তিনি বছৰত ভাৰতে উৰুৱাব ১৫০ টা উপগ্ৰহ

Story by  atv | Posted by  [email protected] • 6 h ago
তিনি বছৰত ভাৰতে উৰুৱাব ১৫০ টা উপগ্ৰহ
তিনি বছৰত ভাৰতে উৰুৱাব ১৫০ টা উপগ্ৰহ
 
নতুন দিল্লী
 
পেহেলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ পিচত দেশৰ সুৰক্ষাৰ ক্ষেত্রত উপগ্রহসমূহে কেনেধৰণৰ প্ৰভাৱ পেলায় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ভাৰতীয় মহাকাশ গবেষণা সংস্থা চমুকৈ ইছৰোৱে। সংস্থাটোৰ অধ্যক্ষ ভি নাৰায়ণনে আজি সদৰী কৰে যে দেশৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব দি অহা তিনি বছৰত ভাৰতে কমেও ১৫০টা নতুন উপগ্রহ উৎক্ষেপণ কৰিব।
 
এই উপগ্রহসমূহৰ কাম হ'ব সীমান্ত সুৰক্ষা আৰু উপকূলবর্তী অঞ্চলসমূহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা। পেহেলগামৰ সীমান্তবর্তী স্থানত পাকিস্তানী সন্ত্রাসবাদীয়ে বৰ্বৰ আক্ৰমণ চলোৱাৰ পিচত আজি ইছবোৰ অধ্যক্ষ নাৰায়ণনে এই কথা জানিবলৈ দিয়ে। উপগ্ৰহৰ জৰিয়তে লাভ কৰা তথ্য কেন্দ্রীয় চোৰাংচোৱাসমূহৰ বাবেও নিৰ্ভৰযোগ্য সমল হ'ব বুলি সদৰী কৰে ইছৰোৰ অধ্যক্ষজনে।
 
তেওঁ কয় যে সদ্যহতে ভাৰতৰ হাতত কমেও ৫৫টা উপগ্রহ আছে। কিন্তু ৭,৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিশাল উপকূল থকা আৰু দীঘলীয়া সীমান্ত থকা এখন দেশ হিচাপে ভাৰতৰ বাবে এইখিনি উপগ্রহ যথেষ্ট নহয়। সেয়েহে ভাৰতক আৰু অধিক উপগ্ৰহৰ প্রয়োজন আছে। এইবোৰ উপগ্ৰহৰ জৰিয়তে ভাৰতক শক্তিশালী কৰিব পৰা যাব বুলি আশা প্রকাশ কৰে ইছৰোৰ মুৰব্বীজনে। লক্ষণীয়ভাবে এই উপগ্রহ উৎক্ষেপণ কার্যসূচীত এইবাৰ ব্যক্তিগত খণ্ডৰ কোম্পানীকো চামিল কৰা হ'ব। ব্যক্তিগত খণ্ডৰ সহায়ত ভাৰতৰ সীমাসমূহ সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিব পৰা যাব বুলিও দাবী কৰে ইছৰোৰ মুৰব্বীজনে।