নতুন দিল্লী
পেহেলগামৰ নৰসংহাৰৰ হৃদয়বিদাৰক ঘটনাৰ পিছত বৃহস্পতিবাৰে নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰে আহ্বান কৰা সৰ্বদলীয় বৈঠকত কংগ্রেছসহ ১২ দলৰ নেতৃবর্গই যোগদান কৰি উক্ত ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে সন্ত্রাসবাদীৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰিব খোজা যিকোনো পদক্ষেপৰ প্ৰতি পূর্ণ সমর্থন জনায়।
প্রতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সন্ত্রাসবাদক নিঃশেষ কৰাৰ ক্ষেত্রত চৰকাৰক পূৰ্ণ সমর্থন জনোৱাৰ সিদ্ধান্ত লয় বিৰোধী দলৰ নেতৃবর্গই। নতুন দিল্লীৰ সংসদ ভবন চৌহদত বৃহস্পতিবাৰে বিয়লি ৬ বজাৰ পৰা অনুষ্ঠিত সভাৰ পূৰ্বে ২২ এপ্রিলত পেহেলগামত প্রাণ হেৰুওৱা নিৰীহ লোকসকলৰ হৈ দুই মিনিট মৌন প্রার্থনা কৰা হয়।
সৰ্বদলীয় এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ২২ এপ্ৰিলৰ বিয়লিৰ ঘটনাৰ বিৱৰণ দাঙি ধৰি পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰে নিৰাপত্তা সম্পৰ্কীয় কেন্দ্রীয় কেবিনেটৰ জৰুৰী বৈঠক অনুষ্ঠিত কৰি ইতিমধ্যে গ্রহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে। উক্ত ঘটনাত গভীৰ দুখ প্ৰকাশ কৰি উগ্রপন্থীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্তৰ কথা সদৰী কৰাত বিৰোধী দলৰ নেতৃবৰ্গয়ো ইয়াৰ প্ৰতি পূর্ণ সমর্থন ব্যক্ত কৰে। সভাৰ অন্তত কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে পেহেলগামৰ ঘটনাক কটু ভাষাৰে নিন্দা কৰিছে আৰু বিৰোধীয়ে চৰকাৰে ল'বলগা এই সম্পর্কীয় যিকোনো পদক্ষেপৰ প্ৰতি সমর্থন ব্যক্ত কৰিছে।
বৈঠকৰ পিচত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গেয়ো সংবাদ মাধ্যমৰ আগত উক্ত ঘটনাক সভাই গৰিহণা দিয়াৰ কথা ব্যক্ত কৰাৰ লগতে জম্মু-কাশ্মীৰত শান্তি স্থাপনৰ উদ্যোগ ল'বলৈ বিশেষভাৱে আহ্বান জনায়। এই বৈঠকত আম আদমি পার্টিৰ নেতা সঞ্জয় সিঙে নিৰাপত্তাজনিত আসোঁৱাহৰ বাবে ২২ এপ্রিলৰ ঘটনা ঘটিবলৈ পালে বুলি মন্তব্য কৰে। এই সভাত কংগ্ৰেছৰ উপৰি শাসক দল ভাৰতীয় জনতা পার্টি, সমাজবাদী পার্টি, তৃণমূল কংগ্ৰেছ, ৰাষ্ট্ৰীয় জনতা দল, আম আদমি পার্টি, তেলুগু দেশম পার্টি, ডি এম কে, এন চি পি (এছ পি), বিজু জনতা দল, বাই এছ আৰ চি পি, শিৱসেনা আদিৰ নেতৃবর্গই যোগদান কৰে।
শাসক দলৰ হৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ উপৰি গৃহ মন্ত্রী অমিত শ্বাহ, বহিঃ পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰ, দলৰ সভাপতি তথা মন্ত্রী জে পি নাড্ডা, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আদিয়ে বৈঠকত অংশগ্ৰহণ কৰে। কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেৰ উপৰি ৰাহুল গান্ধীয়ে যোগদান কৰে। সেইদৰে সমাজবাদী পাৰ্টিৰ ৰামগোপাল যাদব, আম আদমি পার্টিৰ সঞ্জয় সিং, টি ডি পিৰ কৃষ্ণ দেৱৰাওলু, ডি এম কেৰ ট্রিচি শিৱা, এন চি পি (এছ পি)ৰ সুপ্রিয়া সূলে, বি জে ডিৰ সস্মিত পাত্ৰ, ৱাই এছ আৰ চি পিৰ মিথুন ৰেড্ডি, এন চি পিৰ প্ৰফুল পেটেল, শিৱসেনাৰ শ্রীকান্ত সিন্ধে আৰু তৃণমূল কংগ্ৰেছৰ সুদীপ বন্দোপাধ্যায় সভাত উপস্থিত আছিল।
তৃণমূলৰ নেতাগৰাকীয়েও বৈঠকত সুৰক্ষা সম্পৰ্কীয় খুটি-নাটিৰ বিষয়টোত বিশেষভাৱে গুৰুত্ব দিয়ে আৰু চৰকাৰে সন্ত্রাসবাদ ৰুধিবলৈ দেশৰ স্বাৰ্থত গ্রহণ কৰিবলগা পদক্ষেপৰ প্রতি পূর্ণ সহযোগিতাৰ কথা ব্যক্ত কৰে। এই সভাত কেন্দ্ৰীয় চৰকাৰে পেহেলগামত নিৰাপত্তাজনিত আসোঁৱাহ থকাৰ কথা স্বীকাৰ কৰে। আচলতে স্থানীয় প্রশাসনে পেহেলগামৰ উক্ত এলেকা পৰ্যটকৰ বাবে মুকলি কৰাৰ কথা কেন্দ্ৰীয় চৰকাৰক অৱগত কৰা নাছিল। বাইছৰন নামৰ সেই ঠাইলৈ যাত্ৰীৰ প্ৰৱেশৰ অনুমতি সাধাৰণতে জুনৰ অমৰনাথ যাত্ৰাৰ পিচতহে প্ৰদান কৰা হয়। তেনেস্থলত সুৰক্ষা বাহিনীক অৱগত নকৰাকৈ উক্ত এলেকা পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল।
এই সভাৰ পিচতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কাইলৈ পেহেলগাম ভ্ৰমণ কৰিব বুলি উল্লেখ কৰে। জম্মু-কাশ্মীৰৰ পৰ্যটকৰ বিশেষ আকর্ষণস্থলী পেহেলগামৰ শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কংগ্রেছ নেতাগৰাকীয়ে এই ভ্রমণ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা সদৰী কৰিছে। আজি পুৱাৰ ভাগত গৃহ মন্ত্রী অমিত শ্বাহ আৰু বিদেশ মন্ত্রী এছ জয়শংকৰে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুক সাক্ষাৎ কৰি পেহেলগামৰ ঘটনাৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰায়।