত অসমত এক লাখ কোটি টকা বিনিয়োগ হ'ব।