ভাৰত বনাম পাকিস্তানঃ সামৰিক ক্ষেত্ৰত কোন অধিক শক্তিশালী ?

Story by  atv | Posted by  [email protected] • 5 h ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
মালিক আছঘৰ হাচমী / নতুন দিল্লী

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক উত্তেজনা পুনৰ তুংগত উঠিছে। সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনাত ২৬ জন নিৰীহ লোকৰ মৃত্যুৰ পিছত ভাৰতে এই ঘটনাৰ আঁৰত পাকিস্তান পৰোক্ষভাৱে জড়িত বুলি অভিযোগ উত্থাপন কৰি ভিছা বাতিল, সীমান্ত বন্ধ কৰা, সিন্ধু জল সন্ধি স্থগিত কৰাকে ধৰি কেইবাটাও কঠোৰ কূটনৈতিক ব্যৱস্থা গ্ৰহণ কৰিছে।
 
ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানেও ভাৰতৰ বিৰুদ্ধে বাণিজ্য আৰু বিমান নিষেধাজ্ঞাৰ কথা ঘোষণা কৰিছে। এই সংঘাতৰ মাজতে উত্থাপিত হোৱা আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল-ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক ক্ষমতাত কোন আগবাঢ়ি আছে? বিভিন্ন দিশৰ পৰা দুয়োখন দেশৰ তুলনা কৰাটো এই সময়ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। 
 
জনসংখ্যা আৰু মানৱ সম্পদঃ
 
ভাৰতৰ জনসংখ্যা ১.৪ বিলিয়ন হোৱাৰ বিপৰীতে পাকিস্তানৰ জনসংখ্যা মাত্ৰ ২৪ কোটি। ভাৰতৰ সামৰিক সেৱাৰ বাবে উপলব্ধ জনসংখ্যা হৈছে ৬.৫ কোটি। একেদৰে, পাকিস্তানী সামৰিক সেৱাৰ বাবে উপলব্ধ জনসংখ্যা হৈছে এক কোটি। এই পৰিসংখ্যাই দেখুৱাইছে যে মানৱ সম্পদৰ ক্ষেত্ৰত ভাৰত পাকিস্তানৰ তুলনাত বহুগুণ আগবাঢ়ি আছে।
 
পাকিস্তান সেনাৰ কচৰত
 
প্ৰতিৰক্ষা বাজেট আৰু অৰ্থনৈতিক শক্তিঃ
 
ভাৰতৰ প্ৰতিৰক্ষা বাজেট (২০২৩-২৪) ৭৩.৮ বিলিয়ন ডলাৰ (মুঠ বাজেটৰ ১৩%) আৰু পাকিস্তানৰ প্ৰতিৰক্ষা বাজেট (২০২৩-২৪) হৈছে ৬.৩৪ বিলিয়ন ডলাৰ। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত বিনিয়োগ কৰাৰ সম্ভাৱনা বহুত বেছি। ভাৰতে প্ৰতিৰক্ষা উৎপাদনতো আত্মনিৰ্ভৰশীলতাৰ দিশত আগবাঢ়িছে।
 
সক্ৰিয় সৈন্য আৰু সংৰক্ষিত বাহিনীঃ
 
ভাৰতৰ সক্ৰিয় জোৱানৰ সংখ্যা হৈছে ১৪.৪ লাখ; সংৰক্ষিত জোৱান ১১.৫ লাখ; অৰ্ধসামৰিক বাহিনী ২৫ লাখ। ইয়াৰ বিপৰীতে, পাকিস্তানৰ সক্ৰিয় সৈনিক ৬.৫ লাখ; সংৰক্ষিত বাহিনী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান আনুমানিক ১০ লাখতকৈও কম। ভাৰতীয় সেনা বিশ্বৰ দ্বিতীয় বৃহত্তম সেনাবাহিনী।
 
স্থল যুদ্ধৰ ক্ষমতাঃ
 
ভাৰতৰ সৈতে আছে অৰ্জুন টেংক, টি-৯০ ভীষ্ম, পিনাকা ৰকেট চিষ্টেম, ব্ৰহ্মছ মিছাইল, ধনুশ হাউইটজাৰ আদিৰ দৰে উন্নত থলুৱা অস্ত্ৰ। ইফালে, পাকিস্তানৰ হাতত আছে আল-খালিদ টেংক, চীন আৰু পশ্চিমীয়া অস্ত্ৰ আদি। অৱশ্যে, চীনৰ পৰা পাকিস্তানে কাৰিকৰী সাহায্য লাভ কৰি আছে।
 
সন্ত্ৰাসবাদীৰ সন্ধানত ভাৰতীয় সেনাৰ অভিযান, কাশ্মীৰত
 
বায়ুসেনাৰ শক্তিঃ
 
ভাৰতৰ মুঠ বিমান: ২,২২৯খন; যুঁজাৰু বিমান: ৬০০+; হেলিকপ্টাৰ: ৮৯৯; ৰাফেল, সুখয়-৩০ এম কে আই, মিৰাজ-২০০০, মিগ-২৯, আৰু তেজছৰ দৰে অত্যাধুনিক বিমান আছে। ইয়াৰ বিপৰীতে পাকিস্তানৰ মুঠ বিমান: ১,৪৭০খন; যুদ্ধ বিমান: ৪৭৯; জে এফ-১৭ থাণ্ডাৰ, এফ-১৬ ফাইটিং ফেলকন, মিৰাজ-৫, চাইনিজ এফ-৭ আদি। আধুনিক প্ৰযুক্তি আৰু সংখ্যাগত শক্তিৰ ক্ষেত্ৰত ভাৰতীয় বায়ুসেনা পাকিস্তানতকৈ আগত আছে।
 
নৌসেনাৰ শক্তিঃ 
 
ভাৰতৰ নৌসেনাৰ জাহাজ: ১৩০+; বিমানবাহী জাহাজঃ ২ (আইএনএছ বিক্ৰমাদিত্য, আইএনএছ বিক্ৰান্ত); ছাবমেৰিন: ১৮খন, নৌসেনাৰ জোৱান: ৬৭,০০০। একেদৰে, পাকিস্তানৰ নৌসেনাৰ জাহাজ: ৭৫+; ছাবমেৰিন: ১৩; বিমানবাহী জাহাজ: নাই; নৌসেনাৰ জোৱান: ২৫ হাজাৰ। 
 
ভাৰতীয় নৌসেনাৰ  যুদ্ধজাহাজ
 
উল্লেখ্য যে, ভাৰতীয় স্থলসেনা, বায়ুসেনা, নৌসেনা, বাজেট আৰু জনশক্তিৰ ক্ষেত্ৰত ভাৰত পাকিস্তানৰ তুলনাত বহুগুণে আগবাঢ়ি আছে। ভাৰতৰ সামৰিক বাহিনী অধিক সংগঠিত হোৱাৰ লগতে ই প্ৰযুক্তিগত দিশতো অধিক উন্নত। পাকিস্তানৰ শক্তি সীমিত সম্পদ আৰু বাহ্যিক সহায়ৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।
 
কিন্তু যিহেতু দুয়োখন দেশৰ হাতত পাৰমাণৱিক অস্ত্ৰ আছে, গতিকে যুদ্ধৰ ক্ষেত্ৰত দুয়োখন দেশ লোকচানৰ সন্মুখীন হ’ব। গতিকে, সামৰিক শক্তিৰ তুলনা কৰাতকৈ শান্তি আৰু কূটনীতিৰ পথ বিচাৰি উলিওৱাটোৱেই অধিক গুৰুত্বপূৰ্ণ।