এইবাৰৰ ইউপিএছচি শীর্ষস্থানপ্ৰাপ্ত শক্তি ডুবে আৰু প্ৰাক্তন আই পি এছৰ বিষয়া যশোবৰ্ধন ঝা আজাদে
আৱাজ দ্য ভইচ অসম ব্যুৰ'
প্ৰয়াগৰাজৰ মেধাৱী ছাত্ৰী শক্তি ডুবেই শেহতীয়াকৈ ইউ পি এছ চিৰ অসামৰিক সেৱা পৰীক্ষা ২০২৪ত দেশৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছে। শক্তি ডুবেৰ অধ্যাৱসায় আৰু কঠোৰ পৰিশ্ৰম দেশৰ যুৱ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ প্ৰতীক হৈ পৰাৰ সময়তে এগৰাকী প্ৰাক্তন আই পি এছ বিষয়াই ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।
ৰাজনীতি বিজ্ঞান আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক (Political Science and International Relations)ক ঐচ্ছিক বিষয় হিচাপে লৈ পৰীক্ষাত অৱতীৰ্ণ হোৱা শক্তি ডুবেই ইউ পি এছ চিৰ অসামৰিক সেৱা পৰীক্ষাত শীৰ্ষস্থান লাভ কৰিবলৈ ছয় বছৰত মুঠ পাঁচবাৰ প্ৰচেষ্টা চলাইছিল। এগৰাকী প্ৰতিভাৱান যুৱতীয়ে অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ জীৱনৰ মূল্যবান ৬ বছৰ ব্যয় কৰাক লৈ ছ’চিয়েল মিডিয়াত উদ্বেগ প্ৰকাশ কৰিছে প্ৰাক্তন আই পি এছৰ বিষয়া যশোবৰ্ধন ঝা আজাদে (IPS officer Yashovardhan Jha Azad)।
'ইউ পি এছ চিৰ ফলাফলত প্ৰথম স্থান লাভ কৰা শক্তি ডুবেক অভিনন্দন জনাইছো। কিন্তু ৫টা প্ৰচেষ্টাৰ অৰ্থ হ'ল ৬ বছৰৰ কষ্ট আৰু তেওঁৰ যুৱ বয়সৰ শ্ৰেষ্ঠ বছৰবোৰ প্ৰশিক্ষণ গ্ৰহণতে পাৰ হ'ল। আমাৰ পৰীক্ষা আৰু সাক্ষাৎকাৰৰ ব্যৱস্থা সলনি হ'ব লাগে। এই সকলোবোৰ সাধাৰণ জ্ঞানৰ সৈতে আমাক নেতৃত্ব, মেৰুদণ্ড, সততা আৰু দায়বদ্ধতাৰ প্ৰয়োজন।
বয়সৰ সীমা ২৫ বছৰৰ সৈতে মাত্ৰ ২টা সুযোগ দিয়াটোৱেই উত্তম।’- শীৰ্ষ অসামৰিক সেৱা সংস্থাসমূহক টেগ কৰি এক্সত এইদৰে লিখিছে আজাদে।
তেওঁ লগতে কয়, “ইউ পি এছ চিৰ প্ৰতি এই আকৰ্ষণে দেশৰ বিশাল ক্ষতিসাধন কৰিছে, যুৱক-যুৱতীসকলক ৫ৰ পৰা ৬ বছৰলৈ ভুলকৈ ব্যস্ত ৰাখিছে। কোচিং ইনষ্টিটিউট আৰু বেংকবোৰ লাভান্বিত হৈছে।” প্ৰাক্তন আইপিএছ বিষয়াগৰাকীৰ এই পোষ্টটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইণ্টাৰনেটৰ এজন ব্যৱহাৰকাৰীয়ে উত্তৰ দিছে, “প্ৰতিটো ক্ষেত্ৰতে সফল হ’বলৈ সময় আৰু ধনৰ প্ৰয়োজন হয়। পিছপৰা পৰিয়ালৰ কোনোবা সন্তানে হয়তো সাংসদ নহ’বও পাৰে, কিন্তু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা তেওঁ উচ্চ পদস্থ চৰকাৰী কৰ্মচাৰী হ’ব পাৰে।"
আন এজনে কয়, “যদি অভিজাত শ্ৰেণীৰ লোকসকলে ইচ্ছা কৰা মতে বয়সৰ সীমা আৰোপ কৰা হয়, তেন্তে ই দুখীয়াসকলক আটাইতকৈ বেছি ক্ষতি কৰিব।”
তৃতীয়জন মন্তব্যকাৰীয়ে কয়, “অধিক প্ৰচেষ্টাৰৰ বলত কোনে শীৰ্ষস্থান লাভ কৰে? প্ৰশিক্ষণ লোৱাসকল। কিন্তু প্ৰাৰ্থীজনক সফল হ’বলৈ সঠিক দিশ-নিৰ্দেশনাৰ প্ৰয়োজন হয়, যিটো বৰ্তমানৰ পাঠ্যক্ৰম আৰু প্ৰশিক্ষণে নিদিবও পাৰে।”
12th ফেইল ছবিখনৰ এক দৃশ্য
উল্লেখ্য যে, বিতৰ্কৰ মাজতো শক্তি ডুবেৰ কাহিনীয়ে অজস্ৰজনক প্ৰেৰণা যোগাইছে। ইউপিএছচিৰ তথ্য অনুসৰি, উত্তীৰ্ণ হোৱা মুঠ ১০০৯ জন প্ৰাৰ্থীৰ ভিতৰত সাধাৰণ শ্ৰেণী ৩৩৫ গৰাকী, ইডব্লিউএছৰ ১০৯গৰাকী, অ’বিচিৰ ৩১৮গৰাকী, এছচিৰ ১৬০গৰাকী, আৰু এছটিৰ ৮৭গৰাকী প্ৰতিনিধি আছে। বৰ্তমান মুঠ ২৪১ জন প্ৰাৰ্থী অস্থায়ী তালিকাত আছে আৰু এটা ফলাফল এতিয়াও বাকী আছে।
উল্লেখ্য যে, ২০২৪ চনৰ ইউ পি এছ চি প্ৰক্ৰিয়াৰ অন্তিম পৰ্যায় অৰ্থাৎ সাক্ষাৎকাৰ ৰাউণ্ড ২৮৪৫ গৰাকী প্ৰাৰ্থীৰ বাবে অনুষ্ঠিত হৈছিল আৰু এপ্ৰিল মাহত সমাপ্ত হৈছিল।
প্ৰথম অৱস্থাত আয়োগে ১০৫৬টা খালী পদ ঘোষণা কৰিছিল, পিছলৈ সমগ্ৰ ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ), ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ), আৰু অন্যান্য গ্ৰুপ এ আৰু বিৰ ১১৩২টা পদলৈ সম্প্ৰসাৰিত হৈছিল। প্ৰাৰ্থীসকলে upsc.gov.in ত সম্পূৰ্ণ ফলাফল আৰু আহিবলগীয়া তথ্যসমূহ লাভ কৰিব পাৰিব। ১৫ দিনৰ ভিতৰত ৱেবছাইটত নম্বৰসমূহ প্ৰকাশ কৰা হ'ব।