ডাল হ্ৰদত নাও চালকৰ আৱেগিক প্ৰতিবাদ; পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহত পৰ্যটকক গভীৰ শ্ৰদ্ধাঞ্জলি

Story by  atv | Posted by  [email protected] • 6 h ago
ডাল হ্ৰদত নাও চালকৰ আৱেগিক প্ৰতিবাদ
ডাল হ্ৰদত নাও চালকৰ আৱেগিক প্ৰতিবাদ
 
বসিত জাৰগাৰ / শ্ৰীনগৰ

কাশ্মীৰৰ শান্তি আৰু সৌন্দৰ্য্যৰ সমাহাৰ ঘটা ডাল হ্ৰদত নাও চালকসকলে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহত ২৬ জন পৰ্যটকক শ্ৰদ্ধাঞ্জলি জনায় আৰু অভিনৱ ধৰণে প্ৰতিবাদ সাব্যস্ত কৰে।
 
ডাল হ্ৰদত নাও চলাই জীৱিকা নিৰ্বাহ কৰা নাও চালকসকলে সন্ত্ৰাসবাদীৰ বৰ্বৰ কাণ্ডক ধিক্কাৰ দি শান্তিপূৰ্ণ আৰু আৱেগিকভাৱে প্ৰতিবাদ প্ৰদৰ্শন কৰে। প্লেকাৰ্ড প্ৰদৰ্শন কৰি কৰি এই নাৱিকসকলে কাশ্মীৰ উপত্যকাত পৰ্যটকৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আৰু শোক প্ৰকাশ কৰে। 
 
সন্ত্ৰাসৰ বিৰুদ্ধে আমি ঐক্যবদ্ধ; ডাল হ্ৰদত নাবিকৰ প্ৰতিবাদ
 
ডাল হ্ৰদত নাবিকসকলে শাৰী পাতি প্লেকাৰ্ড প্ৰদৰ্শন কৰে, য'ত লিখা আছিল—“পৰ্যটক আমাৰ অতিথি”, “নিৰীহক হত্যা কৰা বন্ধ কৰক।” এই প্ৰতিবাদে প্ৰমাণ কৰে যে উপত্যকাটোৰ জনসাধাৰণে নিৰীহ জনসাধাৰণৰ ওপপৰত হোৱা আক্ৰমণত যন্ত্ৰণা অনুভৱ কৰে আৰু তেওঁলোক অঞ্চলটোত শান্তি বিচাৰে।
 
আলতাফ হুছেইন নামৰ এগৰাকী নাবিকে কয়, "এই পৰ্যটকসকলে আমাৰ ভূমি আৰু আমাৰ সংস্কৃতি বুজিবলৈ আহিছিল। তেওঁলোকক আদৰি লোৱাটো আমাৰ দায়িত্ব আছিল, তেওঁলোকৰ হত্যা আমাৰ সকলোৰে হৃদয়ত এক শক্তিশালী আক্ৰমণ।"
 
সন্ত্ৰাসবাদৰ বিৰুদ্ধে খাতি খোৱা লোকৰ প্ৰতিবাদ, কাশ্মীৰত
 
পৰ্যটন সমাজৰ সদস্যসকলে কয় যে এনে হিংসাত্মক ঘটনাই উপত্যকাটোৰ ভাৱমূৰ্তি কলংকিত কৰাৰ লগতে হাজাৰ হাজাৰ পৰিয়ালৰ জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। এজন নাৱিকে কয়, আমাৰ জীৱিকা শান্তিৰ ওপৰত নিৰ্ভৰশীল, আমিয়েই কাশ্মীৰক বহিঃজগতৰ আগত উপস্থাপন কৰো। যেতিয়া এনেকুৱা কিবা এটা ঘটনা সংঘটিত হয়, তেতিয়া কেৱল পৰ্যটকসকলেই নহয়, আমাৰ ঘৰ আৰু ল’ৰা-ছোৱালীকো ক্ষতিগ্ৰস্ত হয়।”
 
উল্লেখ্য যে, নাৱিকসকলৰ প্ৰতিবাদটো সম্পূৰ্ণ শান্তিপূৰ্ণ আছিল যদিও ডাল হ্ৰদৰ পানীত ওপঙি থকা এই প্ৰতিবাদৰ বাৰ্তাই পৰ্যটক আৰু স্থানীয় লোক উভয়ৰে মনত গভীৰ প্ৰভাৱ পেলাইছে। তেওঁলোকৰ প্ৰতিবাদ কেৱল শ্ৰদ্ধাঞ্জলি নহয়, ইয়াত এই বাৰ্তাও আছিল যে কাশ্মীৰৰ জনসাধাৰণে শান্তি বিচাৰে, আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈ পৰ্যটন আৰু মানৱতাক ৰক্ষা কৰিব বিচাৰে।